শিৱদ’ল প্ৰাংগণত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱত লক্ষাধিক ভক্তৰ সমাগম

Pic-1

আন্ত:ৰাষ্ট্ৰীয় শিৱ মহোৎসৱ উপলক্ষে শিৱদ'ল প্ৰাংগণত অগণন ভক্তৰ লানি নিছিগা বিৰ। ফটো : নৰ্থইষ্ট নাও

ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদ’ল প্ৰাংগণ আৰু ব’ৰ্ডিং খেলপথাৰত আৰম্ভ হোৱা শিৱৰাত্ৰি মেলা আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱত সোমবাৰে লক্ষাধিক ভক্তৰ সমাগম হয়।

পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত শিৱদ’ল প্ৰাংগণৰ উপৰি শিৱসাগৰ নগৰত অগণন ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হয়। হাজাৰ হাজাৰ ভক্তই শিৱদ’ল প্ৰাংগণত পূজা-অৰ্চনা আগবঢ়ায়।

আনহাতে, মেলাত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, স্বেচ্ছাসেৱক, স্কাউট-গাইড, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কৰ্মীসকলে দিনে-নিশাই সেৱা আগবঢ়ায়।

শিৱৰাত্ৰি মেলা উপলক্ষে শিৱদ’লৰ চৌদিশৰ লগতে হাইস্কুলৰ খেলপথাৰত প্ৰায় ৮০০ খন বিপণী খোলা হৈছে। ৰাজ্যখনৰ উপৰিও পশ্চিম বংগ, বিহাৰ, ৰাজস্থান, ওড়িশা আদি ৰাজ্যৰ পৰা অহা বিপণীয়েও মেলাত অংশগ্ৰহণ কৰে।

ইপিনে, শিৱ মহোৎসৱ উপলক্ষে সোমবাৰে শিৱসাগৰ ব’ৰ্ডিং খেলপথাৰত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ভেশছন প্ৰতিযোগিতাৰো অনুষ্ঠিত কৰা হয়।

সন্ধিয়া ব’ৰ্ডিং খেলপথাৰত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত গুৱাহাটীৰ সাংস্কৃতিক সঞ্চালকালয় বিভাগৰ দ্বাৰা তিৱা নৃত্য, ৰাভা নৃত্য, নাগা নৃত্য, ডিমাচা নৃত্য, বড়ো নৃত্য, কাৰ্বি নৃত্যৰ উপৰি চম্বলপুৰী নৃত্য আদি পৰিৱেশন কৰা হয়।