• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনৰ পূৰ্বে উঃ পূঃৰ বেংকত হৈছে সন্দেহজনক ধনৰ বৃহৎ লেনদেন: আয়কৰ বিভাগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 3, 2019 10:25 pm
Huge amounts of suspicious cash withdrawals have been made from NE banks after announcement of loksabha election: IT director

উত্তৰ-পূবৰ আয়কৰ (তদন্ত) সঞ্চালকালয়ৰ মুখ্য সঞ্চালকৰ বুধবাৰৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি শাসিত অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খান্দুৰ কনভয়ৰ পৰা নিৰ্বাচনী ব্যয় নিৰীক্ষকে ১কোটি ৮০লাখ টকা জব্দ কৰাৰ অভিযোগৰ মাজতে আসন্ন লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূবৰ বেংকসমূহত সন্দেহজনক ধনৰ বৃ্হৎ লেনদেন হোৱাৰ কথা সদৰী কৰিছে খোদ আয়কৰ বিভাগে।

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিন ধৰি বুধবাৰলৈকে উত্তৰ-পূবত জব্দ কৰা হৈছে মুঠ ৩.৭৬কোটি টকা (অৰুণাচলৰ মুখ্য মন্ত্ৰীৰ কনভয় বাদ দিও)। সাধাৰণ নিৰ্বাচন, ২০১৯ৰ অধিসূচনা জাৰি হোৱাৰ পৰা উত্তৰ-পূবৰ আয়কৰ (তদন্ত) সঞ্চালকালয়ে এলেকাটোত নিয়োগ কৰিছে ১৫০গৰাকীৰো অধিক বিষয়া।

গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত আয়কৰ ভৱনত এক সংবাদমেলযোগে বিভাগটোৰ মুখ্য সঞ্চালক সঞ্জয় বাহাদুৰে এই কথা সদৰী কৰিছে।

“নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা সময়ত বেংকসমূহত হৈ থকা এনে দুষ্কাৰ্য্য প্ৰতিৰোধ কৰাৰ বাবে নিৰ্বাচনী আয়োগে জিলা নিৰ্বাচনী বিষয়াসমূহলৈ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। লগতে বেংকসমূহেও কোনো লোকে ১০ লাখ টকাতকৈ অধিক লেনদেন কৰাৰ তথ্য থাকিলে আয়কৰ বিভাগলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক বুলি নিৰ্বাচনী আয়োগে নিৰ্দেশনা দিছে,” ইতিমধ্যে প্ৰাথমিক তথ্যসমূহ ভাৰতীয় নিৰ্বাচনী আয়োগৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি উল্লেখ কৰি বিষয়াগৰাকীৰ মন্তব্য।

কিন্তু ভাৰতৰ নিৰ্বাচনী আয়োগেৰ নিৰ্দেশনা জিলা নিৰ্বাচনী বিষয়াসকলৰ লগতে বেংক পৰিচালকসকলেও এৰাই চলিছে বুলি অভিযোগ কৰিছে বিষয়াজনে।

“নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পৰা অৰ্থাৎ ১৮ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে উত্তৰ-পূবৰ ১১২খন জিলাৰ ১৪গৰাকী জিলা নিৰ্বাচনী বিষয়াইহে প্ৰতিবেদন প্ৰেৰণ কৰিছে। আমি নিজৰ চোৰাংচোৱাৰ পৰা পোৱা তথ্য মতে বেংকসমূহৰ পৰা পোৱা তথ্য তেনেই নগণ্য,” তেওঁ জনায়। “এতিয়ালৈকে লাভ কৰা তথ্য মতে এটা অঞ্চলৰ ৫টা প্ৰধান বেংকেহে ১০ দিনৰ তথ্য যোগান ধৰিছে। এই সামান্য তথ্য নিৰীক্ষণত ১০০টা বেংক একাউন্টৰ জৰিয়তে সন্দেহজনক ধনৰ লেনদেন হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ২০০ টা গোচৰৰ তদন্ত চলি আছে।”

ইয়াৰোপৰি, বিত্তীয় চোৰাংচোৱা সংস্থা, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু উত্তৰ-পূবৰ মুখ্য বেংকসমূহক ১০ লাখ টকাতকৈ বেছি ধনৰ লেনদেন কৰাৰ ডিজিটেল তথ্য সৰবৰাহ কৰিবৰ বাবে জনোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

August 22, 2025 12:46 pm
‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm
ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

August 22, 2025 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

ৰাস্তাৰ কুকুৰবোৰক আৱদ্ধ কৰি ৰাখিব নোৱাৰিব; উচ্চতম ন্যায়ালয়ে সলনি কৰিলে ৰায়, বান্ধি দিলে চৰ্ত!

August 22, 2025 1:01 pm
হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

হিমন্ত আৰু অসম আৰক্ষীৰ মুখত চূণ সানিলে উচ্চতম ন্যায়ালয়ে! সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু কৰণ থাপৰক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা

August 22, 2025 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd