ছাইলেন্ট অৱস্থাত ফোনটো হেৰাই থাকিলে আপুনি কেনেকৈ বিচাৰি পাব? চাওক তাৰ কৌশল…

images

আপোনাৰ মোবাইলটো ক’ত ৰাখিছে আপুনি বিচাৰি পোৱা নাই। তেনেক্ষেত্ৰত আন এটা মোবাইলেৰে নম্বৰটোলৈ ফোন কৰি সহজেই ফোনটো বিচাৰি পোৱা যায়। কিয়নো মোবাইলটো বাজি উঠাৰ পাছত তাৰ শব্দ অনুসৰণ কৰি আপুনি ফোনটো বিচাৰি উলিয়াব পাৰে।

কিনেতু ফোনটো যদি ছাইলেন্ট ম’ডত থাকে? তেতিয়া এই কৌশলে কোনোৰকমে কাম নিদিয়ে। কিন্তু তেনে অৱস্থাত আপুনি কেনেকৈ বিচাৰি পাব মোবাইলটো?

জানি থওক তাৰ কৌশলঃ-

ক) প্ৰথমতে আন কোনো মোবাইল বা কম্পিউটাৰৰ পৰা গুগলৰ ৱাবছাইটলৈ যাওক।

খ) তাত চাৰ্চ বাৰ’ত ‘ফাইণ্ড মাই ফোন’ লিখক।

গ) তাৰ পাছত গুগল একাউন্ট বা জিমেইল একাউন্টত ছাইন ইন কৰক।

ঘ) গুগলত নিজৰ মোবাইল লোকেশ্যন দেখিবলৈ পাব।

ঙ) ইয়াৰ পাছত আপোনাৰ সন্মুখত অপশ্যন আহিব, যাৰ জৰিয়তে আপুনি আপোনাৰ ফোনৰ এণ্ড্ৰইড ডিভাইচ মেনেজাৰ ‘অন’ কৰি দিব পাৰিব।

চ) এইবাৰ ইয়াত থকা ‘ৰিং’ অপশ্যনটো ছিলেক্ট কৰক।

ছ) ছাইলেন্ট ম’ডত থাকিলে আপোনাৰ ফোনটো ফুল ভলিউমত বাজিবলৈ আৰম্ভ কৰিব। যিমান সময় ধৰি আপুনি ফোনটো বিচাৰি উলিয়াব নোৱাৰে তেতিয়ালৈকে পাৱাৰ ব’টনটো হেচি ধৰি থাকক আৰু তেতিয়ালৈকে ই বাজি থাকিব। সেই শব্দ অনুসৰণ কৰি ফোনটো বিচাৰি উলিওৱাটো তেনেই সহজ হৈ পৰিব।

এনেদৰেই আপুনি আপোনাৰ হেৰাই যোৱা এণ্ড্ৰইড ফোনটোও বিচাৰি পাব পাৰে। এটা কথা মনত ৰাখিব লাগিব, সেইটো হ’ল আপোনাৰ ডিভাইচৰ পৰা গুগল একাউন্টত চাইন ইন কৰা থাকিবই লাগিব। নহ’লে এই কৌশলেৰে হেৰুৱা মোবাইল বিচাৰি পোৱা নাযাব।