• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেনে আছে ভায়ামামা কৌতুক গোষ্ঠীৰ শিল্পীৰ পৰিয়াল?

গোৱালপাৰাৰ ওপৰতোলা গাঁৱৰ "ভায়া দা" হিচাপে খ্যাত ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীৰ পৰিয়ালত হাহাঁকাৰ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
June 18, 2020 6:47 am
index
3.2k
VIEWS
Share on FacebookShare on Twitter

আশী আৰু নব্বৈৰ দশকৰ কথা সেই সময়ত ভায়ামামা বুলি ক’লে হয়তো নজনা মানুহ নাছিলে৷

কমেডি জগতৰ “ভায়ামামা” কৌতুক গোষ্ঠীৰ  হয়তো অসমৰ সৰ্ব প্ৰথম কৌতুক গোষ্ঠী, ভায়ামামা কৌতুক গোষ্ঠীৰ শিল্পী সকলোৰ অভিনয়ে নহঁহা জনকো হহুৱাবলৈ সক্ষম হৈছিল৷সকলোকে হহুৱাই হহুৱাই এই সংসাৰৰ পৰা বিদায় লোৱা  ভায়া মামাৰ “ভায়া দা”খ্যাত  ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীৰ পৰিয়ালত এতিয়া হাহাঁকাৰ৷

তীব্ৰ আৰ্থিক সংকটত অভিনয় শিল্পীৰ পৰিয়ালৰ সদস্যই এতিয়া চকুৰপানীৰে বাট নেদেখা অৱস্থা৷ চৰকাৰী আঁচনি আৰু সাহায্যৰ পৰাও বঞ্চিত অভিনেতাৰ পৰিয়াল৷ ঘৰতে ক্ষুদ্ৰ দোকান দি কোনোমতে জীৱনটো চলাইছে পৰুষহীন পৰিয়ালৰ সদস্যাই৷

 আপোনালোকৰ নিশ্চয় মনত আছে! যি কৌতুক গোষ্ঠীয়ে সমগ্ৰ ৰাজ্যৰ শ্ৰোতা দৰ্শকক হাঁহিৰ খোৰাক যোগাই অহাৰ লগতে বলিষ্ঠ অভিনয় আগবঢ়াই প্ৰখ্যাত হৈ পৰিছে বহু অভিনয় শিল্পীয়ে৷

তাৰ উদাহৰণ গোৱালপাৰাৰ গৌৰৱ বলিউদৰ প্ৰখ্যাত অভিনেতা ‘আদিল হুছেইন’৷ কিন্তু সেই সময়চোৱাত বলিষ্ঠ অভিনয়ৰে কমেডী জগতত খলকনি তোলা অভিনয় শিল্পীৰ পৰিয়াল বৰ্তমান কেনে আছে?

১৯৯৯ চনত এক কৰুণ দুৰ্ঘটনাত নিহত হোৱা ভায়ামামা কৌতুক গোষ্ঠীৰ শিল্পীৰ পৰিয়ালৰ খবৰ নাই অসম চৰকাৰ তথা সাংস্কৃতিক বিভাগৰ।

গোৱালপাৰা জিলা কৃষ্ণাইৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ মান আঁতৰৰ ভিতৰুৱা গাঁও “ওপৰতোলাত” জন্ম হৈছিল ভায়ামামাৰ বলিষ্ঠ অভিনেতা ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীৰ৷

অসমৰ ইতিহাসৰ প্ৰথম কমেডিয়ান গোষ্ঠী “ভায়ামামাৰ”এক বলিষ্ঠ চৰিত্ৰত অভিনয় কৰিছিল তেওঁ৷ ভায়ামামা কৌতুক গোষ্ঠীৰ প্ৰথম বাণিজ্যিক ভি,ডি,অ কেচেট  ভায়ামামাৰ বিহু, ভায়ামামাৰ ৰামায়ণ, ভায়ামামাৰ মহাভাৰত আদিৰ বিভিন্ন কমেডী চৰিত্ৰত অভিনয় কৰি দৰ্শকক হাঁহিৰ খোৰাক জগাইছিল তেওঁ৷

আনকি সেই সময়ত গোৱালপাৰাৰ গৌৰৱ বলিউদৰ বৰ্তমানৰ প্ৰখ্যাত অভিনেতা আদিল হুছেইনো অভিনয় কৰিছিল সেই ভায়ামামা কৌতুক গোষ্ঠীত৷শ্ৰোতা-দৰ্শক হঁহুৱাই থকা সেই গৰাকী কৌতুক অভিনেতা ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীৰ পৰিয়ালৰ দুৰৱস্থা দেখিলে আজি সকলোৱে কান্দিব৷

ঘৰ বুলিবলৈ ক্ষুদ্ৰ ক্ষুদ্ৰ দুটা জৰাজীৰ্ণ জুপুৰি৷ লাভ কৰা নাই কোনো চৰকাৰী আঁচনিৰ সাহায্য৷ বৰ্তমানলৈ নাই ৰেচন কাৰ্ড৷ ইমানে দূৰ্ভগীয়া যে  ল’কডাউনৰ সময়ত চৰকাৰৰ দিয়া এহেজাৰ টকাৰ পৰাও বঞ্চিত হৈছে পৰিয়ালটো৷

কোনো পৰুষ সদস্য নথকা পৰিয়ালটোত আছে প্ৰয়াত শিল্পী গৰাকীৰ বৃদ্ধ মাতৃৰ লগতে তেওঁৰ তিনি গৰাকী ভগ্নী৷ বৃদ্ধ মাতৃৰ চিকিৎসাৰ বাবেও সময়ে সময়ে বিপদত পৰে তেওঁলোক৷

শিল্পী গৰাকীৰ মৃত্যুৰ পিছত পত্নীয়েও পতি গৃহ এৰি যোৱাৰ পিছত দুই ভগ্নীৰ সামান্য উপাৰ্জনৰে কোনোমতে চলি আছেপৰিয়ালটো৷

এগৰাকী ভগ্নীয়ে ঘৰতে এখন ক্ষুদ্ৰ দোকান দিয়াৰ লগতে এগৰাকী ভগ্নীয়ে এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি কোনো মতে চলাই আছে পৰিয়ালটো৷

কিন্তু অসহায় পৰিয়ালটোৰ কাষত থিয় দিবনে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে? সেয়ে চৰকাৰৰ সহযোগ কামনা কৰিছে এতিয়া পৰিয়ালৰ লোকে ৷

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd