NORTHEAST NOW (Assamese)

এক কিলোগ্ৰাম মাছৰ দাম ৪৫ হাজাৰ টকা!দৈত্যাকাৰ মাছ কিনিবলৈ ক্ৰেতাৰ ভিৰ

October 24, 2021 5:03 pm · এন ই নাও নিউজ,গুৱাহাটী

এক কিলোগ্ৰাম মাছৰ দাম ৪৫ হাজাৰ টকা বুলি ক’লে হয়তো বহুতেই বিশ্বাস কৰিবলৈ টান পাব।

কিন্তু পশ্চিমবংগৰ সুন্দৰবনত এক কিলোগ্ৰাম মাছ বিক্ৰি হৈছে ৪৫ হাজাৰ টকাকৈ। কিলোগ্ৰামত ৪৫ হাজাৰ টকা দামৰ এই মাছ পিছে সাধাৰণ মাছ নহয়।

সুন্দৰ বন্ত কাচিৎহে পোৱা এইবিধ মাছ হৈছে কেনিং মাছ। ঔষধি গুণ সম্পন্ত এটা বৃহৎ আকাৰৰ কেনিং মাছ মাছমৰীয়াৰ জালত উঠিল।

সাত ফুট দৈৰ্ঘৰ এই মাছটোৰ ওজন ৭৮ কিলোগ্ৰাম। দৈত্যাকাৰ মাছটো লৈ অনা হ’ল সুন্দৰবনৰ বজাৰলৈ। ইমান বিশাল আকৃতিৰ মাছ মাছমৰীয়াৰ জালত উঠাৰ খবৰ বিয়পি পৰাৰ পিছতে সুন্দৰবনত হৈ-চৈ লাগিল।

মাছটো চাবলৈ বহুতেই হেতাওপৰা লগালে। মাছমৰীয়াসকলে মাছটোৰ মূল্য কেইবালাখ টকা হ’ব বুলি ধাৰণা কৰিছিল।

অৱশেষত সেয়াই হ’ল। বজাৰলৈ নিয়াৰ পিছতে ক্ৰেতাই মাছ ক্ৰয় কৰিবলৈ ভিৰ কৰিলে।

অৱশেষত প্ৰতি কিলোগ্ৰামত ৪৫ হাজাৰ টকাকৈ মাছটো বিক্ৰী হয়।

উল্লেখ্য ইয়াৰ পূৰ্বেও সুন্দৰবনত মাছমৰীয়াৰ জালত ডাঙৰ কেনিং মাছ উঠিছিল যদিও ৭৮ কিলোগ্ৰাম ওজনৰ মাছ উঠা নাছিল।

মাছটো মতা মাছ বুলি ২৪ পৰ মাছমৰীয়াসকলে প্ৰকাশ কৰিছে।

Related News