বিশ্বনাথত বৃহৎ পৰিমানৰ গুটখা জব্দ

ফটো : নৰ্থ-ইষ্ট নাও

বিশ্বনাথৰ অমৃত ৰাজ নামৰ এজন অসাধু ব্যৱসায়ীয়ে বিক্ৰীৰ বাবে অনা বৃহৎ পৰিমানৰ গুটখা একাংশ সমাজ সচেতকৰ তৎপৰতাত জব্দ কৰিবলৈ সক্ষম হয়।

AS 25 DC 1483 নম্বৰৰ এখন সুপ্ৰিয় গাড়ীত আনিছিল গুটখাখিনি। স্থানীয় ৰাইজে ব্যৱসায়ীজনৰ সৈতে গাড়ীসহ গুটখাখিনি জব্দ কৰি বিশ্বনাথ আৰক্ষীক চমজাই দিয়ে।

গুটখা খিনিৰ মূল্য প্ৰায় ৫ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জনায়।

উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত বিশ্বনাথত গুটখা নিষিদ্ধ কৰিছিল প্ৰশাসনে। কিন্তু অমৃত ৰাজ নামৰ অসাধু ব্যবসায়ীজনে লকডাউনৰ সময়তো প্ৰশাসনৰ নিৰ্দেশনাক অমান্য কৰি দীৰ্ঘদিন ধৰি বিশ্বনাথৰ ক্ষুদ্ৰ প্ৰতিষ্ঠান সমূহত অবৈধভাবে প্ৰদান কৰি আহিছিল নিষিদ্ধ গুটখা।

দীৰ্ঘদিনৰ পৰা বিস্বনাথ অঞ্চলত গুটখাৰ ৰমৰমীয়া বেহা চলাই অহা অমৃত ৰাজৰ বিৰুদ্ধে ইতিমধ্যে জাতীয় দল-সংগঠনে বিশ্বনাথ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

এতিয়া ব্যৱসীয়া ৰাজৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।