NORTHEAST NOW (Assamese)

চাপৰত বৃহৎ পৰিমাণৰ অবৈধ নিচাযুক্ত ঔষধ জব্দ :দুই সৰবৰাহকাৰীক আটক

September 9, 2021 10:29 am ·  তিলক প্ৰসাদ

সমগ্ৰ ৰাজ্যতে ড্ৰাগছ তথা অবৈধ নিচাযুক্ত ঔষধৰ বিৰুদ্ধে ব্যাপক অভিযান চলি থকাৰ সমান্তৰালকৈ এই অবৈধ সামগ্ৰীৰ অবৈধ সৰবৰাহো চলিয়েই আছে ।

ক্ৰমে এই ড্ৰাগছ তথা অবৈধ নিচাযুক্ত ঔষধৰ ৰম্যভূমিত পৰিণত হোৱা ধুবুৰী জিলাৰ চাপৰত যোৱা নিশা চাপৰ আৰক্ষীয়ে এক অভিযান চলাই প্ৰায় আঢ়ৈ হাজাৰ অবৈধ নিচাযুক্ত ঔষধ জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে এক গোপন সূত্ৰৰ পমখেদি চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলেৰ নেতৃত্বৰ আৰক্ষীৰ দলে যোৱা নিশা চাপৰৰ মৌৱাটাৰীৰ বেলতলীত অভিযান চলায়।

উক্ত অঞ্চলৰ আশ্ৰাফুল আলী(২৫) আৰু আব্দুছ চালাম (২৮) নামৰ যুৱক দুজনৰ ঘৰত  চলোৱা এই অভিযানত আৰক্ষীয়ে  সিহঁতৰ ঘৰৰ চৌহদৰ পৰা প্ৰায় ২৪৫০ অবৈধ নিচাযুক্ত ঔষধ(NT-10,Nitrazepam) জব্দ কৰিবলৈ সক্ষম হয়।

লগতে উক্ত সৰবৰাহকাৰী দ্বয় ক্ৰমে  আশ্ৰাফুল আৰু আব্দুছ চালামক আটক কৰে ।

বৰ্তমানে আৰক্ষীয়ে দুয়ো অভিযুক্তকে সোধাপোছা কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

চাপৰ আৰক্ষীয়ে ড্ৰাগছ আৰু নিচাযুক্ত ঔষধৰ বিৰুদ্ধে গ্ৰহণ কৰি অহা কঠোৰ স্থিতিক চাপৰবাসীয়ে শলাগ লৈছে ।

Related News