NORTHEAST NOW (Assamese)

কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

March 14, 2025 7:02 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 13, 2025 9:06 pm

কঁকালৰ বিষ অতি সাধাৰণ সমস্যা, কিন্তু যন্ত্রণাদায়ক। এইটো সাধাৰণতে বয়স বৃদ্ধিৰ বাবে হয়। অধিক সময় বহি থাকিলে, কেনেবাকৈ আঘাত পালে কঁকালৰ বিষ হয়।

তলত কিছুমান উপায় দিয়া হৈছে, যিবোৰে কঁকালৰ বিষৰ পৰা উপশম দিব পাৰে—

১. গৰম পানী বা বৰফৰ সেক দিলে বিষৰ পৰা উপশম পাব পাৰি।
২. স্ট্ৰেচিং আৰু যোগাসনৰ দ্বাৰা কঁকালৰ বিষ ভাল হয়।
৩. সৰিয়হৰ তেল, নাৰিকল তেল বা এন্টি-ইনফ্লেমেটৰী তেলৰে মালিচ কৰিব লাগে।
৪. টান বিছনাত শুব লাগে আৰু সদায় চিধা হৈ বহিব লাগে।
৫. অধিক ওজনৰ বাবে কঁকালৰ বিষ হয়। গতিকে ওজন কমাওক।
৬.  দীৰ্ঘ সময় বহি নাথাকিবা।
৭. অত্যধিক গধুৰ বস্তু নাদাঙিব।

যদি কঁকালৰ বিষৰ সমস্যা বহুদিন ধৰি হৈ আছে তেন্তে MRI বা X-ray কৰি চাব আৰু চিকিৎসকৰ পৰামৰ্শ ল’ব।

Related News