NORTHEAST NOW (Assamese)

বিধায়িকা আঙুৰলতাৰ দুৰ্নীতি বিৰোধী হুংকাৰক অংগুষ্ঠ : বটদ্ৰৱাত পথ নিৰ্মাণত ব্যাপক অনিয়ম

September 20, 2018 7:47 pm · মিণ্টু দাস
বটদ্রবাৰ পথত বখলা বখলকৈ খহিছে ব্লেক টপিং। ফটো : নৰ্থইষ্ট নাও

বটদ্ৰৱা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাৰ হুংকাৰক অংগুষ্ঠ দেখুৱাই ঠিকাদাৰে পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত কৰিছে।

উল্লেখ্য যে, মৰিগাঁও জিলাৰ বিভিন্ন ঠাইৰ পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ অহা তীৰ্থযাত্রীৰ সুবিধার্থে বিজেপি চৰকাৰে বিশ্ব বেংকৰ আঁচনিৰ জৰীয়তে বটদ্ৰবা থান আৰু কুঁজী সত্ৰ সংযোগী ১৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিছিল। এই গুৰুত্বপূৰ্ণ পথটোৰ ঠিকা লাভ কৰিছিল নগাঁৱৰ ৰমেশ আগৰৱালা নামৰ এজন ঠিকাদাৰে।

কিন্তু পথটো নিৰ্মাণৰ কাম সম্পূর্ণ হোৱাৰ এসপ্তাহ পিছতেই  বটদ্ৰৱাৰ গোঁ‌সাইখুন্দাবাসী ৰাইজে হাতেৰেই পথৰ ব্লেক টপিং এৰোৱা দেখিবলৈ পোৱা গ’ল। পথটো নিৰ্মাণত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিত ঠিকাদাৰৰ লগতে ৰাজনৈতিক নেতা পালিনেতা আৰু বিভাগীয় বিষয়া জড়িত  থকাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

অতিশয় গুৰুত্বপূৰ্ণ বিষয় যে, বটদ্ৰৱাত ঠিকাদাৰে কোনো দুৰ্নীতি-অনিয়ম সংঘটিত কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সেই কামটো সেই জন ঠিকাদাৰৰ শেষ কাম হ’ব বুলি সভাই সমিতিয়ে হুংকাৰ দি আহিছিল বিধায়িকা আঙুৰলতা ডেকাই।

কিন্তু বটদ্ৰৱাত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম। ফলত, নৱনিৰ্মিত গড়কাপ্তানি পথ নিৰ্মাণৰ এসপ্তাহৰ পিচতে বখলা বখলকৈ খহিছে পথৰ ব্লেক টপিং। স্থানীয় ৰাইজে এই পথটোৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ বিষয়ে ঠিকাদাৰৰ বিৰুদ্ধে হুংকাৰ দিয়া বিধায়িকা আঙুৰলতা ডেকাক অৱগত কৰিছে যদিও নীৰৱ ভূমিকা পালন  কৰি আহিছে বিধায়িকাগৰাকীয়ে।

বিধায়িকাগৰাকীৰ এনে নীৰৱ ভূমিকাৰ বাবেই গোটেই বিষয়টো সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। তদুপৰি, ৰাইজে দাবী কৰিছে যে সংশ্লিষ্ট কৰ্তৃপক্ষই এই গুৰুত্বপূৰ্ণ পথত সংঘটিত হোৱা ব্যাপক অনিয়মৰ তদন্ত কৰি বিভাগীয় বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ইয়াৰ উপৰি অনাগত দিনত সেইজন ঠিকাদাৰৰ বিৰুদ্ধে বিধায়িকাগৰাকীযে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব বুলিও স্থানীয় ৰাইজে মতপোষণ কৰিছে।

Related News