উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা : ১২ ফেব্ৰুৱাৰিত আৰম্ভ হৈ সামৰণি পৰিব ১৪ মাৰ্চত

1482412643_bihar-state-examination-result-bihar-board-examination-result

প্ৰতিনিধিত্বমূলক ফটো

আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে জানিবলৈ দিয়া মতে অহা ১২ ফেব্ৰুৱাৰিত আৰম্ভ হৈ ১৪ মাৰ্চত পৰীক্ষাৰ সামৰণি পৰিব।

উল্লেখযোগ্য যে আজি অসম মাধ্যমিক শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচীও ঘোষণা কৰিছে।

আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচীখন হৈছে এনেধৰণৰ :-

১২ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব ইংৰাজীৰ পৰীক্ষা

১৪ ফেব্ৰুৱাৰিত ৰসায়ন বিজ্ঞান / বিজনেছ ষ্টাডিছ

১৫ ফেব্ৰুৱাৰিত হ’ব বৃত্তিগত বিষয়সমূহৰ পৰীক্ষা

১৬ ফেব্ৰুৱাৰিত ঐচ্ছিক অসমীয়া / সংস্কৃত/ পাৰ্ছী/ আৰবী

১৮ ফেব্ৰুৱাৰিত পদাৰ্থ বিজ্ঞান/ একাউন্টেঞ্চি/ ৰাজনীতি বিজ্ঞান/ বৃত্তিগত বিষয়ৰ পৰীক্ষা

২১ ফেব্ৰুৱাৰিত গণিত /ঐচ্ছিক সংস্কৃতৰ পৰীক্ষা

২৩ ফেব্ৰুৱাৰিত জীৱ বিজ্ঞান/ পৰিসংখ্যা/ বিণিজ্যিক গণিত/শিক্ষা/ আই টি

২৫ ফেব্ৰুৱাৰিত অসমীয়া (MIL) / ঐচ্ছিক ইংৰাজী

২৭ ফেব্ৰুৱাৰিত লজিক এণ্ড ফিল’ছফী/ ফাইন আৰ্টছ/ ইঞ্চুৰেঞ্চ/মনোবিজ্ঞান

২৮ ফেব্ৰুৱাৰিত বৃত্তিগত শাখাৰ পৰীক্ষা

১ মাৰ্চত অৰ্থনীতি বিজ্ঞানৰ পৰীক্ষা

২ মাৰ্চত অনুষ্ঠিত হ’ব সংগীত/হোম চায়েঞ্চ

৫ মাৰ্চত কম্পিউটাৰ /এণ্টাৰপ্ৰিনিউৰশ্বিপ ডেভেলপমেণ্ট

৭ মাৰ্চত ভূগোল /জিঅ’লজী /বেংকিং / মাল্টিমিডিয়া এণ্ড ৱেব টেকনল’জী

৯ মাৰ্চত নৃতত্ব/সমাজতত্ব/ছেলছমেনশ্বিপ এণ্ড এডভাৰ্টাইজিং/সংগীত

১২ মাৰ্চত পৰিসংখ্যাৰ পৰীক্ষা অনুষ্ঠিত হ’ব

১৪ মাৰ্চত জৈৱ প্ৰযুক্তি/ইতিহাস/ইক’নমিক জিঅ’গ্ৰাফী/সংগীত

শিক্ষা সংসদে প্ৰকাশ পৰীক্ষাৰ সূচীখন।

উল্লেখযোগ্য যে কেইদিনমান আগতে সৰ্বভাৰতীয় পৰীক্ষাত অসমৰ মেধাৱী শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিবলৈ সুবিধা হোৱাকৈ আৰু লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই পৰীক্ষা কিছু আগুৱাই অনাৰ সিদ্ধান্তৰ কথা সংসদ কৰ্তৃপক্ষই জানিব দিছিল।

উল্লেখযোগ্য যে ২০১৭-১৮ বৰ্ষত ফেব্ৰুৱাৰি মাহৰ অন্তিম সপ্তাহত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হৈ মাৰ্চ মাহত সমাপ্ত হৈছিল। এইবাৰ প্ৰায় ১০ দিন আগতীয়াকৈ পৰীক্ষা আৰম্ভ হ’ব আৰু মাৰ্চ মাহৰ মাজভাগতে পৰীক্ষা সমাপ্ত হ’ব।

আনহাতে, এইবাৰ পৰীক্ষাৰ ফলো কিছু আগতীয়াকৈ ঘোষণা কৰা হ’ব। তদুপৰি, মাৰ্কশ্বীট প্ৰদান প্ৰক্ৰিয়াও খৰতকীয়া কৰা হ’ব বুলিও কৰ্তৃপক্ষই ইতিমধ্যে জানিবলৈ দিছে। পূৰ্বে ফল ঘোষণাত পলম হোৱাৰ বাবেই অসমৰ মেধাৱী শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা গ্ৰহণৰ বাবে দেশৰ অগ্ৰণী শিক্ষানুষ্ঠান আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ উঠিছিল।