কেনেদৰে দেশৰ অৰ্থনীতি নষ্ট কৰিছে মোদী চৰকাৰে : সোমবাৰে ভিডিঅ’যোগে জনাব ৰাহুল গান্ধীয়ে

সোমবাৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ৰ জৰিয়তে দেশৰ অৰ্থনৈতিক ব্যৱস্থা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিব।

ভিডিঅ’টোৰ জৰিয়তে অৰ্থনীতিৰ বিভিন্ন দিশ সম্পৰ্কে মন্তব্য প্ৰদান কৰিব বুলি আজি টুইটাৰযোগে জনাইছে ৰাহুল গান্ধীয়ে।

দেওবাৰে টুইটোত ৰাহুল গান্ধীয়ে কয়, ‍‘মোদী চৰকাৰে কেনেদৰে দেশৰ অৰ্থনীতি নষ্ট কৰিছে সেই বিষয়ে মোৰ ভিডিঅ’টোত চাব। কাইলৈ ৰাতিপুৱা ১০ বজাত মোৰ সকলো ছ’চিয়েল মিডিয়া চেনেলত প্ৰথমটো ভিডিঅ’’।

ক’ৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি ৰাহুল গান্ধীয়ে ইয়াৰ পূ্ৰ্বেও ভিডিঅ’ৰ জৰিয়তে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা গৈছিল।

দেওবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধান মন্ত্ৰী মোদীৰ মন কি বাতক লক্ষ্য কৰি কয় যে জে ই ই আৰু নীট পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাত সন্দৰ্ভত আলোচনা কৰিব বিচাৰিছে কিন্তু প্ৰধান মন্ত্ৰীয়ে পুতলাৰ ওপৰত চৰ্চা কৰি আছে।

উল্লেখ্য যে আজি প্ৰধান মন্ত্ৰী মোদীয়ে মন কি বাতত সৰু ল’ৰা-ছোৱালীৰ খেলা সামগ্ৰী পুতলাৰ বজাৰখনত অধিক মনোনিৱেশ কৰিবলৈ দেশবাসীক আহ্বান জনায়।