• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৪৫ দিনৰ ৰেহাইত নগলিল বৰফ! কিয় এতিয়াও ৰাজপথত নমা নাই বাণিজ্যিক বাহন, ক’ত আছে চৰকাৰী নীতিৰ ত্ৰুটি?

কাজিৰঙা পথ দুৰ্ঘটনাৰ পাছত আৰম্ভ হোৱা কঠোৰ অভিযান, একক সংস্থাৰ ওপৰত নিৰ্ভৰশীলতা আৰু ‘বাহন’ প’ৰ্টেলৰ কাৰিকৰী জটিলতাক লৈ পৰিবহণ বিভাগ আৰু মটৰ পৰিবহণ সন্থাৰ মাজত অব্যাহত আছে অচলাৱস্থা।

মাধুৰ্য ফুকন by মাধুৰ্য ফুকন
November 27, 2026 3:20 pm
সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন বাণিজ্যিক বাহনৰ চকা বন্ধ কাৰ্যসূচী শুকুৰবাৰে দ্বিতীয় দিনাও অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে

সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন বাণিজ্যিক বাহনৰ চকা বন্ধ কাৰ্যসূচী শুকুৰবাৰে দ্বিতীয় দিনাও অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন বাণিজ্যিক বাহনৰ চকা বন্ধ কাৰ্যসূচী শুকুৰবাৰে দ্বিতীয় দিনাও অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। বৃহস্পতিবাৰে সন্ধিয়া ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে স্পীড লিমিটিং ডিভাইচ আৰু ভেহিকল লকেচন ট্ৰেকিং ডিভাইচ সম্পৰ্কীয় নথি-পত্ৰ উন্নীতকৰণৰ বাবে ৪৫ দিনৰ শাস্তিমুক্ত ৰেহাই ঘোষণা কৰিলেও, ছয় দফীয়া দাবী পূৰণৰ লিখিত আশ্বাস নোপোৱালৈকে ধৰ্মঘট প্ৰত্যাহাৰ নকৰাৰ স্থিতিত অটল আছে সন্থাটো।

Apply Now

বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা এই ধৰ্মঘটৰ ফলত দূৰণিবটীয়া বাছ, আন্তঃজিলা যাত্ৰীবাহী বাহন, পৰ্যটক টেক্সি আৰু এপ-ভিত্তিক কেব সেৱা গুৰুতৰভাৱে ব্যাহত হৈছে। গুৱাহাটী মহানগৰীত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বৈদ্যুতিক সেউজীয়া বাছসমূহে আংশিক সকাহ দিছে যদিও সাধাৰণ যাত্ৰী, কাৰ্যালয়গামী লোক আৰু শিক্ষাৰ্থীসকল তীব্ৰ দুৰ্ভোগৰ সন্মুখীন হৈছে। বৃহস্পতিবাৰে দিনৰ ১ বজাত জনতা ভৱনত পৰিবহণ আয়ুক্ত তথা সচিব আকাশ দীপৰ সৈতে সন্থাৰ প্ৰতিনিধিয়ে আলোচনাত মিলিত হৈছিল যদিও মৌখিক আশ্বাসৰ বিপৰীতে লিখিত প্ৰতিশ্ৰুতি বিচৰাত আলোচনা অমীমাংসিত হৈয়ে ৰয়।

এই অচলাৱস্থাৰ আৰম্ভণি হৈছিল যোৱা ১৩ নৱেম্বৰত কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাৰ পৰা। ২৬গৰাকী লোকৰ মৃত্যু হোৱা সেই দুৰ্ঘটনাগ্ৰস্ত মিনিবাছখনত বাধ্যতামূলক এছএলডি নথকাৰ কথা আৰক্ষীৰ তদন্তত ধৰা পৰে। ইয়াৰ পাছতেই ভাৰতীয় ন্যায় সংহিতাৰ অধীনত চালক আৰু বাহনখনৰ গৰাকী আঞ্জিৰ আলীক গ্ৰেপ্তাৰ কৰা হয়। একে সময়তে, নিৰীক্ষণত গাফিলতিৰ অভিযোগত ৰাজ্য চৰকাৰে গোলাঘাটৰ জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগুক নিলম্বন কৰে আৰু অতিৰিক্ত মুখ্য সচিব কে চি চামৰিয়াক দুসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত ৰাজ্যজুৰি বাণিজ্যিক বাহনৰ বিৰুদ্ধে আৰম্ভ হোৱা কঠোৰ অভিযানৰ মাজতে ব্যাপক হাৰাশাস্তি আৰু নীতিগত বিসংগতিৰ অভিযোগ উত্থাপন কৰে পৰিবহণ সন্থাই।

পৰিবহণ সংগঠনসমূহে আঙুলিয়াই দিয়া মতে, কেন্দ্ৰীয় মটৰ বাহন বিধি ১৯৮৯-ৰ ১১৮(১) নিয়ম অনুসৰি ২০১৫ চনৰ ১ অক্টোবৰৰ পাছত নিৰ্মিত পৰিবহণ বাহনত ঘণ্টাত ৮০ কিলোমিটাৰ গতিসীমাযুক্ত এছএলডি বাধ্যতামূলক আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ভিএলটিডি সংস্থাপনৰ বাবে ১৬৮টা সংস্থাক অনুমোদন জনাইছে। কিন্তু অসমত ব্যৱস্থাটো একক সংস্থাৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ উপৰি গুৱাহাটীত মাত্ৰ এটা এছএলডি সংস্থাপন কেন্দ্ৰহে কাৰ্যক্ষম হৈ আছে, যাৰ ফলত ২০১৭ চনৰ পৰা একপ্ৰকাৰ একচেটিয়া ব্যৱস্থা সৃষ্টি হোৱাৰ অভিযোগ উঠিছে। তদুপৰি যিসমূহ বাহনত ইতিমধ্যে বৈধ এছএলডি বা ভিএলটিডি লগোৱা আছে, সেইবোৰৰ তথ্য ‘বাহন’ প’ৰ্টেলত আপলোড নোহোৱাৰ বাবে গৰাকীসকলে ফিটনেছ প্ৰমাণ-পত্ৰ, পাৰ্মিট আৰু প্ৰদূষণ প্ৰমাণ-পত্ৰ নৱীকৰণত বাধাৰ সন্মুখীন হৈছে।

সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন বাণিজ্যিক বাহনৰ চকা বন্ধ কাৰ্যসূচী শুকুৰবাৰে দ্বিতীয় দিনাও অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰত সন্থাই অভিযোগ কৰে যে ৰাজ্যৰ প্ৰতিখন জিলাত আধুনিক অট’মেটেড টেষ্টিং ষ্টেচন নথকাৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথত জেক লগাই বাহন দাঙি চকা ঘূৰাই গতি পৰীক্ষা কৰাৰ দৰে বিপজ্জনক পদ্ধতি অৱলম্বন কৰা হৈছে। ইয়াৰ উপৰি এখন বাহনৰ নামত ৩০টাপৰ্যন্ত ই-চালান জাপি দি গোচৰ আদালতলৈ প্ৰেৰণ কৰাৰ সলনি থানাত বাহন জব্দ কৰি ৰখা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰা হয়। লগতে প্ৰতিখন জিলাত পৰিবহণ আপীল ন্যায়াধিকৰণ গঠন, উপযুক্ত পাৰ্কিং ব্যৱস্থা, ২০১৯ চনৰ পৰা অপৰিৱৰ্তিত হৈ থকা ভাড়া ৭০ শতাংশ বৃদ্ধি আৰু পুৰণি বাহন বাতিলৰ ক্ষেত্ৰত একক নীতি গ্ৰহণৰ দাবীও সন্নিৱিষ্ট কৰা হৈছে।

এই জটিলতাৰ মাজতে পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে ঘোষণা কৰা ৪৫ দিনৰ ৰেহাইৰ অধীনত যিসমূহ বাহনত ইতিমধ্যে প্ৰকৃত এছএলডি বা ভিএলটিডি সংস্থাপিত হৈছে, সেইবোৰৰ গৰাকীয়ে নিজা জিলা পৰিবহণ কাৰ্যালয়ৰ জৰিয়তে কোনো জৰিমনা নোহোৱাকৈ ‘বাহন’ প’ৰ্টেলত তথ্য সংযোজন আৰু সমন্বয় সম্পূৰ্ণ কৰিব পাৰিব। অৱশ্যে এছএলডি–ভিএলটিডিৰ বাবে একাধিক অনুমোদিত সংস্থা মুকলি কৰা, ঘাইপথত জেক লগাই পৰীক্ষা বন্ধ কৰা আৰু ই-চালান নিষ্পত্তিৰ দৰে আন গুৰুত্বপূৰ্ণ দাবীসমূহৰ ক্ষেত্ৰত চৰকাৰী লিখিত নিৰ্দেশনা জাৰি নোহোৱালৈকে ৰাজ্যত পৰিবহণ সেৱা স্বাভাৱিক হোৱাৰ সম্ভাৱনা এতিয়াও অনিশ্চিত হৈয়েই আছে।

মাধুৰ্য ফুকন

মাধুৰ্য ফুকন

মাধুৰ্য ফুকন গুৱাহাটীস্থিত এগৰাকী সাংবাদিক, কপি এডিটৰ তথা অসমীয়া অনুবাদক। অসম বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ফুকন সম্প্ৰতি 'নৰ্থইষ্ট নাও'ত কৰ্মৰত; ইয়াৰ পূৰ্বে তেওঁ 'প্ৰাগ নিউজ'ত অসমীয়া কণ্টেণ্ট ৰাইটাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰায় ৩ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট ফুকন আঞ্চলিক ৰাজনীতি, পৰিৱেশ, নাগৰিক সমস্যাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমাৰ প্ৰতিবেদন প্ৰস্তুত, সাক্ষাৎকাৰ গ্ৰহণ, সম্পাদনা আৰু অনুবাদৰ সৈতে জড়িত। তেওঁৰ সৃষ্টিশীল লেখাসমূহ kalrov.blogspot.com-ত উপলব্ধ। যোগাযোগৰ ঠিকনা: [email protected]

Stay Connected

  • 117k Fans

Recent News

৪৫ দিনৰ ৰেহাইত নগলিল বৰফ! কিয় এতিয়াও ৰাজপথত নমা নাই বাণিজ্যিক বাহন, ক’ত আছে চৰকাৰী নীতিৰ ত্ৰুটি?

৪৫ দিনৰ ৰেহাইত নগলিল বৰফ! কিয় এতিয়াও ৰাজপথত নমা নাই বাণিজ্যিক বাহন, ক’ত আছে চৰকাৰী নীতিৰ ত্ৰুটি?

November 27, 2026 3:20 pm
“বিপৰীত মত থাকিলে নিজাকৈ ছবি নিৰ্মাণ কৰক, আদালতৰ সময় নষ্ট নকৰিব!” ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ বিৰুদ্ধে আৱেদনৰ জৰুৰী শুনানি নাকচ উচ্চতম ন্যায়ালয়ৰ

“বিপৰীত মত থাকিলে নিজাকৈ ছবি নিৰ্মাণ কৰক, আদালতৰ সময় নষ্ট নকৰিব!” ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ বিৰুদ্ধে আৱেদনৰ জৰুৰী শুনানি নাকচ উচ্চতম ন্যায়ালয়ৰ

November 27, 2026 12:28 pm
ন-দফীয়া দাবী চনদ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত ডুমডুমাৰ চাহ বাগিচাত আছাৰ গণতান্ত্ৰিক প্ৰতিবাদ

ন-দফীয়া দাবী চনদ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত ডুমডুমাৰ চাহ বাগিচাত আছাৰ গণতান্ত্ৰিক প্ৰতিবাদ

November 27, 2026 11:02 am
প্ৰথমগৰাকী অসমীয়া হিচাপে অনন্য কৃতিত্ব! আৰৱ সাগৰত ১,৩৩০ কিলোমিটাৰ ৰিলে সাঁতোৰ সম্পূৰ্ণ কৰি অসমবাসীলৈ উৎসৰ্গা আলী হাজৰিকাৰ

প্ৰথমগৰাকী অসমীয়া হিচাপে অনন্য কৃতিত্ব! আৰৱ সাগৰত ১,৩৩০ কিলোমিটাৰ ৰিলে সাঁতোৰ সম্পূৰ্ণ কৰি অসমবাসীলৈ উৎসৰ্গা আলী হাজৰিকাৰ

November 27, 2026 9:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ দিনৰ ৰেহাইত নগলিল বৰফ! কিয় এতিয়াও ৰাজপথত নমা নাই বাণিজ্যিক বাহন, ক’ত আছে চৰকাৰী নীতিৰ ত্ৰুটি?

৪৫ দিনৰ ৰেহাইত নগলিল বৰফ! কিয় এতিয়াও ৰাজপথত নমা নাই বাণিজ্যিক বাহন, ক’ত আছে চৰকাৰী নীতিৰ ত্ৰুটি?

November 27, 2026 3:20 pm
“বিপৰীত মত থাকিলে নিজাকৈ ছবি নিৰ্মাণ কৰক, আদালতৰ সময় নষ্ট নকৰিব!” ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ বিৰুদ্ধে আৱেদনৰ জৰুৰী শুনানি নাকচ উচ্চতম ন্যায়ালয়ৰ

“বিপৰীত মত থাকিলে নিজাকৈ ছবি নিৰ্মাণ কৰক, আদালতৰ সময় নষ্ট নকৰিব!” ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ বিৰুদ্ধে আৱেদনৰ জৰুৰী শুনানি নাকচ উচ্চতম ন্যায়ালয়ৰ

November 27, 2026 12:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd