NORTHEAST NOW (Assamese)

বঙাইগাঁৱৰ চাপৰাকাটাত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা 

July 15, 2021 6:31 am · প্ৰণৱ কুমাৰ ডেকা 
Updated: July 15, 2021 6:36 am

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাৰ পাঞ্জাৱী ধাবাৰ গাতে লাগি থকা দাস ষ্টোৰ নামৰ এখন দোকানত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰাৰ লগতে দুজন যুৱকক আটক কৰে ৷

জানিব পৰা মতে এক খবৰৰ ভিত্তিত বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতাৰ নেতৃত্বত তথা উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত আৰক্ষীৰ এটা দলে  চাপৰাকাটাৰ  মণিকান্ত দাসৰ দাস ষ্টোৰত অভিযান চলায় ৷

এই অভিযানকালত দোকানখনৰ পৰা আৰক্ষীয়ে ২০ কাৰ্টনৰ অধিক বিভিন্ন ব্ৰেণ্ডৰ বিলাতী সুৰাৰ লগতে কিছু নগদ ধন জব্দ কৰে ৷ লগতে পোপৰাগাঁও নিবাসী দোকানখনৰ গৰাকী মণিকান্ত দাসৰ পত্ৰ তথা দোকানখনত সুৰা বিক্ৰী কৰি থকা উজ্বল দাস( ২৫) আৰু সম্বাৰু অধিকাৰী ( ১৮) নামৰ  আন এজন যুৱকক আটক কৰে ৷

সম্বাৰু অধিকাৰীৰ ঘৰ বঙাইগাঁও জিলাৰ মেৰেৰচৰ থানাৰ অন্তুৰ্গত ৰাঙাপানীত বুলি জানিব পৰা গৈছে ৷

আৰক্ষীয়ে পিছত জব্দকৃত সুৰাৰৰ লগতে আটকাধীন যুৱক দুজনক বঙাইগাঁও সদৰ থানালৈ লৈ আহে ৷

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপনে কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে দোকানখনত সুৰাৰ বিপনীৰ দৰে অবৈধভাৱে সুৰাৰ বেহা চলি আছিল ৷ আৰক্ষীয়ে অবৈধ সুৰাৰ বেহাৰ লগত জড়িতৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ৷

Related News