ফোনত নিজক গোপনে ৰাখি কেনেদৰে ফোন কৰিব আনক?

Untitled-1-5

প্ৰতিনিধিত্বমূলক চিত্ৰ

কাৰোবাক প্ৰাইভেট নম্বৰেৰে ফোন কৰিবলগীয়া হ’লে বা কোনো লোকক ফোন কৰোতে নম্বৰটো গোপনে ৰাখিব লগীয়া হ’লে সাধাৰণতে আমি সকলোৱে বেছিভাগ সময়তে বেলেগৰ ফোন নম্বৰ ব্যৱহাৰ কৰি আহিছো।

কিন্তু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আজি আমি আপোনালোকক এটা টিপছ দিম। এই টিপছটো জনাৰ পাছত আপুনি কেতিয়াও ইয়াৰ বাবে বেলেগৰ প্ৰাইভেট নম্বৰৰ ফোন ব্যৱহাৰ কৰিব লগীয়া নহ’ব।

কেনেদৰে আপুনি আপোনাৰ ফোনৰ যোগেদিয়েই নম্বৰ গোপনে ৰাখি বেলেগলৈ ফোন কৰিব পাৰিব সেই কথা জানিবলৈ আপুনি তলত দিয়া ঢাপ সমূহ মন দি পঢ়ক।

১. আপোনাৰ ফোনেৰে কাৰোবাক প্ৰাইভেট কল কৰিবলগীয়া হ’লে প্ৰথমে আপুনি আপোনাৰ ফোনত গুগল ক্ৰ’ম খুলিব লাগিব।

২. গুগল ক্ৰ’মত আপুনি https://globfone.com/. নামৰ ৱেবছাইটত যাব লাগিব।

৩. ৱেবছাইটৰ কিছু তলফালে আহিলে আপুনি দেখিব চাৰিটা অপশ্যন।

৪. প্ৰথম অপশ্যন ভিডিঅ’, দ্বিতীয় শ্বেয়াৰ, তৃতীয় এছ এম এছ আৰু চতুৰ্থ অপশ্যনটো হ’ল কল।

৫. এতিয়া আপুনি কল অপশ্যনত ক্লিক কৰিব পাৰে।

৬. কলত ক্লিক কৰাৰ লগে লগে দেশ চিলেক্ট কৰাৰ বাবে এটা অপশ্যন আহিব। ইয়াত আপুনি ভাৰতক বাচি ল’ব।

৭. ইয়াৰ পিছতে আপুনি যাক ফোন কৰিব বিচাৰিছে সেই নম্বৰটো ডাইল কৰিব পাৰিব।

এনেদৰে যেতিয়া আপুনি কাৰেবাক ফোন কৰিব সেই ব্যক্তিজনে আপোনাৰ নম্বৰটো সম্পূৰ্ণকৈ দেখা নাপাব। তেওঁলোকে মোবাইল স্ক্ৰিনত আপোনাৰ নম্বৰটো +1955, +91564, +9111 এনেকুৱা ধৰণেহে দেখিব। সেয়ে আপোনাৰ নম্বৰটো জানিব নোৱাৰিব।

উল্লেখ্য যে GlobFone’s নামৰ এই এপটো গুগল প্লে-ষ্ট’ৰতো উপলব্ধ। কিন্তু এই এপটোৰ পৰা আপুনি আপোনাৰ নম্বৰটো গোপনে ৰাখি কল কৰিব নোৱাৰিব। নম্বৰ গোপনে ৰাখি ফোন কৰিবলগীয়া হ’লে আপুনি গুগল ক্ৰমত গৈ সেই ৱেবছাইটোৱেই ব্যৱহাৰ কৰিব লাগিব।