NORTHEAST NOW (Assamese)

গাৰু লৈ শুৱে নেকি? এটা গাৰু কিমান দিনলৈকে ব্যৱহাৰ কৰা উচিত

April 25, 2023 3:14 pm · এন ই নাও নিউজ, গুৱাহাটী

আপুনি নিশা শোওতে গাৰু ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে আজিয়েই এৰি দিয়ক এই অভ্যাস। কাৰণ গাৰু লৈ শুৱাটোৱে কুপ্ৰভাৱ পেলাব পাৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত।

টোপনি আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। এজন ব্যক্তিয়ে টোপনি যোৱাৰ পিছত নিজৰ শৰীৰত সতেজতা অনুভৱ কৰে। আৰু টোপনি যাবলৈ সকলোকে লাগে এটা গাৰু।

আজিৰ যুগত ঘৰ সজ্জাৰ ক্ষেত্ৰত বিভিন্ন আকাৰৰ গাৰুৰ বহুলভাবে ব্যৱহাৰ হয়। কিন্তু গাৰুৰ আচল ব্যৱহাৰ হ’ল ডিঙি আৰু কঁকালক সকাহ দিয়া। শুই থকাৰ সময়ত আয়তাকাৰ গাৰু ব্যৱহাৰ কৰি শুই বহুতেই ভাল পায়। কিছুমান মানুহে বৰ্গাকাৰ গাৰু এটা লৈ চোফা চেটত বহি থাকে, ই কঁকালত সকাহ দিয়াৰ কাম কৰে।

গাৰুৰ কি কি অসুবিধা আছে জানি লওক

গাৰু প্ৰতিজন মানুহৰ জীৱনৰ এটা অংশ। কিন্তু আজি আমি আপোনালোকক কম গাৰু দ্বাৰা হোৱা ক্ষতিৰ বিষয়ে।

যদি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে ভাগৰুৱা অনুভৱ হয়, তেন্তে ইয়াৰ মূল কাৰণ হ’ল গাৰু। নিম্ন মানদণ্ডৰ গাৰুত শুলে ডিঙিৰ পেশীত বিষ হ’ব পাৰে। ডাঠ গাৰুত শুলেও ডিঙিত জঠৰতা আৰু বিষ হ’ব পাৰে। যদি গাৰু লৈ শোৱাৰ অভ্যাস আছে, তেন্তে ইয়াৰ ফলত ডিঙিৰ লগতে পিঠিতো বিষ হ’ব পাৰে। বয়স বৃদ্ধিৰ লগে লগে এই বিষ বাঢ়ি যায়।

আমি কি ধৰণৰ গাৰু ব্যৱহাৰ কৰিব লাগে?

আমি শোৱা গাৰুটো সদায় পাতল আৰু আয়তাকাৰ আকৃতিৰ হ’ব লাগে। যদি আপোনাৰ গাৰুটোত গাঁঠি আছে তেন্তে লগে লগে সেই গাৰুটো এৰি দিয়ক।

গাৰু বেয়া হ’বলৈ আৰম্ভ কৰাৰ লগে লগে পেলাই দিব লাগে বা সলনি কৰিব লাগে।

এটা গাৰু কিমান দিনলৈকে ব্যৱহাৰ কৰিব?

যদিও গাৰু ব্যৱহাৰৰ কোনো সময়সীমা নাই, কিন্তু যদি আপোনাৰ গাৰুটো পুৰণি হৈ গৈছে আৰু ইয়াৰ আকৃতি বেয়া হৈ গৈছে, তেন্তে তৎক্ষণাত পেলাই দিব লাগে বা সলনি কৰিব লাগে।

আপোনালোকক কওঁ যে এটা গাৰুৰ স্বাভাৱিক আয়ুস ১৮ৰ পৰা ২৪ মাহ। আপুনি লক্ষ্য কৰিব যে কেইমাহমানৰ পিছত গাৰুটো বেয়া হ’বলৈ আৰম্ভ কৰে। সেইবাবেই ইয়াক সৰ্বাধিক ২ বছৰহে ব্যৱহাৰ কৰিব লাগে।

Related News