সাৱধান! ATM ৰ পৰা সংক্ৰমিত হ’ব পাৰে ক’ৰ’না; কিমান সুৰক্ষিত মহানগৰীৰ ATM?

ATM ত নাই কোনো চেনিটাইজিঙৰ ব্যৱস্থা; গতিকে ব্যৱহাৰ কৰোতে সাৱধান হওঁক আপুনিও

160c645a-1e38-4ddd-81b8-32ec165aae78

ফটো: নৰ্থইষ্ট নাও

ATM ব্যৱহাৰ কৰোতে সাৱধান হওঁক আপুনি; কিয়নো এই এটিএমৰ পৰাও বিয়পিব পাৰে মাৰাত্মক ক’ৰ’না ভাইৰাছ।

উল্লেখযোগ্য যে, বিশ্বজুৰি দিনক দিনে বৃদ্ধি পাই আছে ক’ৰ’নাৰ বিভীষিকা।

ভাৰততো ক্ৰমান্বয়ে এই মাৰাত্মক ভাইৰাছত ৫০ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে।ৰাজ্যতো কমা নাই ক’ৰ’নাৰ বিভীষিকা।

এনে সময়তে এক প্ৰশ্ন উত্থাপিত হৈছে; মহানগৰীৰ ATM ত নাই নেকি আপোনাৰ নিৰাপত্তা?

মহানগৰীৰ এটিএম সমূহত ব্যৱহাৰ কৰাৰ পূৰ্বে বা পাছত কোনোধৰণৰ চেনিটাইজিঙৰ ব্যৱস্থা থকা পৰিলক্ষিত নহ’ল।

একোটা দিনত হাজাৰ হাজাৰ লোকে ব্যৱহাৰ কৰে মহানগৰীৰ এটিএমসমূহ।

কোনো কোভিদ-১৯ আক্ৰান্ত ৰোগীয়ে যদিহে অজানিতে এটা এটিমত প্ৰবেশ কৰে বা তেওঁ এটিএমৰ পৰা ধন উলিয়াই তেন্তে নিশ্চয়কৈ সেই এটিএমলৈয়ো ক’ৰ’না ভাইৰাছ যাব পাৰে।

সেই এটিএমেই যদি লগে লগে সুস্থ লোক এজনে ব্যৱহাৰ কৰে তেন্তে তেওঁৰ দেহলৈয়ো এই মাৰাত্মক ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে।

ইপিনে, মহানগৰীৰ এটা এটিএমতো দেখিবলৈ পোৱা নগ’ল হেণ্ড চেনিটাইজাৰ।

বহুসংখ্যক এটিএমতে নাই নিৰাপত্তাৰক্ষী। বহু এটিএম ব্যৱহাৰকাৰীয়ে কোনোধৰণৰ সাৱধানতা অৱলম্বন নকৰাকৈ ধন উলিওৱা পৰিলক্ষিত হ’ল।

অৱশ্যে, কিছুসংখ্যক সচেতন লোকে এটিএম ব্যৱহাৰৰ পাছত নিজৰ লগত ৰখা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গ’ল।

এটিএমসমূহত বেংক কৰ্তৃপক্ষই  একো একোটা হেণ্ড চেনিটাইজাৰ ৰখাৰ ব্যৱস্থা কৰিবৰ বাবে সচেতন মহানগৰবাসীয়ে নৰ্থ ইষ্ট নাওৰ জৰিয়তে দাবী উত্থাপন কৰে।

তদুপৰি, ব্যৱহাৰৰ পূৰ্বে আৰু ব্যৱহাৰৰ পাছত হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ গ্ৰাহকক আহ্বান জনাই এক জাননী এটিএমসমূহত আঁৰি দিয়া উচিত।

ইতিমধ্যে গুজৰাটৰ বডোডৰাত তিনিজন সেনা জোৱানৰ দেহত এটা এটিএমৰ পৰা ক’ৰ’না সংক্ৰমিত হোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

গতিকে এটিএম ব্যৱহাৰ কৰোতে আপুনি সাৱধান হওঁক আৰু পৰাপক্ষত হেণ্ড গ্ল’ভছ আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰক।