NORTHEAST NOW (Assamese)

মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ সংখ্যক গৰু উদ্ধাৰ

December 27, 2019 7:23 am · এন ই নাও নিউজ
উদ্ধাৰ হোৱা গৰুবোৰ

সীমান্ত সুৰক্ষা বাহিনীয়ে বুধবাৰ আৰু বৃহস্পতিবাৰে মেঘালয় আন্তঃৰাষ্ট্ৰীয় সীমান্তত ২০৮ টা গৰু অবৈধ সৰবৰাহকাৰীৰ কবলৰ পৰা বাংলাদেশলৈ চালান দিবলৈ গৈ থকাৰ পৰা উদ্ধাৰ কৰে।

বি এছ এফৰ নিয়মিত পহৰাৰ সময়ত মেঘালয়ৰ কুইলাং বনাঞ্চলত অবৈধ গৰু সৰবৰাহকাৰীৰ অৱস্থিতিৰ উমান লাভ কৰে।

বি এছ এফে ভালদৰে তালাচী চলাই অৰণ্যৰ মাজত বান্ধি থোৱা অৱস্থাত ১৬৪ টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গৰুবোৰ বাংলাদেশলৈ লৈ যোৱাৰ বাবে তেনেকৈ বান্ধি ৰখা হৈছিল বুলি বি এছ এফৰ সূত্ৰত প্ৰকাশ।

একেদিনাই বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিভিন্ন স্থানত অভিযান চলাই আন ৪৪ টা গৰু উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা গৰুকেইটাৰ বজাৰ মূল্য প্ৰায় ৩২ লাখ টকাৰ ওচৰা-উচৰি হ’ব বুলি জানিব পৰা গৈছে।

বৰ্তমান ১,৩২৭ টা গৰু বিভিন্ন বি অ’ পিত নিলামৰ বাবে ৰাখি থোৱা হৈছে। প্ৰায় ১,১২৪ টা গৰু বিভিন্ন কাৰণত মৃত্যু হয় বুলি বি এছ এফে উল্লেখ কৰে।

উল্লেখযোগ্য যে, জব্দ হোৱা গৰুসমূহ নিলাম কৰা আৰু পুনৰ ঘুৰাই দিয়াটো বি এছ এফৰ বাবে এক কঠিন প্ৰত্যাহবান হিচাপে থিয় দিছে।

Related News