চাণক্যৰ নীতিত জীৱন-যাপনৰ কেইবাটাও পদ্ধতি উল্লেখ কৰা হৈছে, যিবোৰ মানি চলিলে অৰ্থপূৰ্ণ জীৱন যাপন কৰি দুখ-কষ্টক সহজেই জয় কৰিব পৰা যায়। চাণক্য নীতিৰ সহায়ত অসুবিধাবোৰ সহজে দূৰ কৰিব পাৰি।
লগতে পঢ়কঃ আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? কৈ দিছে চাণক্য নীতিয়ে
চাণক্যৰ মতে যিজন ব্যক্তিয়ে প্ৰকৃত মনোনিৱেশ আৰু নিষ্ঠাৰে জীৱনৰ ক্ষেত্ৰখনত কাম কৰে, তেওঁ সদায় মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে। কিন্তু কঠোৰ পৰিশ্ৰম অবিহনে জীৱনত চূড়ান্ত সফলতা লাভ কৰাটো কেতিয়াও সম্ভৱ নহয়, টকা উপাৰ্জনৰ ক্ষেত্ৰতো একেই কথা। চাণক্যই কয়, কষ্ট অবিহনে সফলতা নাহে।
লগতে পঢ়কঃ চাণক্য নীতি: এই দুটা বস্তুৰ অভাৱত কেতিয়াও দুখ নকৰিবা, সুখ অৱশ্যেই আহিব
যদি আপুনি জীৱনত দ্ৰুতগতিত সফলতা লাভ কৰিব বিচাৰে তেন্তে আপুনি বহুত ভাল পৰিকল্পনা কৰি আগবাঢ়িব লাগিব। যিকোনো কাম আৰম্ভ কৰাৰ আগতে এটা বিশদ পৰিকল্পনা কৰক। পৰিকল্পনা কৰিলে আপোনাৰ কাম শেষ কৰাত সহায়ক হ’ব আৰু কামত সফল হ’লে আৰ্থিক সফলতা নিশ্চয় পাব
লগতে পঢ়কঃ চাণক্যৰ বাণী: পুৰুষৰ এইকেইটা গুণ দেখি প্ৰেমত বাউলী হয় নাৰী
সফল হ’বলৈ হ’লে জীৱনত অনুশাসন থাকিব লাগিব। যিসকলৰ জীৱনৰ কোনো ক্ষেত্ৰতে অনুশাসন নাই, তেওঁলোকে কেতিয়াও আকাংক্ষিত সফলতাৰ ওচৰ চাপিব নোৱাৰে। দেখা যায় যে অনুশাসন অনুসৰণ কৰাসকলে অতি সোনকালে আৰু সহজে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে। মা লক্ষ্মীয়ে তেওঁলোকৰ প্ৰতি সদয় দৃষ্টিৰে চায়।
লগতে পঢ়কঃ চাণক্য নীতিঃ টকাতকৈ মূল্যৱান এই তিনিটা বস্তু
চাণক্যই অনুভৱ কৰিছিল যে উপাৰ্জিত ধনৰ এক বৃহৎ অংশ দুখীয়া মানুহক দান কৰিব লাগে। যিসকলে নিজৰ উপাৰ্জিত ধনৰ এটা অংশ দৰিদ্ৰ লোকক দান কৰে তেওঁলোকক মা লক্ষ্মীয়ে বিশেষ আশীৰ্বাদ প্ৰদান কৰে। কিন্তু উপাৰ্জিত ধনৰ অপব্যৱহাৰ কৰা মানুহৰ ওপৰত লক্ষ্মীৰ খং উঠে।
লগতে পঢ়কঃ চাণক্য নীতি : পিতৃ মাতৃৰ এই তিনিটা ভুলে ধ্বংস কৰিব পাৰে সন্তানৰ জীৱন