NORTHEAST NOW (Assamese)

ৰাজ্যৰ চৌদিশে কৃষক সন্মান নিধিৰ পুঁজি আৱণ্টনত ব্যাপক দুৰ্নীতি; নাম অন্তৰ্ভূক্ত হোৱা অকৃষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব কৃষি বিভাগে 

May 7, 2020 4:59 pm · কাজি জেইদুল ইছলাম

কৰ’না মহামাৰীৰ সন্ত্ৰাসৰ মাজতে কৃষি বিভাগৰ আঁচনি ৰূপায়নত সংঘটিত হোৱা ব্যাপক কেলেংকাৰীৰ কথা পোহৰলৈ আহিছে।

দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পাছতে তৎপৰ হৈ পৰিছে  কৃষি মন্ত্ৰী অতুল বৰা।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়ত প্ৰতিগৰাকী কৃষকৰ একাউন্টত প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ পি এম কিষাণ যোজনাৰ তৰফৰ পৰা ২ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছিল।

কিন্তু চৰকাৰৰ এই আঁচনিখন ৰূপায়নৰ ক্ষেত্ৰত বিয়োগম কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ চৌদিশে।

যাৰ বাবে ইতিমধ্যে বহু কেইখন জিলাত কৃষি মন্ত্ৰী গৰাকী উপস্থিত হৈ জিলা পৰ্যায়ৰ  বিষয়ববীয়া সকলৰ সৈতে বিশেষ বৈঠকত মিলিত হৈছে।

বিশ্বনাথ জিলা উপায়ুক্তৰ সভাকক্ষত আজি দুপৰীয়া কভিড-১৯-ৰ লগতে চোৱাইন ফিভাৰৰ পৰ্যালোচনাৰ বাবে জিলা উপায়ুক্তৰ সভাকক্ষত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে।

ইয়াৰ পিছত এখন সংবাদ মেল সম্বোধন কৰে বিভাগীয় মন্ত্ৰী দুগৰাকী সহ জিলা উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ।

ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত সংঘটিত হোৱা পি এম কিষাণ যোজনা আঁচনিৰ ব্যপক কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰাৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে আৰু বিশ্বনাথত এই সন্দৰ্ভত জিলা উপায়ুক্ত গৰাকীৰ সৈতে আলোচনা কৰাৰ লগতে অকৃষক সকলৰ বিৰুদ্ধে অনুসন্ধান কৰি গোচৰ ৰুজু কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰ্যালোচনা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত জনায় মন্ত্ৰী অতুল বৰায়।

চলিত বৰ্ষত ৰাজ্যত শাক-পাছলিৰ উৎপাদন দুগুন বৃদ্ধি হৈছে কিন্তু ল’কডাউনৰ বাবে অধিকাংশ শাক –পাছলি নষ্ট হৈছে।

ৰাজ্যত ৪০.৮ কোটি টকাৰ শাক-পাছলি ল’কডাউনৰ ফলত নষ্ট  হোৱা বুলিও কৃষি মন্ত্ৰী গৰাকীয়ে লগতে কয়।

Related News