বিশ্বনাথত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

22YOGA1-articleLarge-v2

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

সমগ্ৰ বিশ্বৰ লগতে বিশ্বনাথ জিলাতো পঞ্চমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আয়োজনৰ ব্যপক প্ৰস্তুতি চলিছে। বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আৰু পতঞ্জলি যোগপীঠৰ বিশ্বনাথ জিলা সমিতি তথা প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ সহযোগত ২১ জুনত বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত হ’ব।

২১ জুনত ৰাতিপুৱা ৬.৩০ বজাৰ পৰা যোগ দিৱসৰ কাৰ্য্যসূচী আৰম্ভ হ’ব। যোগ দিৱসৰ সমান্তৰালভাৱে ১৬ জুনৰ পৰা বিশ্বনাথ চাৰিআলিৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক যোগ প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ৰাতিপুৱা ৬.৩০ বজাৰ পৰা এঘণ্টাৰ বাবে আয়োজিত এই যোগ প্ৰশিক্ষণ কাৰ্য্যসূচীত পতঞ্জলি যোগপীঠৰ যোগ প্ৰশিক্ষকসকলৰ লগতে জিলা ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ যোগ প্ৰশিক্ষকসকলে যোগাভ্যাসৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

সম্পূৰ্ণ বিনামূলীয়া যোগ প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি বিশ্বানাথ জিলাৰ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে সকলোকে যোগাভ্যাসৰ জৰিয়তে এটা সুস্থ আৰু সবল শৰীৰ তথা মনৰ অধিকাৰী হোৱাৰ সুযোগ গ্ৰহণ কৰাৰ বাবে সকলোকে আহ্বান জনায়।

উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰাকক্ষণত জনসাধাৰণক যোগাভ্যাসৰ প্ৰতি আগ্ৰহী আৰু পাৰদৰ্শী কৰি তোলাৰ লক্ষ্যৰে পতঞ্জলি যোগপীঠৰ বিশ্বনাথ জিলা সমিতিয়ে জিলাখনৰ বিভিন্ন এলেকাত ইতিমধ্যেই যোগ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি আছে।

এই শিবিৰসমূহত প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিসকলৰ লগতে জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানে ২১ জুনৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। যোগদিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত সমূহ ৰাইজৰ অংশগ্ৰহণ আৰু সহযোগিতা জিলা প্ৰশাসনে কামনা কৰিছে।