দেশৰ লগতে ৰাজ্যত পঞ্চম পৰ্যায়ৰ ল’কডাউন ।
এই ল’কডাউনৰ বাবে ডিজেটেল পদ্ধতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল দিবলৈ সাজু ছেবা।
প্ৰথম বাৰৰ বাবে ছেবাই ডিজিটেল পদ্ধতিৰে দিব ফলাফল।
৬ জুন শনিবাৰে ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল।
এইবাৰ ঘৰতে বহি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে।
১৪টা ৱেবচাইটৰ জৰিয়তে পৰীক্ষাৰ্থী তথা অভিভাৱকসকলে লাভ কৰিব ফলাফল।
তদুপৰি ইয়াৰ লগতে এটা নতুন এপ্লিকেশ্যনতো উপলব্ধ হ’ব এইবাৰৰ পৰীক্ষাৰ ফলাফল।
SEBA (class 10 Board)Results 2020 নামৰ এপত লাভ কৰিব পৰীক্ষাৰ ফলাফল। গুগুল প্লে’ ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব এই এপ।
ৰোল নম্বৰ, চেণ্টাৰ নম্বৰ আৰু এডমিটত থকা জন্মৰ তাৰিখ দি অনলাইন যোগে ঘৰতে লাভ কৰিব পাৰিব ফলাফল।
আনহাতে ফলাফল প্ৰকাশ কৰা ৱেবচাইট সমূহ হ’ল results.sebaonline.org , resultsassam.nic.in,www.examresults.net,www.examresults.net/assam/,www.indiaresults.com exametc.com,www.newsnation.in,www.newsstate.com,https://iresults.net,AssamjobAlerts.com AssamResult.in,www.results.siksha ,www.assam.siksha, www.jagranjosh.com
উল্লেখ্য যে অহা ৬ জুনৰ দিনা ৰাতিপুৱা ৯ বজাত প্ৰকাশ কৰা হ’ব ফলাফল।