গোলাঘাটত বৃদ্ধি পাইছে নিৰ্বাচনী অপৰাধ; পুনৰ জব্দ নগদ ধন

IMG-20210324-WA0006(1)

ফটো: নৰ্থইষ্ট নাও।

২৭ মাৰ্চত গোলাঘাটত অনুষ্ঠিত হ’ব ২০২১’ৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিটোত বৃদ্ধি পাইছে অবৈধ ধনৰ লেনদেনৰ দৰে অপৰাধজনিত ঘটনা।

প্ৰত্যেকদিনাই সমষ্টিটোত এছ এছ টি আৰু এফ এছ টিয়ে ৰাজনৈতিক দলসমূহে অবৈধভাৱে সৰবৰাহ কৰা লাখ লাখ টকা জব্দ কৰি আহিছে।

মঙলবাৰে নিশাও জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি তিনিআলিত এছ এছ টি আৰু এফ এছ টিয়ে চি আৰ পি এফৰ সহযোগত এক লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়।

এ এছ ০৯ এ চি ২৪৫০ টাটা  ৪০৭ গাড়ীখনত উক্ত ধনৰাশি জব্দ কৰা হয়।

উল্লেখ্য যে যোৱা  ১৮ মাৰ্চত কমাৰবন্ধাৰ ওচৰত এ এছ ০১ ই বি ৬৬৮১ নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা ৮৪ হাজাৰ আৰু গোলাঘাটৰ ধনশিৰি দলঙৰ ওপৰত এখন এ এছ ০৬ এছ ৭৪২৭ নম্বৰৰ স্কৰপিঅ’ বাহনৰ পৰা ৮১ হাজাৰকৈ ধন জব্দ কৰা হৈছিল।

গোলাঘাট আৰু খুমটাই সমষ্টিত এই অবৈধ ধন তথা সুৰা নিয়োজিত হৈ থকা ষ্টেটিক ছাৰ্ভিলেঞ্চ দল, ফ্লায়িং স্কোৱাৰ্ড আৰু ভিডিঅ’ চাৰ্ভিলেঞ্চ দলে জব্দ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, যোৱা ১০ মাৰ্চত তালাচীৰ গোলাঘাটৰ দহমাইল খুটি অঞ্চলত উদ্ধাৰ কৰা হৈছিল এক লাখ পঞ্চলিছ হাজাৰ টকা।

গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী চকীৰ অধীনৰ দহমাইল খুঁটিত গোলাঘাট নিৰ্বাচনী বিভাগৰ দ্বাৰা নিয়োজিত ষ্টেটিক ছাৰ্ভিলেঞ্চ দলে এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছিল এই বিশাল ধনৰাশি।