ভাৰতবৰ্ষলৈ এতিয়া দেশ স্বাধীন হোৱাৰ আগৰ পৰিবেশ ঘূৰি অহা নাইনে? দেশ স্বাধীন হোৱাৰ আগৰ পৰিবেশটো কি আছিল? আমি ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম আৰু ভাৰতীয় জাতীয়তাবাদী আন্দোলনৰ আৰম্ভণি বুলি কওঁ।তাৰ প্ৰায় ১০০ বছৰৰ পিছত, ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰিছিল। স্বাধীনতা লাভ কৰাৰ ঠিক আগৰ গুৰুত্বপূৰ্ণ ঘটনা কেইটা আছিল ১৯২০চনৰ অসহযোগ আন্দোলন, ১৯৩০ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২চনৰ ভাৰত ত্যাগ আন্দোলন।
ভাৰত ত্যাগ আন্দোলনৰ যোগেদিয়ে ভাৰতে স্বাধীনতা লাভ কৰিছিল।মানে তিনিটা উত্তাল দশক।এতিয়া আমাৰ দেশৰ পৰিস্থিতি কেনে? ভাৰতৰ ক’ত কি আন্দোলন হৈ আছে সেই কথা আমি দেখিছোঁ। সৰ্বভাৰতীয় পৰ্যায়ত যোৱা সময়ছোৱাৰ দুটা গুৰুত্বপূৰ্ণ আন্দোলন আছিল ‘কা আন্দোলন’ আৰু ‘কৃষক আন্দোলন’ বিভিন্ন ৰাজ্যৰ স্থানীয় আন্দোলনবোৰৰ কথা বাদ দি। আমাৰ ওচৰৰে মণিপুৰত কি হৈ আছে সেইটোও আমি দেখিছোঁ।
কিন্তু অসমত এতিয়া কি চলি আছে? অসমত সকলো সময়তে আমি এতিয়া ‘বিকাশ’ৰ ভয়ত সন্ত্ৰস্তহৈ থাকিবলগীয়া হৈছে।চৰকাৰে কি কৰি আছে? তেওঁলোকে এফালে পৰিচয় কেন্দ্ৰীক ৰাজনীতি কৰে। তেওঁলোকে মুখত, জাতি মাটি ভেটিৰ কথা কয়? মানে বাংলাদেশীৰ ভয় দেখুৱায়।আনফালে খিলঞ্জীয়া ভূমিপুত্ৰ সকলক তেওঁলোকৰ মাটি আৰু ভেটিৰ পৰা উচ্ছেদ কৰি তেওঁলোকৰ পৰিচয় মানে জাতিৰ চিন নোহোৱা কৰিব বিচাৰে।উদাহৰণ বহু আছে।
মই মাত্ৰ তিনিটা উদাহৰণ দিব বিচাৰিছোঁ।শিলসাঁকো,কাৰ্বি আংলঙ, আৰু বৰ দুৱাৰ।শিলসাকোঁ, কাৰ্বি আংলঙ আৰু বৰ দুৱাৰ বাগানৰ মানুহবোৰ কোন? তেওঁলোক খাচ অসমীয়া আৰু ভূমিপুত্ৰ নহয়নে? ক’ৰবাত পানীৰ খাদ, ক’ৰবাত সৌৰ শক্তি পাৰ্ক আৰু ক’ৰবাত উপগ্ৰহ চহৰ-মানে বিকাশ, হিমন্তৰ উৎকত চিঞৰৰ বিকাশ বিকাশ আৰু বিকাশ। কোনে কাৰ কাৰণে এই বিকাশ বিচাৰিছে? এই বিকাশত স্থানীয় লোক সকলৰ/ ভূমিপুত্ৰ সকলৰ কিবা হক আছেনে? হিমন্তবিশ্বৰ চৰকাৰে তেওঁলোকৰ মতামত লৈছেনে? শিলসাঁকোত গায়ত্ৰী বড়ীহঁতে, কাৰ্বি আংলঙত কাথাৰ চাহাবহঁতে বা বৰ দুৱাৰত গোবিন্দ ৰাভা, আদিত্য ৰাভাহঁতে কিয় আন্দোলন কৰি আছে? কিয় তেওঁলেকে হিমন্তবিশ্বৰ বিকাশৰ বিৰোধিতা কৰিছে? এই বিকাশ তেওঁলোকৰ স্বাৰ্থত নহয় কাৰণেই তেওঁলোকে তাৰ বিৰোধিতা কৰিছে।এই বিকাশ হিমন্তবিশ্বৰ বণিয়াৰ স্বাৰ্থত।এই বিকাশে তেওঁলোকৰ মাটি নিব, ভেটি নিব আৰু জাতি নিব, মানে তেওঁলোকক পৰিচয়হীন কৰি পেলাব।গুৱাহাটীতে মোৰ সতীৰ্থ কল্পজ্যোতিয়ে কোৱা বিকাশৰ বানপানী চাওকচোন।হিমন্তবিশ্বৰ জেদ ফ্লাই অভাৰ নিৰ্মাণ কৰিহে এৰিব, দীঘলী পুখুৰী, ৰবীন্দ্ৰ ভৱনৰ গছ কাটিবই কাটিব।এইবোৰ কৰিবলৈ হিমন্তৰ চৰকাৰে গুৱাহাটীৰ মানুহক সুধিছিলানে? তাৰমানে গুৱাহীটীত কি হ’ব গুৱাহাটীত যুগ যুগৰ পৰা থকা মানুহৰ তাত কোনো হক নাই।
আচলতে এই বিকাশৰ লগত সাধাৰণ মানুহৰ কোনো লেনদেন নাই। গুৱাহাটীৰ শিলসাঁকোত নন্দন সৰোৱৰ কৰে, কাৰ্বি আংলঙত সৌৰ শক্তি উদ্যান কৰে আৰু বৰ দুৱাৰত উপগ্ৰহ নগৰ কৰে। কি সুন্দৰ সুন্দৰ নাম।এইবোৰৰ দ্বাৰা মূলতঃ কোন উপকৃত হ’ব? আম্বানী, আদানী, কোনোবা জয় শ্বাহৰ নামো আমি শুনিছোঁ। তেওঁলোক হিমন্তবিশ্বৰ চৰকাৰৰ হীয়াৰ আমঠু।চৰকাৰখন প্ৰকৃততে তেওঁলোকৰহে। আমি লহৰু পহৰু সাধাৰণ মানুহ ভোটটোৰহে লায়ক। আমাৰ মুখৰ আগত হিমন্তবিশ্বহঁতে আঁচনিৰ টোপ নচুৱাই দিয়ে। আমি টোপ গিলি তেওঁলোকক চৰকাৰ পাতোঁ। কিন্তু ৰাইজৰ কিছু সংখ্যকে অন্ততঃ এই আঁচনিৰ টোপৰ মৰণ-ফান্দটো বুজি উঠিছে।
মই শিলসাঁকো আৰু কাৰ্বি আংলঙৰ ৰাইজৰ আন্দোলন দূৰৈৰ পৰা দেখিছোঁ। কিন্তু বৰ দুৱাৰৰ আন্দোলনত এদিন হ’লেও অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা হ’ল। গতিকে বৰ দুৱাৰ আন্দোলনৰ বিষয়ে অংশগ্ৰণকাৰী পৰ্যবেক্ষকৰ দৃষ্টিৰে দুষাৰমান ক’ব পৰা হৈছোঁ।সেইদিনা আছিল ২৯ মে।বৰ দুৱাৰ বাগনৰ ওচৰে পাজৰে থকা হাজাৰ/ পোন্ধৰশ লোকৰ এখন প্ৰতিবাদী সভা।সেইদিনা গোটেই দিনটো বৰষুণ দি আছিল।মোৰ সতীৰ্থ দুজনৰ সৈতে মই সেইখিনি পাওঁ মানে দুপৰীয়া ১২ বাজিছিল। কিন্তু তাত তাৰ আগৰে পৰা মানে ১০ঃ৩০ মান বজাৰ পৰা মানুহ গোট খাইছিল। মৈ গৈ তাত যিমান মানুহ দেখা পাইছিলোঁ সভা শেষ হোৱাৰ সময়তো তাত সিমানেই মানুহ আছিল।তাৰ বেছিভাগেই আছিল মহিলা।তেওঁলোকে বৰষুণত ছাতিলৈ শৰীৰৰ আধালৈ তিতি সভা শুনি আছিল।সেইদিনা আদিত্য ৰাভাৰ বক্তৃতা শুনি মই তবধ মানিছিলোঁ।তেওঁ একেবাৰে শেষৰ ফালে বক্তৃতা দিছিল। তেতিয়াও বৰষুণ দি আছিল।তেওঁ বৰষুণ পৰি থকা সত্বেও উপস্থিত ৰাইজক, বিশেষকৈ মহিলা সকলক তেওঁলোকৰ ছাতিবোৰ জপাই থৈ বক্তৃতা শুনিবলৈ আহ্বান জনাইছিল।তেওঁ নিজেও মাইকটো হাতত লৈ বৰষুণত তিতি ৰাইজৰ মাজলৈ গৈ বক্তৃতা দিবলৈ আৰম্ভ কৰিছিল।তেওঁৰ বক্তৃতাত শ্লীলৰ লগতে কেতিয়ানো অশ্লীল শব্দ সোমাই পৰিছিল মই তৰকিবই পৰা নাছিলোঁ।কিন্তু কোনেও তাত কোনো অশ্লীলৰ গোন্ধ পোৱা নাছিল।সকলো সামাজিকভাবে সিদ্ধ আছিল।কেৱল সি তেওঁৰ বক্তব্যৰ জোৰহে বঢ়াইছিল।সকলোৱে কথাটো সহজভাবেই লৈছিল।তেওঁৰ বক্তৃতাটো এটা প্ৰতিবাদী বক্তৃতাই আছিল নে কিবা এটা পৰিবেশ্য লোককলাই আছিল মোৰ সন্দেহ হৈছিল।গীত এটাৰ শীৰ্ষবিন্দুত শ্ৰোতা সকলে যেনেকৈ গায়কৰ মুখে মুখে গীত ফাকি আওৰাই ঠিক তেনেদৰে আদিত্যৰ বক্তৃতাও যেন মাজে মাজে সেই পৰ্যায়লৈ গৈছিল। শ্ৰোতা আৰু বক্তাৰ মাজৰ ব্যৱধান যেন নোহোৱা হৈ গৈছিল।যেন শ্ৰোতা, বক্তা একাকাৰহৈ গৈছিল।সংগীতত যেনেকৈ কোনো কোনো মুহূৰ্তত আবেগে শীৰ্ষ বিন্দু চোৱেগৈ মাজে মাজে আদিত্যৰ বক্তৃতাইও তেনেদৰে শীৰ্ষাৰোহন কৰিছিল। আকৌ হঠাৎ তেওঁ তাক আবেগহীন বাস্তৱতালৈ নমাই আনিছিল। আদিত্যৰ বক্তৃতা শুনি মই বাকৰুদ্ধহৈ পৰিছিলোঁ।নেতা আৰু জনতা যদি এনেদৰে একহৈ যায়। সেই আন্দোলনৰ মৰণ নাই। চহৰৰ আলোচনাচক্ৰ ধৰ্মী প্ৰতিবাদৰ তুলনাত এই প্ৰতিবাদ কিমান বেলেগ! ঠিক তেনেদৰে দীঘলী পুখুৰীৰ আন্দোলন দেখি যে প্ৰথমে হিমন্তবিশ্বই ভয় খাইছিল তাতো কিবা এটা আছিল। বোধহয় তাৰ মূল উৎসাহটো/ প্ৰেৰণাটো যুৱক যুৱতী সকলৰ পৰা আহিছিল! নিজৰ লক্ষ্যত উপনীত নোহোৱালৈকে আন্দোলন জীয়াই ৰাখিব পৰাটোহে আচল কথা। বোধহয় আন্দোলন এটা চলাই নিয়াৰ ক্ষেত্ৰতো আমি চিৰাচিৰত পথৰ সলনি নতুন নতুন সম্পৰীক্ষা, নতুন নতুন পথৰ অনুসন্ধান কৰিব লাগিব।কিয়নো আমি প্ৰতিবাদক প্ৰতিৰোধলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে সকলো অথলে যাব। আচৰিত কথা বৃটিছ বাহিৰৰ আছিল।কিন্তু আজি স্বদেশী চৰকাৰৰ দিনতে ৰাইজৰ এই বিলাই বিপত্তি হৈছে। ৰাইজে এনেকৈ আন্দোলন কৰিব লগা হৈছে।