ল’কডাউনত অসমৰ কিমান লোক বাহিৰত আৱদ্ধ হৈ আছে? সংবাদমেলত আভাস দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

চীনৰ পৰা অহা কিটৰ বিতৰ্ক সন্দৰ্ভত কি ক’লে মন্ত্ৰীগৰাকীয়ে?

b59a6301-ba58-4166-a190-9bb775bd403a

ল’কডাউনৰ ফলত অসমৰ কিমান লোক বহিঃৰাজ্যলৈ গৈ হঠাতে আৱদ্ধ হ’বলগীয়া হ’ল বা কিমান লোকৰ পৰা ৰাজ্য চৰকাৰে কিমান মিছডকল লাভ কৰিলে তাৰ এক আভাস সংবাদমেলত দাঙি ধৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমে সম্বোধন কৰি বৰ্তমানলৈকে ৰাজ্য চৰকাৰে অসমৰ বাহিৰত আৱদ্ধ হৈ থকা লোকসকলৰ বাবে মুকলি কৰা মিছডকল সেৱাৰ তথ্য দাঙি ধৰি কয় ‘বৰ্তমালৈকে ৯ লাখ ২৯ হাজাৰ ৫৬৮ টা মিছডকল আহিছে। তাৰ ভিতৰত ৪,৩২,৪৮৩ টা কল অসমৰ বাহিৰৰ পৰা আহিছে। পৰিয়ালৰ মুৰব্বী হিচাপত এই লোকসকলক চিনাক্ত কৰা হৈছে।‘

এই লোকসকলৰ ভিতৰত ২,১৭,২২০ গৰাকী লোকে ফৰ্ম ফিল-আপ কৰি পঠিয়াইছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দি লগতে কয় ‘যিসকলে পঠিওৱা নাই সেইসকলে কাৰোবাৰ সহায় লৈ পঠিয়াই দিবলৈ আহ্বান জনাইছো।‘

অহা সপ্তাহৰ ভিতৰত ৫০ হাজাৰ লোকৰ একাউন্টলৈ আৰ্থিক সাহায্য পঠিওৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত সদৰী কৰে।

আৱদ্ধ হৈ থকা লোকসকলৰ মাজৰ কিমান সংখ্যক কোন ৰাজ্যত আৱদ্ধ হৈ আছে তাৰ এক আভাস দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘কৰ্ণাটকত ৬৬ হাজাৰ, কেৰেলাত ৩৪ হাজাৰ, তামিলনাডুত ৩৩ হাজাৰ, মহাৰাষ্ট্ৰত ২১ হাজাৰ, তেলেংগনাত ১৫ হাজাৰ, গোৱাত ৪৬০০, গুজৰাটত ৫,৬২০ গৰাকী, পশ্চিমবংগত ৪৫১২, হাৰিয়ানাত ৪৩০২ আৰু দিল্লীত ৩৭২৯ গৰাকী।‘

ইপিনে, এইসকলৰ কোন জিলাৰ পৰা কিমান লোক আদ্ধ হৈ আছে তাৰ এক আভাস দাঙি ধৰি তেওঁ কয় ‘নগাওঁ জিলাৰ ১৫ হাজাৰ, কাছাৰৰ ১৩ হাজাৰ, শোণিতপুৰৰ ১২ হাজাৰ, হাইলাকান্দিৰ ১১ হাজাৰ, লখিমপুৰ ১০ হাজাৰ, গোলাঘাট ৯ হাজাৰ, বৰপেটা ৯ হাজাৰ, হোজাই ৯ হাজাৰ, ওদালঘুৰি ৮৬০০ গৰাকী ।‘

এই লোকসকল এতিয়া অসমলৈ ঘূৰি আহিলে বহু কুৱাৰেন্টাইন কেম্পৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘এক বিস্তৃত কাম হাতত ল’ব লাগিব যদিহে ক’ৰ’নাৰ দ্বিতীয় ৱেভৰ পৰা ৰাজ্যখনক বচাবলগীয়া হয়। কিয়নো মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক ইত্যাদি ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণ অৱ্যাহত আছে।‘

মন্ত্ৰীগৰাকীৰ মতে ‘৪ লাখ মানুহ পৰিয়ালৰ সৈতে আহিলে ১৫ লাখ হ’ব। বিশাল সংখ্যা এটা অসমলৈ ঘূৰি আহিলে কেনে এটা পৰিবেশৰ মুখ্যা মুখি হ’ব পাৰে বা কেনে প্ৰত্যাহ্বানৰ আমি সন্মুখীন হ’ব লাগিব।‘

আনহাতে, কেইদিনমান ধৰি চলি থকা চীনৰ পৰা অহা ৫০ হাজাৰ কিটৰ বিতৰ্ক সন্দৰভত মুখ খুলি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় ‘চীনৰ পৰা ৫০ হাজাৰ কীট অসমলৈ অহাৰ পাছত বহু লোকে এটা বাতৰি উলিয়ালে যে ডিআৰডিঅ’ত ভাৰতৰ মুঠ ৫০ হাজাৰ কিট ৰিজেক্ট হৈছে। ডিআৰডিঅ’ই অফিচিয়েলি কৈছে যে তেওঁলোকে তেনে কিট ৰিজেক্ট কৰা নাই। ডিআৰডিঅ’ই কেৱল টেষ্ট কৰা বুলিহে কৈছে।‘

‘টেষ্ট আৰু ৰিজেক্টৰ মাজত বহু পাৰ্থক্য আছে। ডাক্তৰ আৰু নাৰ্চৰ মাজত বৰ্তমান শংকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।‘ হিমন্তই এইদৰে কয়।

অৱশ্যে বৰ্তমানলৈকে চীনৰ পৰা অহা কিটখিনি ব্যবহৃত হোৱা নাই বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘গুৱাহাটী কোনো এক গুডামতে সেই কিটখিনি ৰখা হৈছে। যেতিয়া প্ৰয়োজন হ’ব তেতিয়া টেষ্ট কৰি কিটখিনি ব্যৱহাৰ কৰা হ’ব। প্ৰয়োজনত টেষ্টৰ বাবে ডিআৰডিঅ’ লেবলৈ পঠিওৱা হ’ব।‘

ইপিনে, ইণ্ডিয়া টু-ডেত  চীনৰ কোম্পানীটোক বিল পৰিশোধ কৰা বুলি যি বাতৰি প্ৰকাশ পাইছিল তাৰ কোনো ভিত্তি নাই বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ লগতে বৰ্তমানলৈকে কোনোধৰণৰ বিল পৰিশোধ কৰা হোৱা নাই বুলি তেওঁ কয়।

অৱশ্যে চীনৰ পৰা অহা কিটখিনি ৰাজ্য চৰকাৰৰ ফালৰ পৰা ডাক্তৰ নাৰ্ছক পৰিধান কৰিবলৈ হেঁচা নিদিওঁ বুলি হিমন্তই উল্লেখ কৰাৰ লগতে কয় ‘তেওঁলোকেও চাই চিতি পৰীক্ষা কৰি কিটখিনি পৰিধান কৰিব।‘

আনহাতে, অসমৰ বাহিৰত চিকিৎসাধীন হৈ থকা কেঞ্চাৰ, বৃক্ক, হাৰ্ট আদি ৰোগৰ ৰোগীসকলৰ ভিতৰত বৰ্তমানলৈকে ৭২৫ গৰাকীলৈ ৰাজ্য চৰকাৰে ২৫ হাজাৰ টকাকৈ বেংক একাউন্টত জমা কৰি দিয়া বুলি তেওঁ সদৰী কৰে।

অৱশ্যে বৰ্তমানলৈকে বিভিন্ন জিলাৰ উপায়ুক্তসকলে ২০৮ খন আবেদন বৰ্তমানো পৰীক্ষা কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

এতিয়াৰে পৰা চেম্পুল পৰীক্ষণৰ বাবে নাক আৰু ডিঙি উভয়ৰে পৰা চেম্পুল গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।