দিল্লী, উত্তৰ প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যত অক্সিজেনৰ নাটনিৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে স্বাভাৱিকতে এটা প্ৰশ্ন উত্থাপন হৈছে ‘অসমৰ চিকিৎসালয়ত কিমান অক্সিজেন মজুত আছে?’
তেনে সময়তে GMCHত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অক্সিজেনৰ যে অভাৱ অসমত নাই তাক লৈ সকলোকে আশ্বস্ত কৰে।
সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় ‘অসমত দুটা অক্সিজেন নিৰ্মাণকালীন প্ৰতিষ্ঠান আছে। এটা মেঘালয়ান অক্সিজেন আৰু আনটো প্ৰিমিয়াৰ অক্সিজেন। দুয়োটা শাখাই প্ৰতিদিনে ৰোগীৰ বাবে ৫০ মেট্ৰিক টন অক্সিজেন উৎপাদন কৰে।‘
বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত ৮ টাকৈ অক্সিজেন প্লেন্টৰ কাম হাতত লোৱা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় ‘গুৱাহাটীত তিনিটা ডিফুত দুটা, যোৰহাটত দুটা প্লেন্ট আছে। তাতো প্ৰতিদিনে ৫ মেট্ৰিক টন অক্সিজেনৰ উৎপাদন কৰা হয়।‘
ইপিনে, ডিমাপুৰত এটা অক্সিজেন প্লেন্ট আছে যিটো তেওঁলোকে মাত্ৰ দুদিন চলায় বুলি উল্লেখ কৰি মন্ত্ৰীয়ে লগতে কয় ‘তেওঁলোকে দৈনিক ৩ মেট্ৰিক টন অক্সিজেন উৎপাদন কৰে। কাইলৈ ডিমাপুৰৰ লগত চুক্তি স্বাক্ষৰ হ’ব আৰু সেয়াও ৫ দিনকৈ ৩ মেট্ৰিক টন অক্সিজেন অসমে লাভ কৰিব।‘
তেতিয়া মুঠ ৬১ মেট্ৰিক টন অক্সিজেন প্ৰতিদিনে অসমৰ হাতত থাকিব বুলি মন্ত্ৰীয়ে দাবী কৰে। আজিৰ দিনলৈকে প্ৰতিদিনে অসমত ২০ মেট্ৰিক টন অক্সিজেন ব্যবহৃত হৈ আছে বুলি তেওঁ কয়।
দুই এদিনতে MMCH কে ধৰি কেইবাখনো চিকিৎসালয়ত নিজাববীয়াকৈ অক্সিজেন প্লেন্ট উৎপাদন কৰিব বুলিও তেওঁ দাবী কৰে।
ইয়াৰোপৰি, ভাৰত চৰকাৰে প্ৰয়োজন সাপেক্ষে দুৰ্গাপুৰৰ পৰা অক্সিজেন আনিবলৈ অনুমতি দি থৈছে বুলি তেওঁ সদৰী কৰে।
মন্ত্ৰীগৰাকীৰ মতে ‘আজিৰ দিনটোত অক্সিজেনৰ নাটনি নাই। অহা ১০-১৫ দিনলৈকে অক্সিজেনৰ নাটনি অনুভৱ কৰা নহয়।‘
তেওঁ আৰু কয় ‘অসমত অক্সিজেন জমা কৰি ৰাখিব পাৰিব ৪৬০ মেট্ৰিক টন। অইল ইণ্ডিয়াই আজি ৩০ মেট্ৰিক টনৰ ফেচিলিটি ৰাজ্য চৰকাৰক দিছে।‘