• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধায়িকা আঙুৰলতাৰ দুৰ্নীতি বিৰোধী হুংকাৰক অংগুষ্ঠ : বটদ্ৰৱাত পথ নিৰ্মাণত ব্যাপক অনিয়ম

মিণ্টু দাস by মিণ্টু দাস
September 20, 2018 7:47 pm
বটদ্রবা

বটদ্রবাৰ পথত বখলা বখলকৈ খহিছে ব্লেক টপিং। ফটো : নৰ্থইষ্ট নাও

108
VIEWS
Share on FacebookShare on Twitter

বটদ্ৰৱা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাৰ হুংকাৰক অংগুষ্ঠ দেখুৱাই ঠিকাদাৰে পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত কৰিছে।

উল্লেখ্য যে, মৰিগাঁও জিলাৰ বিভিন্ন ঠাইৰ পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ অহা তীৰ্থযাত্রীৰ সুবিধার্থে বিজেপি চৰকাৰে বিশ্ব বেংকৰ আঁচনিৰ জৰীয়তে বটদ্ৰবা থান আৰু কুঁজী সত্ৰ সংযোগী ১৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিছিল। এই গুৰুত্বপূৰ্ণ পথটোৰ ঠিকা লাভ কৰিছিল নগাঁৱৰ ৰমেশ আগৰৱালা নামৰ এজন ঠিকাদাৰে।

কিন্তু পথটো নিৰ্মাণৰ কাম সম্পূর্ণ হোৱাৰ এসপ্তাহ পিছতেই  বটদ্ৰৱাৰ গোঁ‌সাইখুন্দাবাসী ৰাইজে হাতেৰেই পথৰ ব্লেক টপিং এৰোৱা দেখিবলৈ পোৱা গ’ল। পথটো নিৰ্মাণত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিত ঠিকাদাৰৰ লগতে ৰাজনৈতিক নেতা পালিনেতা আৰু বিভাগীয় বিষয়া জড়িত  থকাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

অতিশয় গুৰুত্বপূৰ্ণ বিষয় যে, বটদ্ৰৱাত ঠিকাদাৰে কোনো দুৰ্নীতি-অনিয়ম সংঘটিত কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সেই কামটো সেই জন ঠিকাদাৰৰ শেষ কাম হ’ব বুলি সভাই সমিতিয়ে হুংকাৰ দি আহিছিল বিধায়িকা আঙুৰলতা ডেকাই।

কিন্তু বটদ্ৰৱাত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম। ফলত, নৱনিৰ্মিত গড়কাপ্তানি পথ নিৰ্মাণৰ এসপ্তাহৰ পিচতে বখলা বখলকৈ খহিছে পথৰ ব্লেক টপিং। স্থানীয় ৰাইজে এই পথটোৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ বিষয়ে ঠিকাদাৰৰ বিৰুদ্ধে হুংকাৰ দিয়া বিধায়িকা আঙুৰলতা ডেকাক অৱগত কৰিছে যদিও নীৰৱ ভূমিকা পালন  কৰি আহিছে বিধায়িকাগৰাকীয়ে।

বিধায়িকাগৰাকীৰ এনে নীৰৱ ভূমিকাৰ বাবেই গোটেই বিষয়টো সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। তদুপৰি, ৰাইজে দাবী কৰিছে যে সংশ্লিষ্ট কৰ্তৃপক্ষই এই গুৰুত্বপূৰ্ণ পথত সংঘটিত হোৱা ব্যাপক অনিয়মৰ তদন্ত কৰি বিভাগীয় বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ইয়াৰ উপৰি অনাগত দিনত সেইজন ঠিকাদাৰৰ বিৰুদ্ধে বিধায়িকাগৰাকীযে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব বুলিও স্থানীয় ৰাইজে মতপোষণ কৰিছে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd