• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনীতিত প্ৰশান্ত কিশোৰৰ নতুন যাত্ৰা! কিমান কঠিন হ’ব তেওঁৰ এই কৌশলী অভিযান?

প্রদ্যুন্ম কুমাৰ গগৈ by প্রদ্যুন্ম কুমাৰ গগৈ
May 7, 2022 6:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই নিৰ্বাচনী ৰাজনীতিলৈ অহাটো প্ৰায় নিশ্চিত হৈছে প্ৰশান্ত কিশোৰ, চমুকৈ পিকেৰ। যোৱা কেইবাদিনো ধৰি তীব্ৰ চৰ্চাত থকা নিৰ্বাচনী কৌশলীবিদজনে নিজেই ইয়াৰ ইংগিত দাঙি ধৰিছে। বৃহস্পতিবাৰে প্ৰকাশ পোৱা বাতৰি অনুযায়ী, পিকেই জনাইছে যে তেওঁৰ গৃহ ৰাজ্য বিহাৰৰ সৰ্বাংগীন বিকাশৰ হকে কাম কৰি যাব।

“নয়া চ’ছ, নয়া প্ৰয়াস’’। এয়া হৈছে পিকেৰ নতুন মূলমন্ত্ৰ। নিশ্চয়কৈ ই কোনো সহজ মূলমন্ত্ৰ নহয়। এয়া হৈছে পিকেৰ ৰাজনৈতিক জীৱনৰ আগজাননী। বৃহস্পতিবাৰে তেওঁ এটা তাৎপৰ্যপূৰ্ণ ঘোষণা কৰে। সেয়া হৈছে অহা ২ অক্টোবৰ তথা গান্ধী জয়ন্তীৰ পৰা এটা পদযাত্ৰা তেওঁ আৰম্ভ কৰিব। এই পদযাত্ৰাত ৩,০০০ কিলোমিটাৰ অৰ্থাৎ সমগ্ৰ বিহাৰ ৰাজ্যখন সামৰি ল’ব। পদযাত্ৰাটোত ৰাজ্যখনৰ লোকসকলৰ স’তে মত বিনিময় কৰা হ’ব বুলি তেওঁ জনাইছে।

অৱশ্যে নিজাকৈ ৰাজনৈতিক দল গঠন সম্পৰ্কত কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে তেওঁ। আনকি সদ্যহতে এই বিষয়ে কোনো পৰিকল্পনা হাতত লোৱা নাই বুলিহে তেওঁ জনাইছে। যদি ভৱিষ্যতে দল গঠন কৰে, তেন্তে ই প্ৰশান্ত কিশোৰৰ দল নহয়, বৰঞ্চ জনগণৰ দল হিচাপে গঠন কৰা হ’ব বুলি তেওঁ কয়।

বিহাৰৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও তিনি বছৰ আছে। সেয়ে পিকেই কয় যে ৰাজনীতিৰ ক্ষেত্ৰত তেওঁ শূণ্যৰ পৰা আৰম্ভণি কৰিব বিচাৰে। প্ৰথমে জনস্বৰাজৰ ধাৰণাৰে তেওঁ কাম কৰি যাব।

ৰাজনৈতিক বিশ্লেষকসকলে পিকেৰ এই পদক্ষেপক মিছন বিহাৰ নামেৰে নামাংকিত কৰিছে। বিহাৰত সফল হ’বলৈ হ’লে পিকেই বিহাৰৰ পৰা লালুপ্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰৰ জনপ্ৰিয়তাক ম্লান কৰিব পাৰিব লাগিব। সেয়ে দুয়োজন জ্যেষ্ঠ নেতাৰ প্ৰতি পিকেৰ বিষোদ্গাৰ কৰা দেখা পোৱা গৈছে। পিকেই কৈছে যে যোৱা ১৫ বছৰ ধৰি বিহাৰে কোনো ভাল ফলাফল লাভ কৰা নাই।

উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি ৪৫ বৰ্ষীয় নিৰ্বাচনী বিশেষজ্ঞজন তুমুল চৰ্চাত আছে। তেওঁৰ প্ৰতিটো টুইটক লৈ ৰাজনৈতিক পৰ্যবেক্ষকসকল ব্যস্ত হৈ পৰা দেখা গৈছিল। আনকি পিকে প্ৰত্যক্ষ ৰাজনীতিলৈ আহিব বুলি জানি কংগ্ৰেছ নেতৃত্বইও তেওঁক লগ কৰিছিল। কিন্তু তেওঁলোকৰ মাজত হোৱা আলোচনাটো সফল নহ’ল।

ৰাজনৈতিকভাৱে সচেতন লোকসকলৰ মাজত এই কথা ভালদৰেই জ্ঞাত যে নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ক্ষমতা দখল কৰাত পিকেৰ বৃহৎ অৰিহণা আছে। সেই সময়ত তেওঁ মোদীৰ ৰাজনৈতিক উপদেষ্টা হিচাপে কাম কৰিছিল। ২০১৪ চনৰ নিৰ্বাচনৰ সময়ছোৱাত পিকেই মোদীৰ বাবে কেইবাটাও অভিনৱ আঁচনি প্ৰস্তুত আৰু বাস্তৱায়িত কৰিছিল। সামাজিক মাধ্যমযোগে মোদীৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছিল। কিন্তু মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে পিকেই বিজেপিৰ লগ এৰে। তাৰ সলনি বিৰোধী দলসমূহৰ হৈ কাম কৰিব ধৰে। পিকেৰ ৰাজনৈতিক পৰামৰ্শ লৈয়েই বিহাৰ, পাঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ, দিল্লী, পশ্চিম বংগ আৰু তামিলনাডুৰ নিৰ্বাচনসমূহত বিজয়ী হৈ বিৰোধী দলসমূহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।

কিন্তু প্ৰতিষ্ঠিত ৰাজনৈতিক দলসমূহক বিজয়ী কৰাই ‘কিংমেকাৰ’ৰ খিতাপ অৰ্জন কৰা পিকে প্ৰত্যক্ষ ৰাজনীতিৰ কিং হ’ব পাৰিবনে? নিৰ্বাচনক নিজৰ পেছা হিচাপে লোৱা পিকেই ৰাজনৈতিক দল গঠন কৰি সফল হ’ব পাৰিবনে? অৱশ্যে প্ৰত্যক্ষ ৰাজনৈতিক দলত যোগদানৰ সোৱাদ পিকেই লাভ কৰি থৈছে। ২০১৮ চনৰ ২০২০ চনলৈকে তেওঁ বিহাৰৰ শাসনাধীষ্ঠ তথা নীতিশ কুমাৰৰ দল জেডিইউতো আছিল। কিন্তু কা আন্দোলনৰ সময়ত দলৰ স’তে তেওঁৰ সংঘাত হয় আৰু এৰি আহে।

উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আৰু ৰাজনীতি সম্পৰ্কীয় অধ্যয়ন কৰিবলৈ পিকেৰ আইপেক নামৰে এটা নিজাকৈ সুকীয়া দল আছে। পিকেই জনোৱামতে, দলটোৱে বিহাৰৰ এক বুজনসংখ্যক লোকৰ মতামত গ্ৰহণ কৰিছিল। এই লোকসকলৰ ৯০ শতাংশই ৰাজ্যখনত আমূল পৰিবৰ্তন বিচাৰে। এতিয়া লক্ষ্যণীয় হ’ব, লালু-নীতিশকেন্দ্ৰিক বিহাৰৰ ৰাজনীতিত পিকেই কেনেধৰণৰ ভূমিকা ল’বলৈ সক্ষম হয়। অনাগত ভৱিষ্যতে যিহেতু লালু-নীতিশ পুৰণি হ’ব, তেনেস্থলত বিহাৰৰ ৰাজনীতিৰ নতুন তাৰকা হিচাপে উদ্ভাসিত হৈ উঠিব নেকি পিকে? 

প্রদ্যুন্ম কুমাৰ গগৈ

প্রদ্যুন্ম কুমাৰ গগৈ

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd