NORTHEAST NOW (Assamese)

পেঙেৰীত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ! আলফা (স্বা)ৰ বুলি সন্দেহ

March 16, 2019 9:35 pm · মানস প্ৰতিম গগৈ
Updated: March 16, 2019 9:40 pm

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে তিনিচুকীয়া জিলাৰ পেঙেৰীত আজি বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। পেঙেৰী থানাৰ অন্তৰ্গত তৰাণি গাঁৱৰ ৰিতুপথাৰত উদ্ধাৰ হয় কেইবাটাও মেগজিনসহ সক্ৰিয় গুলি-বাৰুদ।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত মাৰ্ঘেৰিটা মহকুমা আৰক্ষীয়ে সৰকান্ত মৰাণ নামৰ এজন লোকৰ পথাৰত অভিযান চলাই বিদেশত নিৰ্মিত উক্ত অস্ত্ৰখিনি উদ্ধাৰ কৰে। আৰক্ষীয়ে অস্ত্ৰখিনি সন্দেহযুক্ত আলফা স্বাধীনৰ বুলি সন্দেহ কৰিছে। অৱশ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যহাত ৰাখিছে।

উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি আৰক্ষী আৰু সেনাই তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটিয়া কৰি তোলাৰ ফলত উগ্ৰপন্থী সংগঠনৰ সদস্যই বিস্ফোৰক সামগ্ৰী সৰবৰাহ কৰিব নোৱাৰিয়ে উক্ত পথাৰত গুলী, মেগজিন আদি এৰি যায় বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

আনহাতে ম্যনমাৰত উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী বিৰুদ্ধে অভিযান চলাৰ পিছত বিভিন্ন উগ্ৰপন্থী সংগঠনে ভাৰতবৰ্ষত প্ৰৱেশৰ চেষ্টা অব্যহাত ৰাখিছে বুলি নিৰাপত্তা এজেন্সি সমূহৰ সূত্ৰত প্ৰকাশ।

Related News