বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা দেশলৈ ঘূৰি যোৱাৰ সম্ভাৱনাক লৈ পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনৰ প্ৰাক্তন বিষয়া মাইকেল ৰুবিনে দেশলৈ হাছিনা উভতি অহাৰ সময়ত তেওঁৰ নিৰাপত্তাৰ সন্দৰ্ভত এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে।
তেওঁৰ স্পষ্ট সতৰ্কবাণী যে শ্বেখ হাছিনাৰ সামান্য ক্ষতি হ’লেও তাৰিক ৰহমানৰ চৰকাৰে সম্পূৰ্ণ দায়িত্ব ল’ব লাগিব। কেৱল সেয়াই নহয়, এই বিষয়ত বাংলাদেশ চৰকাৰৰ সৈতে কোনো আপোচ নকৰাকৈ ভাৰতক হাছিনাৰ কাষত থিয় দিবলৈও তেওঁ পৰামৰ্শ দিছে।
নিউয়ৰ্কত আয়োজিত ‘বাংলাদেশৰ ভৱিষ্যত’ শীৰ্ষক আলোচনাত বক্তব্য ৰাখি ৰুবিনে এই মন্তব্য কৰে। ২০০২ চনৰ পৰা ২০০৪ চনলৈকে পেন্টাগনত কাম কৰা ৰুবিনে কয় যে যদি শ্বেখ হাছিনাৰ মূৰৰ এডাল চুলিৰো ক্ষতি হয় তেন্তে তাৰিক ৰহমান আৰু তেওঁৰ চৰকাৰে সম্পূৰ্ণ দায়িত্ব ল’ব লাগিব।
তেওঁৰ মতে এই বাৰ্তা বাংলাদেশৰ প্ৰধানমন্ত্ৰীলৈ আগতীয়াকৈ প্ৰেৰণ কৰাটো প্ৰয়োজন। আমেৰিকাৰ প্ৰাক্তন বিষয়াগৰাকীয়ে বাংলাদেশত নিয়োজিত আমেৰিকাৰ ৰাষ্ট্ৰদূত আৰু আন দেশৰ কূটনীতিবিদসকলকো একে বাৰ্তা ঢাকালৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে।
ৰুবিনৰ বক্তব্যত ভাৰতৰ ভূমিকাই বিশেষ গুৰুত্ব লাভ কৰিছে। তেওঁৰ মতে, নতুন দিল্লীয়ে হাছিনাৰ নিৰাপত্তাৰ বিষয়ত বাংলাদেশ চৰকাৰৰ সৈতে কোনো ধৰণৰ আপোচ কৰা উচিত নহয়। বৰঞ্চ এই পৰিস্থিতিত ভাৰতে দৃঢ় স্থিতি লোৱা উচিত। তেওঁ কয় যে হাছিনাৰ কাষত থিয় দিয়াৰ উপৰিও বাংলাদেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয়।
উল্লেখ্য যে ২০২৪ চনৰ ৫ আগষ্টত ছাত্র আন্দোলনৰ বাবে বাংলাদেশ এৰি ভাৰতলৈ অহা শ্বেখ হাছিনা তেতিয়াৰ পৰাই ভাৰতত আছে। শেহতীয়াকৈ আৱামী লীগৰ নেত্ৰীগৰাকীয়ে ১৬ ডিচেম্বৰৰ বাংলাদেশৰ বিজয় দিৱসত দেশলৈ ঘূৰি অহাৰ ইচ্ছা প্ৰকাশ কৰে। নিউয়ৰ্কত অনুষ্ঠিত হোৱা আলোচনা সভাত তেওঁ ভাৰ্চুৱেলভাৱে যোগদান কৰিছিল। বাংলাদেশলৈ ঘূৰি যোৱাৰ তাৰিখ ঘোষণা কৰাৰ পিছৰে পৰা বাংলাদেশত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে।
হাছিনাৰ মুখপাত্ৰ চৈয়দ মোজামেল আলীয়ে কয় যে ২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশী বিমানেৰেই তেওঁক ভাৰতলৈ অনা হৈছিল।গতিকে এইবাৰো বাংলাদেশ চৰকাৰে ৰাষ্ট্ৰীয় বিমান সংস্থা বিমান বাংলাদেশ এয়াৰলাইন্সৰ জৰিয়তে ঘূৰি অহাৰ ব্যৱস্থা কৰিব লাগিব। হাছিনাই ঘৰলৈ উভতি যাবলৈ প্ৰয়োজনীয় নথি-পত্ৰৰ ব্যৱস্থা কৰিবলৈও কৈছে। তেওঁৰ মতে, অসাংবিধানিক পৰিস্থিতিত দেশ এৰি যাবলৈ বাধ্য হৈছিলহাছিনা। গতিকে তেওঁক ঘৰলৈ উভতি অহাৰ ব্যৱস্থা কৰাটো চৰকাৰৰ দায়িত্ব।
কিন্তু হাছিনাৰ উভতি অহাত ঢাকা একেবাৰেই নৰম নহয়। বাংলাদেশৰ বৈদেশিক মন্ত্ৰী শ্বামা ওবাইদ ইছলামে কয় যে হাছিনা ঘৰলৈ উভতি অহাৰ লগে লগে গ্ৰেপ্তাৰ কৰা হ’ব। ইয়াৰ পিছত তেওঁক জেললৈ প্ৰেৰণ কৰা হ’ব আৰু আইনী প্ৰক্ৰিয়া অনুসৰণ কৰা হ’ব। আনহাতে, প্ৰত্যৰ্পণ প্ৰক্ৰিয়া অবিহনে হাছিনাক বাংলাদেশলৈ ঘূৰাই অনাৰ কোনো সম্ভাৱনা নাই বুলি কয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবীয়ে। তেওঁ মন্তব্য কৰে যে তেওঁক হেণ্ডকাফ পিন্ধাই দেশলৈ ঘূৰাই অনা হ’ব। ফলত হাছিনাক নিজৰ ইচ্ছামতে ঘৰলৈ উভতি অহা আৰু প্ৰত্যৰ্পণৰ জৰিয়তে ভাৰতৰ পৰা ঘূৰাই অনা বিষয়টোক লৈ ঢাকাৰ স্থিতি লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে।
ইয়াৰ লগত যোগ হৈছে হাছিনাৰ বিৰুদ্ধে আইনী গোচৰ। ২০২৪ চনৰ আন্দোলনৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত বাংলাদেশৰ আদালতেতেওঁৰ অনুপস্থিতিতেই মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ফলত তেওঁ ঘৰলৈ উভতি আহিলে গ্ৰেপ্তাৰ আৰু কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। এই পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ এটা অংশই ৰুবিনে তেওঁৰ সুৰক্ষা সম্পৰ্কে কৰা মন্তব্যক বিশেষ তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে।
হাছিনাৰ পিছত বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভতো দীৰ্ঘদিন ধৰি ৰুবিনে সৰৱ হৈ আহিছে। ইয়াৰ পূৰ্বে মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰিছিল। বাংলাদেশত জামাত-ই-ইছলামীৰ প্ৰভাৱ বৃদ্ধি আৰু সংখ্যালঘুসকলৰ সুৰক্ষাক লৈও তেওঁ উদ্বেগ প্ৰকাশ কৰিছিল। এইবাৰ তেওঁ তাৰিক ৰহমানৰ চৰকাৰক পোনপটীয়াকৈ সকীয়াই দিছে।
কিন্তু ৰুবিনৰ এই বক্তব্যক আমেৰিকাৰ চৰকাৰী স্থিতি বুলি গণ্য কৰিব নোৱাৰি। তেওঁ পেন্টাগনৰ এজন প্ৰাক্তন বিষয়া। তেওঁৰ মন্তব্যক ব্যক্তিগত স্থিতি হিচাপে গণ্য কৰা হয়। তথাপিও এইটো স্পষ্ট যে হাছিনাৰ প্ৰত্যাৱৰ্তনক কেন্দ্ৰ কৰি ভাৰত-বাংলাদেশৰ কূটনৈতিক সম্পৰ্কৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় মনোযোগ বৃদ্ধি পাইছে।
অৱশেষত ১৬ ডিচেম্বৰত হাছিনা দেশলৈ উভতি যাব পাৰিব নে নাই, আৰু ঘূৰি গ’লে তেওঁৰ নিৰাপত্তা আৰু আইনী পৰিস্থিতি কি হ’ব, সেই দিশেই এতিয়া সকলোৱে দৃষ্টি ৰাখিছে।


