• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শ্ৰেণীকোঠাত সোমাইয়ে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী; মাত্ৰ ৯ বছৰ বয়সতে হাৰ্ট এটেক! নিমিষতে সকলো শেষ

চিচিটিভি ফুটেজত দেখা গৈছে যে খেলৰ সময় শেষ হোৱাৰ লগে লগে শ্ৰেণীকোঠাত সোমাই ছাত্ৰীগৰাকীয়ে কঁকালত হাত থৈ কিছু সময় ৰৈছিল। কেইছেকেণ্ডমানৰ ভিতৰতে তাই শ্ৰেণীকোঠাৰ মজিয়াত মুখথেকেচা খাই পৰি যায়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2026 5:08 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খেলা-ধূলা কৰাৰ পিছত স্বাভাৱিকভাৱে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছিল।  সহপাঠীসকলৰ সন্মুখতে মৰ্মান্তিক পৰিণতি ঘটিল ৯ বছৰ বয়সীয়া এগৰাকী ছাত্ৰীৰ। স্কুলৰ শ্ৰেণীকোঠাতে চেতনা হেৰুৱাই ঢলি পৰে। ঘটনাস্থলীতে তাইৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলায়।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, বুধবাৰে পুৱা দিল্লীৰ ময়ুৰ বিহাৰ ফেজ-টুৰ লাভলী হেৰিটেজ স্কুলত সংঘটিত হৈছে এই ঘটনা। গেম পিৰিয়ডৰ পিছত শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ লগে লগে ছাত্ৰীগৰাকীয়ে মৃত্যুৰ কোলাত ঢলি পৰে। ঘটনাটোৱে কেৱল সহপাঠীকে নহয় শিক্ষকসকলকো স্তম্ভিত কৰি তুলিছে।

চিচিটিভি ফুটেজত দেখা গৈছে যে খেলৰ সময় শেষ হোৱাৰ লগে লগে শ্ৰেণীকোঠাত সোমাই ছাত্ৰীগৰাকীয়ে কঁকালত হাত থৈ কিছু সময় ৰৈছিল। কেইছেকেণ্ডমানৰ ভিতৰতে তাই শ্ৰেণীকোঠাৰ মজিয়াত মুখথেকেচা খাই পৰি যায়। লগে লগে তাইৰ সহপাঠীসকলে দৌৰি ওচৰলৈ আহে। আনকি শিক্ষকেও লৰালৰিকৈ ছোৱালীজনীৰ ওচৰলৈ গৈ তাইৰ মুখত পানী ছটিয়াই দি মাত দিয়ে। কিন্তু তাই কোনো সঁহাৰি নিদিলে।

Apply Now

বিদ্যালয়ৰ কৰ্মচাৰীয়ে ততাতৈয়াকৈ ছোৱালীজনীক স্থানীয় চিকিৎসালয়লৈ লৈ যায়। কিন্তু তাত তাইক ভৰ্তি নকৰালে। তাৰ পিছত তাইক নিৰ্মাণ বিহাৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতে চিকিৎসকে ছোৱালীজনীক মৃত বুলি ঘোষণা কৰে।

ইতিমধ্যে বিদ্যালয়খনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বিদ্যালয়ৰ শিক্ষকসকলৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে। আনকি সহপাঠীসকলকো প্ৰশ্ন কৰা হৈছে। ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। চিকিৎসকৰ প্ৰাৰম্ভিক অনুমান অনুসৰি হাৰ্ট এটেক বা কাৰ্ডিয়াক এৰেষ্টৰ বাবে ছোৱালীজনীৰ মৃত্যু হ’ব পাৰে। কিন্তু মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে জানিব পৰা যাব।

এনেধৰণৰ আন এক ঘটনা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হৈছিল। বিদ্যালয়ৰ চৌহদত খেলি থাকোঁতে বাগৰি পৰে এগৰাকী ছোৱালী। ইয়াৰ ভয়াৱহ পৰিণতি কোনেও কল্পনা কৰা নাছিল। বিদ্যালয়ৰ চৌহদত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় এগৰাকী ৯ বছৰীয়া ছাত্ৰীৰ। সেই ঘটনাতো সকলোৱে স্তম্ভিত হৈ পৰিছিল।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছিল ৰাজস্থানত। আৰক্ষীয়ে জনোৱা মতে, এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছিল গোটানৰ এখন ব্যক্তিগত বিদ্যালয়ত। নাবালিকা পঞ্চম শ্ৰেণীৰ ছাত্ৰী আছিল।২৩ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৭:৩০ বজাত এই ঘটনা সংঘটিত হৈছিল।তেতিয়াও স্কুলৰ প্ৰাৰ্থনা আৰম্ভ হোৱা নাছিল। তাৰ আগতে এদল ছাত্ৰ-ছাত্ৰীয়ে খেলপথাৰত খেলি আছিল।

ছোৱালীজনীয়েও সহপাঠীৰ লগত খেলি আছিল। তাইৰ হঠাৎ বুকুৰ বিষ অনুভৱ হ’ল। শৰীৰৰ অস্বস্তি বাঢ়ি অহাৰ লগে লগে তাই চেতনা হেৰুৱাই স্কুলৰ পথাৰত ঢলি পৰিল। স্কুলৰ কৰ্মচাৰীয়ে ততাতয়াকৈ উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয় পোৱাৰ পাছতে চিকিৎসকে তাইক মৃত বুলি ঘোষণা কৰে।

#Delhi #BigBreakingNews
A 9-year-old girl, Class III student of Lovely Public School, Mayur Vihar, the child had reportedly been brought to Malik Redix Health Care, Nirman Vihar where she was declared brought dead. During the preliminary enquiry, CCTV footage of the class was examined, which reportedly shows the girl suddenly collapsing. Further enquiry is underway to ascertain the exact circumstances of the incident

— Advocate Ms Alvi (@Umm_e_Meeran) November 4, 2026

পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ অনুমতি নিদিলে। আৰক্ষীৰ হস্তক্ষেপৰ পূৰ্বে নাবালিকাৰ শেষ কৃত্য সম্পন্ন কৰা হয়। পৰিয়ালটোৱে লগতে জনাইছিল যে ঠিক চাৰি মাহৰ পূৰ্বে নাবালিকাগৰাকীৰ ককায়েকৰো একেদৰেই হাৰ্ট এটেকত মৃত্যু হৈছিল। বিগত বৰ্ষৰ ৯ ছেপ্টেম্বৰত মৃত নাবালিকাৰ ককায়েকে ঘৰত খেলি থকাৰ সময়তে চেতনা হেৰুৱাই ঢলি পৰে। চিকিৎসালয়লৈ নিয়াৰ পিছত গম পোৱা গৈছিল যে তেওঁৰ হাৰ্ট এটেকত মৃত্যু হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘অনিৰ্দিষ্টকাল অপেক্ষা নহয়’, যন্তৰ মন্তৰত আৰক্ষীৰ তাণ্ডৱৰ ঘটনাত ১ মাহৰ ভিতৰত প্ৰতিবেদন তলব উচ্চতম ন্যায়ালয়ৰ

‘অনিৰ্দিষ্টকাল অপেক্ষা নহয়’, যন্তৰ মন্তৰত আৰক্ষীৰ তাণ্ডৱৰ ঘটনাত ১ মাহৰ ভিতৰত প্ৰতিবেদন তলব উচ্চতম ন্যায়ালয়ৰ

November 5, 2026 6:05 pm
শ্ৰেণীকোঠাত সোমাইয়ে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী; মাত্ৰ ৯ বছৰ বয়সতে হাৰ্ট এটেক! নিমিষতে সকলো শেষ

শ্ৰেণীকোঠাত সোমাইয়ে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী; মাত্ৰ ৯ বছৰ বয়সতে হাৰ্ট এটেক! নিমিষতে সকলো শেষ

November 5, 2026 5:08 pm
দেশত অশান্তি বিয়পাবলৈ বিদেশী ধন লৈছে চি জে পিয়ে! কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ বিস্ফোৰক অভিযোগ

দেশত অশান্তি বিয়পাবলৈ বিদেশী ধন লৈছে চি জে পিয়ে! কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ বিস্ফোৰক অভিযোগ

November 5, 2026 3:00 pm
আই এন এছ ব্ৰহ্মপুত্ৰ দুৰ্ঘটনাত নৌসেনাৰ ডাঙৰ পদক্ষেপ! দুজন বিষয়াৰ ক’ৰ্ট মাৰ্শ্বেল

আই এন এছ ব্ৰহ্মপুত্ৰ দুৰ্ঘটনাত নৌসেনাৰ ডাঙৰ পদক্ষেপ! দুজন বিষয়াৰ ক’ৰ্ট মাৰ্শ্বেল

November 5, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘অনিৰ্দিষ্টকাল অপেক্ষা নহয়’, যন্তৰ মন্তৰত আৰক্ষীৰ তাণ্ডৱৰ ঘটনাত ১ মাহৰ ভিতৰত প্ৰতিবেদন তলব উচ্চতম ন্যায়ালয়ৰ

‘অনিৰ্দিষ্টকাল অপেক্ষা নহয়’, যন্তৰ মন্তৰত আৰক্ষীৰ তাণ্ডৱৰ ঘটনাত ১ মাহৰ ভিতৰত প্ৰতিবেদন তলব উচ্চতম ন্যায়ালয়ৰ

November 5, 2026 6:05 pm
শ্ৰেণীকোঠাত সোমাইয়ে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী; মাত্ৰ ৯ বছৰ বয়সতে হাৰ্ট এটেক! নিমিষতে সকলো শেষ

শ্ৰেণীকোঠাত সোমাইয়ে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী; মাত্ৰ ৯ বছৰ বয়সতে হাৰ্ট এটেক! নিমিষতে সকলো শেষ

November 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd