NORTHEAST NOW (Assamese)

কি ভৱিষ্যত পৰিকল্পনাৰ কথা সদৰী কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ধৃতিৰাজে?

June 6, 2020 11:27 am · কল্পজ্যোতি শইকীয়া
পৰিয়ালৰ সৈতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ধৃতিৰাজ বাস্তৱ কলিতা।

আজি ঘোষণা কৰা ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিলে ধৃতিৰাজ বাস্তৱ কলিতাই।

দৰং জিলাৰ বানেইকুছি গাঁৱৰ নৱ কুমাৰ কলিতা আৰু তুলুমনি কলিতাৰ সন্তান ধৃতিৰাজ।

ধৃতিৰাজে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈ ভৱিষ্যতে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰাৰ মন আছে বুলি ব্যক্ত কৰে।

“সময়ৰ ওপৰত গুৰুত্ব দিয়া নাছিলো, অধ্যয়নৰ ওপৰত গুৰুত্ব দিছিলো। উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি মেডিকেল লাইনত যোৱাৰ ইচ্ছা আছে,”- সংবাদ মাধ্যমৰ আগত এইদৰে কয় ধৃতিৰাজে।

বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজে পদুমপুখুৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

অতি মেধাবী ছাত্ৰজনে জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰীক্ষাত মুঠ ৫৯৫ নম্বৰ লাভ কৰে।

তেওঁ অসমীয়াত ৯৮, ইংৰাজীত ৯৯, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৮ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰে।

ফলাফল লাভ কৰাৰ পাছত সংবাদমাধ্যৰ আগত মনৰ ভাব প্ৰকাশ কৰিছে ধৃতিৰাজে।

ধৃতিৰাজৰ এই ফলাফলত এতিয়া আনন্দিত পিতৃ-মাতৃৰ লগতে প্ৰতিজন শুভাকাংখী। নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰাও মেধাৱী ধৃতিৰাজলৈ জনাইছো অভিনন্দন।

Related News