• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাত্মা গান্ধী কোন? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত যি ক’লে সেয়া মানি ল’ব পাৰিনে?

প্ৰদ্যুম্ন কুমাৰ গগৈ by প্ৰদ্যুম্ন কুমাৰ গগৈ
March 18, 2022 7:01 pm
Mahatma-Modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিৰ পিতা মহাত্মা গান্ধী। গান্ধীৰ অহিংস নেতৃত্বতে ভাৰতৰ স্বাধীনতা আন্দোলনে বিশ্ব জোকাৰি গৈছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে, ১৯৮২ চনৰ পাছৰ পৰাহে বিশ্বই গান্ধীৰ নাম প্ৰথম শুনিবলৈ পায়। গান্ধীৰ আগলৈকে বিশ্বই নেলচন মাণ্ডেলা, মাৰ্টিন লুথাৰ কিঙকহে জানিছিল। ১৯৮২ চনত এজন বিদেশী চিনেমা পৰিচালকে গান্ধীৰ জীৱনকলৈ ছবি নিৰ্মাণ কৰাৰ পাছতহে বিশ্বই গান্ধীক জানিবলৈ আৰম্ভ কৰে। মোদীৰ মতে, ইয়াৰ আগলৈকে গান্ধীৰ নাম কোনেও শুনাই নাছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে এই বক্তব্য দিছে সংসদত। শেহতীয়াকৈ তীব্ৰ চৰ্চাত থকা “দ্য কাশ্মীৰ ফাইলছ’’ শীৰ্ষক ছবিখনৰ সন্দৰ্ভত তেওঁ এইদৰে কৈছে। দ্য কাশ্মীৰ ফাইলছত নব্বৈৰ দশকৰ এটা অধ্যায়ক চিত্ৰৰূপ দিয়া গৈছে। কাশ্মীৰত সংঘটিত হোৱা কাশ্মীৰী পণ্ডিত নিধনযজ্ঞক লৈ নিৰ্মিত এই চিনেমাখনক বিজেপি চৰকাৰৰ তৰফৰ পৰা ব্যাপক পৃষ্ঠপোষকতা কৰা হৈছে। ইয়াৰ দ্বাৰা মূলতঃ বিজেপি-আৰএছএছে দেশবাসীৰ মাজত মুছলমানৰ প্ৰতি ঘৃণাৰ ভাৱ বিয়পাব বিচাৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ মতে, গান্ধীক লৈ চিনেমা নিৰ্মাণৰ পূৰ্বে যিদৰে কোনেও গান্ধীক নাজানিছিল, সেইদৰে কাশ্মীৰ ফাইলছৰ আগলৈকে কাশ্মীৰকলৈ এতিয়াৰ দৰে একো চৰ্চা হোৱা নাছিল।

লগতে পঢ়ক: ৰাছিয়াৰ ৰকেট আক্ৰমণত নিহত ইউক্ৰেইনৰ জনপ্ৰিয় অভিনেত্ৰী ওকছানা শভেটছ

এটা কথা যে কাশ্মীৰী পণ্ডিতসকলকলৈ কাশ্মীৰত যি ঘটি গৈছিল, সেয়া নিতান্তই বেদনাদায়ক আৰু নৃশংস। কিন্তু এটা ঘটনাৰ আলম লৈয়েই কিয় দেশজুৰি মুছলিমৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা হৈছে? সকলো মুছলিম একে নেকি? বিজেপিয়ে ভয় দেখুৱাইছে যে অতি শীঘ্ৰে হিন্দু সজাগ নহ’লে সকলো হিন্দুৰে কাশ্মীৰী পণ্ডিতসকলৰ দৰে অৱস্থা হ’ব। এই প্ৰপাগাণ্ডা প্ৰচাৰৰ ক্ষেত্ৰত অসমৰ বিজেপি নেতা-মন্ত্ৰীসকলৰ তৎপৰতা সাংঘাটিক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ মন্তব্য কৰিছে যে হিন্দু সজাগ নহ’লে অসমো কাশ্মীৰ হৈ পৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ পৰা আৰম্ভ কৰি আঙুৰলতা ডেকা, সীমান্ত শেখৰৰ দৰে বিজেপিৰ ভক্তসকললৈকে, সকলোৱে কাশ্মীৰ ফাইলছ চাই ঘঁৰিয়ালৰ চকুপানী টুকিছে, আৱেগিক হৈ পৰিছে।

কিন্তু এইসকল বিজেপিৰ ভক্তই অসমত ঘটি যোৱা নেলী গণহত্যা, নব্বৈ দশকৰ গুপ্তহত্যা ইত্যাদিসমূহৰ বিষয়ে কিবা জানেনে? তেওঁলোকে জানেনে যে মণিপুৰত ভাৰতীয় সেনাৰ বিশেষ ক্ষমতা আইন তথা আফস্পা বাতিলৰ দাবীত ইৰম শৰ্মিলাই কিমান বছৰ অনশন কৰি আছিল? তেওঁলোকে জানেনে যে কাশ্মীৰী পণ্ডিতসকলৰ দৰেই গুজৰাটৰ মুছলিমসকলেও নৃশংসতা, দমনৰ সন্মুখীন হৈছিল? অৱশ্যে ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ কথা এতিয়া কৈ লাভ নাই। সংঘৰ্ষৰ মূল নায়কসকল এতিয়া দেশৰ ৰজা। কিন্তু বিজেপি চৰকাৰে ইমানদিনে কাশ্মীৰী পণ্ডিতসকলৰ উন্নয়নৰ বাবে কি কৰিছে? নব্বৈৰ দশকত যেতিয়া কাশ্মীৰি পণ্ডিতসকলে বৰ্বৰতাৰ সমুখীন হৈছিল, সেই সময়ত বিজেপি-আৰএছএছৰ ভূমিকা কেনেধৰণৰ আছিল? এই বিষয়ে আমি একো সবিশেষ নকওঁ। মুঠতে কাশ্মীৰ ফাইলছক লৈ যিসকল উত্ৰাৱল হৈ আছে, তেওঁলোকে বিষয়টো ভালদৰে অধ্যয়ন কৰা উচিত। অন্যথা প্ৰধানমন্ত্ৰী মোদীৰ দৰেই অৱস্থা হ’ব। জাতিৰ পিতা গান্ধীৰ ওপৰত মোদীয়ে সংসদত কৰা মন্তব্যটোৱে তেওঁৰ মানসিক সংকীৰ্ণতা, সুশিক্ষাৰ অভাৱ, বিশ্ব বুৰঞ্জীৰ ওপৰত জ্ঞানহীনতাকেই প্ৰতীয়মান কৰিছে। সঁচাকৈয়ে গান্ধীক লৈ চিনেমা নিৰ্মাণ কৰাৰ পূৰ্বে বিশ্বই গান্ধীজীৰ নাম শুনাই নাছিল নেকি? প্ৰধানমন্ত্ৰীৰ কথা কিমান সত্য?

লগতে পঢ়ক: ৰাছিয়ান মডেলৰ ৰহস্যজনক মৃত্যু; কিয় নাম সাঙোৰ খালে ৰাষ্ট্ৰপতি পুটিনৰ?

এতিয়া চাও আহক, গান্ধীৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে কোনকেইজন স্বনামধন্য নেতাৰ নাম লৈছে! গান্ধীয়ে নাম লৈছে মাৰ্টিন লুথাৰ কিং আৰু নেলছন মাণ্ডেলাৰ। মাৰ্টিন লুথাৰ কিঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিগ্ৰোসকলৰ অধিকাৰক লৈ জ্বালাময়ী ভূমিকা লৈছিল। ষাঠিৰ দশকত তেওঁ কৰা অহিংস আন্দোলন জগত বিখ্যাত। আনহাতে, দক্ষিণ আফ্ৰিকাৰ পৰা বৰ্ণবৈষম্য আঁতৰোৱাৰ দাবীত নেলচন মাণ্ডেলাই ২৮ বছৰ ধৰি কাৰাগাৰৰ ভাত খাব লগা হৈছিল। এই বৰেণ্য নেতাসকলৰ আদৰ্শ কোন আছিল প্ৰধানমন্ত্ৰীয়ে জানেনে? তেওঁলোকৰ আদৰ্শ আছিল মহামানৱ মহাত্মা গান্ধী। মাৰ্টিন লুথাৰ কিং আৰু নেলছন মাণ্ডেলাই নিজেও বহুবাৰ গান্ধীৰ প্ৰশংসা কৰি থৈছে। গান্ধীৰ অহিংস আন্দোলনক অনুপ্ৰেৰণা বুলি গণ্য কৰি আহিছে। কেৱল তেওঁলোকেই নহয়, এলবাৰ্ট আইনষ্টান, চাৰ্লি চেপলিনকে ধৰি গান্ধীৰ সমসাময়িক বিশ্ববৰেণ্য লোকসকলেও গান্ধীকলৈ বহুমূলীয়া মন্তব্য কৰি গৈছে। বিশ্বজুৰি গান্ধীৰ এই গুণানুকীৰ্তনৰ বাবেই ব্ৰিটিছ চিনেমা পৰিচালক ৰিচাৰ্ড এটেনব’ৰ’ৱে ১৯৮২ চনত “গান্ধী’’ নামেৰে এখন চিনেমা নিৰ্মাণ কৰে। গান্ধীৰ জীৱনক লৈ নিৰ্মিত এই চিনেমাখনে সন্মানীয় অস্কাৰ বঁটাও লাভ কৰে। বৰ্তমানেও চিনেমাখনৰ জনপ্ৰিয়তা অব্যাহত আছে। কিন্তু চিনেমাখনৰ দ্বাৰা গান্ধীয়ে বিশ্বজুৰি সমাদৰ লাভ কৰা বুলি মোদীয়ে যি বক্তব্য দাঙি ধৰিছে, সেয়া চৰম মিথ্যাচাৰ আৰু অজ্ঞতা। বিশ্বজুৰি গান্ধীৰ সমাদৰ আছিল বাবেই চিনেমাখন নিৰ্মাণ হৈছিল।

লগতে পঢ়ক: অসমৰ বজাৰলৈ আহিল জেলেনস্কি

অৱশ্যে ইয়াৰ বাদে মোদীৰ পৰা আৰু কি আশা কৰিব পাৰি? মোদীয়ে নিজেও গান্ধীৰ আদৰ্শ অনুকৰণ কৰেনে? গান্ধী হত্যাকাৰী নাথুৰাম গডচেৰ ভক্ত সাধী প্ৰজ্ঞা বিজেপিৰ এগৰাকী সাংসদ। কেৱল সাধী প্ৰজ্ঞাই নহয়, সমগ্ৰ আৰএছএছেই নাথুৰাম গডছেৰ ভক্ত। তেনেস্থলত প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গদছেৰ বিষয়ে জ্ঞান থাকিব নে গান্ধীৰ বিষয়ে থাকিব, সেই কথা সহজেই অনুমেয়। মোদীয়ে গান্ধীৰ কথা কোৱাটো সেয়ে ভূতৰ মুখত ৰাম নাম লোৱাৰ দৰে হৈছে। হয়তো ভূতেও কিজানি ৰাম নাম শুদ্ধকৈয়ে গাব, কিন্তু গান্ধীৰ নাম লওঁতে মোদীয়ে ভালদৰে অধ্যয়ন কৰি লোৱা উচিত!

প্ৰদ্যুম্ন কুমাৰ গগৈ

প্ৰদ্যুম্ন কুমাৰ গগৈ

Stay Connected

  • 117k Fans

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

August 24, 2025 8:23 pm
কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

August 24, 2025 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd