সন্মুখত লোকসভা নিৰ্বাচন : এইবাৰ আগতীয়াকৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা

599104-hslc-results-2017

অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) অহা বৰ্ষৰ ফেব্ৰুৱাৰি মাহতে মেট্ৰিক  পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দৰে এইবাৰ মেট্ৰিক পৰীক্ষাও কিছু আগতীয়াকৈ অনুষ্ঠিত কৰা হ’ব।

ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে জানিবলৈ দিয়া মতে এইবাৰ ৰাজ্যখনৰ ৩.৫৭ লাখ পৰীক্ষাৰ্থীয়ে ইতিমধ্যে অনলাইন যোগে আবেদন কৰিছে। তদুপৰি, ছেবাই পূৰ্বৰ ৮৫২টা কেন্দ্ৰৰ বিপৰীতে এইবাৰ ৮৫৭টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ এইবাৰ ৫ টা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হ’ব।

আনহাতে, ২০১৯’ৰ জানুৱাৰি মাহতে মেট্ৰিকৰ সকলো ব্যৱহাৰিক পৰীক্ষা সম্পন্ন কৰা হ’ব। তদুপৰি, ছেবাই ফেব্ৰুৱাৰি মাহৰ শেষভাগৰ পৰা মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষাসমূহ সম্পন্ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে যথাসময়ত আনুষ্ঠানিক সূচী প্ৰকাশ কৰিব।

ইপিনে, পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত কোনো ধৰণৰ খেলিমেলিৰ যাতে সৃষ্টি নহয় তাৰ বাবে ছেবাই ব্যাপক সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিছে।ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে স্পষ্ট কৰি দিয়ে যে পৰীক্ষা কেন্দ্ৰসমূহত সুউচ্চ দেৱাল থকাটো বাধ্যতামূলক আৰু কেন্দ্ৰসমূহত অভিভাৱকে জুম বান্ধি ৰৈ থাকিব নোৱাৰিব।

তদুপৰি, প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি টিভি সংলগ্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰীক্ষাৰ্থীসকলে এইবাৰো নীলা চিঞাহীৰ পৰিৱৰ্তে ক’লা চিঞাহীৰে লিখাটো বাধ্যতামূলক কৰা হৈছে।