গৰমত গাটো গেলা গেলা গোন্ধাই নেকি? লাজৰ পৰা বাচিবলৈ পঢ়ি লওক এইটো লেখা

গৰমে দহিছে সমগ্ৰ দেশবাসীক। ইমানেই গৰম পৰিছে যে সকলোৱে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ১০ বাৰ ভাবিব লগা হৈছে। ৰাতিপুৱা বেলি ওলোৱাৰ লগে গৰমে দহি নিয়ে গা।

গৰমত ইমানেই ঘাম ওলাই যে গা ধোৱা-নোধোৱা একাকাৰ হৈ পৰে। এই ঘামৰ বাবেই বহুতৰে গাৰ পৰা দুৰ্গন্ধ বিয়পি পৰে। বাছত গৈ থকা অৱস্থাত বা অফিচত সহকৰ্মীৰ ওচৰত বহি থকা অৱস্থাত এই দুৰ্গন্ধই বৰ বিপদত পেলায়। নিজৰ গাৰ পৰা ওলোৱা দুৰ্গন্ধৰ বাবে কাষত থকাজনৰ ওচৰত লাজ পাব লগা হয়। লগতে কাষত থকা সকলেও অস্বস্তি অনুভৱ কৰে।

ঘৰৰ পৰা পৰিষ্কাৰকৈ ওলাই আহিলেও বাহিৰলৈ অহাৰ লগে লগে শৰীৰৰ পৰা ঘামৰ গোন্ধ ওলাবলৈ আৰম্ভ কৰে। পাৰফিউম বা পাউদাৰেও এই দুৰ্গন্ধৰ পৰা ৰক্ষা কৰিব নোৱাৰে।

কিন্তু এতিয়াৰে পৰা আপুনি এই বিষয়টোক লৈ মূৰ ঘমাব নালাগে. কিয়নো আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ গৰমত ঘামৰ দুৰ্গন্ধৰ পৰা বাচি থকাৰ কেইটামান উপায়। এইকেইটা উপায় ব্যৱহাৰ কৰিলে আপোনাৰ শৰীৰৰ পৰা আৰু নিৰ্গত নহয় ঘামৰ গোন্ধ।

১.  ২ চামুচ মৌৰ লগত ৩ চামুচ নেমুৰ ৰস মিহলাই লওক। গা ধোৱাৰ আগতে এই মিশ্ৰণটো আপোনাৰ গাৰ পৰা দুৰ্গন্ধ নিৰ্গত হোৱা স্থানত কিছু সময়ৰ বাবে লগাই থওক। তাৰ পিছত গা ধুব। ইয়াৰ ফলত ঘামৰ দুৰ্গন্ধ সৃষ্টি কৰা বেক্টেৰিয়াৰ সৃষ্টি হ্ৰাস পাব।

২. গৰম পানীত অলপ নিম পাত ভালদৰে উতলাই লওক। তাৰ পিছত সেই পানী ঠাণ্ডা কৰি গা ধোৱা পানীত মিহলাই লওক। আপুনি দেখিব যে শৰীৰৰ দুৰ্গন্ধ বহু পৰিমাণে কমিছে।

৩. গা ধোৱা পানীত এচিকুট নিমখ দি ল’ব। নিমখে শৰীৰত ঘামৰ গোন্ধ বহু পৰিমাণে কমাই দিয়ে।

৪. গৰমত দিনটোত কমেও দুবাৰ স্নান কৰক। প্ৰতিবাৰেই চাবোন ব্যৱহাৰ কৰক। এবাৰ ব্যৱহাৰ কৰা টাৱেল পিছৰ বাৰ ব্যৱহাৰ নকৰিব। গা ধোৱাৰ লগে লগে টাৱেলখনো ধুই দিব।

৫. প্ৰতিদিনে গা ধোৱা পানীত পদিনা ৰস বা গোলাপৰ পানী কেইটোপালমান মিলাই ল’ব। এনে কৰিলে শৰীৰৰ পৰা সুগন্ধি নিৰ্গত হ’ব আৰু ঘামৰ গোন্ধ বহু পৰিমাণে নাইকিয়া হৈ যাব।

৬. গৰমত দৈনিক খাদ্যৰ তালিকাত তিয়হ অন্তৰ্ভুক্ত কৰিব। তিয়হে শৰীৰত পানীৰ অভাৱ বহু পৰিমাণে হ্ৰাস কৰে। ইয়াৰ উপৰিও ই শৰীৰৰ দুৰ্গন্ধ আঁতৰাই দেহটো ভিতৰৰ পৰা সতেজ কৰি ৰাখে।

৭. কাপোৰ পিন্ধাৰ ক্ষেত্ৰত সাৱধান হওক। টেৰিকোটন কাপোৰৰ পৰা গোন্ধ সোনকালে নিৰ্গত হয়। কপাহী কাপোৰ পৰিধান কৰক।

৮. গৰমত মদ্যপান সীমিত কৰক। মদৰ সলনি যথেষ্ট পৰিমাণে পানী খাওক। লগতে কুহিয়াৰৰ ৰস, নেমুৰ চৰবত, ফলৰ ৰস আৰু নাৰিকলৰ পানী গৰমত স্বাস্থ্যৰ বাবে অতি উপকাৰি।