NORTHEAST NOW (Assamese)

টীয়কত সৌভাগ্য আঁচনিয়ে দুৰ্ভাগ্যহে কঢ়িয়াই আনিছে বিদ্যুৎ গ্ৰাহকৰ বাবে

October 10, 2020 1:49 pm · নিৰ্মলেন্দু পাঠক
Updated: October 10, 2020 2:45 pm

যোৰহাট জিলাৰ টীয়কত প্ৰধান মন্ত্ৰীৰ সৌভাগ্য আঁচনিৰ নামত  বহিৰাগত কোম্পানীৰ লুণ্ঠন চলিছে।

ষ্টেপ ইণ্ড্ৰাষ্টিজ কোম্পানীটোৱে সৌভাগ্য আঁচনিৰ অধীনত টীয়কৰ কেইবাখনো গাঁৱত বৈদ্যুতিকৰণৰ কাম পাইছিল।

কিন্তু এই কোম্পানীটোৱে টীয়কৰ হাতীশাল অঞ্চলত বহু ব্যক্তিৰ ঘৰত মিটাৰ লগায়ে দায়িত্ব সামৰিছে।

আজিলৈকে বিদুৎ সংযোগ নহ’ল l এই  ষ্টেপ ইণ্ড্ৰাষ্টিজ কোম্পানীটোৱে বহু স্থানীয় যুৱকক বিদ্যুৎ সংযোগৰ দায়িত্ব দিছিল যদিও তেওঁলোকে পাবলগীয়া পাৰিশ্ৰমিকো প্ৰদান কৰা নাই কোম্পানীটোৱে।

সৌভাগ্য আঁচনি বৰ্তমানে এই বহুজাতিক কোম্পানীৰ কৃপাত দুৰ্ভাগ্যলৈ পৰিৱৰ্তন হৈছে।

Related News