লামডিং ৰে’ল জংচনত নিশা বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ

Rail Ganja

লামডিঙত উদ্ধাৰ হোৱা গাঞ্জাখিনি।

মঙলবাৰে নিশা লামডিঙত ৰে’ল আৰক্ষীয়ে অভিযান চলাই ১২৫২৬ নং নামনিমুৱা  ডিব্ৰুগড়-কলকতা ইন্দ্ৰানি এস্কপ্ৰেছ ৰে’লগাড়ীখনৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণী অনুসৰি বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত লামডিং ৰে’ল আৰক্ষীৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দলে ইন্দ্ৰানি এক্সপ্ৰেছ ৰে’লগাড়ীখনত অভিযান চলাই আৰু বৃহৎ পৰিমাণৰ গাঞ্জাখিনি উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১৪ লাখ টকাৰ অধিক হ’ব।

এইপৰ্যন্ত গাঞ্জাখিনি কোনে ৰে’লগাড়ীখনলৈ আনিছিল বা ঘটনাৰ লগত কোন জড়িত হৈ আছে এই সম্পৰ্কে আৰক্ষীয়ে সন্ধান উলিওৱাত ব্যৰ্থ হৈছে।

উল্লেখযোগ্য যে, লামডিং ৰে’ল জংচনত প্ৰায়ে ৰে’লগাড়ীৰ পৰা বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হৈ আহিছে।

আনহাতে, ৰে’ল আৰক্ষীয়ে উদ্ধাৰ হোৱা গাঞ্জাখিনি লামডিং আৰক্ষীৰ হাতত চমজাই দিয়ে। স্থানীয় ৰাইজে শীঘ্ৰে অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।