বলীউদৰ পাছত এইবাৰ হলীউদৰ প্ৰসিদ্ধ সংস্থাৰ সৈতে চুক্তিবদ্ধ হৃতিক ৰোশন

5d947b022200003b02dc40af

ছুপাৰ-৩০ ছবিৰ জৰিয়তে বহুদিনৰ পাছত নিজৰ অদমনীয় অভিনয় দক্ষতা প্ৰদৰ্শন দাঙি ধৰিলে হৃতিক ৰোশনে।

বলীউদত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব হৃতিকে এইবাৰ হলীউদৰ পৰা লাভ কৰিছে ভাল অফাৰ। আমেৰিকাৰ এটি প্ৰসিদ্ধ প্ৰযোজনা সংস্থাৰ সৈতে চুক্তিত স্বাক্ষৰ কৰাৰ পাছত এই ইংগিত দিছে অভিনেতাগৰাকীয়ে।

অনিল কাপুৰ, ইৰফান খান, প্ৰিয়ংকা চোপ্ৰা,  দীপিকা পাডুকনকে ধৰি বলীউদৰ বহু তাৰকাই হলীউদত কাম কৰিছে। ইয়াৰ ভিতৰত প্ৰিয়ংকা হলীউদত খুবেই ব্যস্ত।

নতুনকৈ তালিকাত এইবাৰ অন্তৰ্ভুক্ত হ’ল হৃতিক ৰোশনৰ নাম। হলীউদৰ ‘গাৰ্ছ’ নামৰ প্ৰযোজনা সংস্থাৰ সৈতে চুক্তিবদ্ধ হৈছে বলীউদৰ এইগৰাকী ‘ছুপাৰ’ অভিনেতা।

সংস্থাটোৰ ভাৰতত থকা মেনেজাৰ গৰাকীয়ে জানিবলৈ দিয়া মতে হৃতিকে এই সংস্থাটোৰ সৈতে চুক্তিবদ্ধ হোৱাৰ ফলত আৰু বহু হলীউদী ছবিৰ অফাৰ লাভ কৰাৰ সম্ভাৱনা আছে।

প্ৰায় বিস বছৰ ধৰি বলীউদত অভিনয় জীৱন পাৰ কৰা হৃতিকে অনুৰাগীসকলক বহুকেইখন ছুপাৰহিট ছবি উপহাৰ দিছে।

মাজে-সময়ে কিছু বেয়া দিন পাৰ কৰিলেও বিগত বছৰত ‘ৱাৰ’ আৰু ‘ছুপাৰ-৩০’ৰ জৰিয়তে পুনৰ হৃতিক দৰ্শকৰ মাজলৈ ঘুৰি আহিছে।

জানিব পৰা মতে, কৃশ চলচ্চিত্ৰখনৰ চতুৰ্থ সংস্কৰণত হৃতিকে দীপিকা পাডুকনৰ সৈতে যুটী বান্ধিব।

কিন্তু হৃতিকৰ এইবাৰ হলীউদ যাত্ৰাই অভিনেতাগৰাকীৰ কেৰিয়াৰত আন এক মাত্ৰা যে আনি দিব সেয়া নিশ্চিত।