মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণ সাধাৰণতে নাক-মুখ বা চকুৰ জৰিয়তে হয়। বিভিন্ন স্বাস্থ্য বিষয়া তথা চিকিৎসকসকলৰ মতে এইটোৱে প্ৰধান মাধ্যম।
কৰ’না সংক্ৰমিত ব্যক্তিৰ নিচেই কাষত গ’লে তেওঁৰ মুখ বা নাকৰ পৰা ছিটিকি অহা অকমান বিচ্ছুৰণে কোভিডৰ সংক্ৰমণ ঘটাব পাৰে।
সেয়েহে কোভিড আক্ৰান্তৰ পৰা কমেও দুই মিটাৰ বা ছয়-সাত ফুট দূৰত্বত থাকিব লাগিব। অন্যথা সংক্ৰমিত ব্যক্তিৰ শৰীৰৰ পৰা আনৰ শৰীৰলৈ ভাইৰাছ প্ৰৱেশ কৰিব পাৰে।
ইয়াৰ ফলত সংক্ৰমিতৰ শৰীৰত মূৰৰ বিষ, জ্বৰ, কাঁহৰ দৰে লক্ষণে দেখা দিব পাৰে। কেতিয়াবা লক্ষণ নাথাকিলেও কোনো ব্যক্তি সংক্ৰমিত হ’ব পাৰে। কৰ’না আক্ৰান্ত ব্যক্তিৰ হাঁচি, কাঁহৰ পৰা বতাহত ভাইৰাছ বিয়পি পৰিব পাৰে। সেয়ে, এই নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি চলাৰ কথা দোহাৰি অহা হৈছে।
আনহাতে, মাস্ক পৰিধান কৰাৰ কথাও কোৱা হৈছে। কিয়নো কোনোবাৰ শ্বাস-প্ৰশ্বাসৰ জৰিয়তে বতাহত ভাইৰাছ বিয়পিলেও সেয়া আনৰ শৰীৰত যাতে প্ৰৱেশ কৰিব নোৱাৰে।
যিহেতু কৰ’না ভাইৰাছ বায়ু বাহিত বুলি কোৱা হৈছে, তেন্তে দুই মিটাৰ দূৰত্ব কিয় ৰাখিবলৈ কোৱা হৈছে?
বিজ্ঞানীসকলৰ মতে বতাহত থাকিলেও এই ভাইৰাছ বেছি দূৰলৈ যাব নোৱাৰে। সংক্ৰমিত ব্যক্তিৰ শৰীৰৰ পৰা ভাইৰাছ দুই মিটাৰৰ ভিতৰতেই ঘুৰি থাকে। ইয়াৰ মাজতে মাধ্যাকৰ্ষণ শক্তিৰ ফলত ভাইৰাছ তললৈ নামি আহে আৰু বতাহত ঘুৰি ফুৰিব নোৱাৰে।
আনহাতে, মাটিত পৰি যোৱাৰ পাছতো দুই তিনি ঘন্টা পৰ্যন্ত ভাইৰাছটো সক্ৰিয় থাকে। তাৰপাছতে নিষ্ক্ৰিয় হৈ থাকে। সেয়ে, কৰ’বাত হাত দিলেই বাৰে বাৰে চাবোন-পানীৰে ধুবলৈ কোৱা হৈছে আৰু সেইদৰে ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে।