বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ মেখেলা চাদৰ

বহি: ৰাজ্যৰ পৰা নিয়ন্ত্ৰণ হৈ আছে অসমৰ মেখেলা চাদৰৰ বজাৰ

অসমৰ মেখেলা চাদৰৰ বজাৰখন বহি: ৰাজ্যৰ পৰাই যে নিয়ন্ত্ৰণ হৈ আছে সেয়া পুনৰ প্ৰমাণিত হৈছে বঙাইগাঁও আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ বহিঃ ৰাজ্যত উৎপাদিত মেখেলা চাদৰৰ জৰিয়তে ৷

উল্লেখ্য যে বঙাইগাঁও আৰক্ষীয়ে এখন নৈশ বাছত চলোৱা অভিযানত বহিঃ ৰাজ্যৰ পৰা কঢ়িয়াই অনা ২৪ বেগ মেখেলা চাদৰ জব্দ কৰে ৷ লগতে আটক কৰে আঠজনকৈ ব্যৱসায়ীক ৷ এই সন্দৰ্ভত বুধবাৰে বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এক গোপন সূত্ৰৰ পমখেদি বঙাইগাঁও আৰক্ষীয়ে পশ্চিম বংগৰ কোচবিহাৰৰ পৰা গুৱাহাটী অভিমূখী নৈশ বাছ এখনত অভিযান চলায় ৷

এই অভিযানৰ সময়ত আৰক্ষীয়ে অবৈধ ফেক্টৰীত উৎপাদিত নথি পত্ৰ অবিহনে কঢ়িয়াই অনা বৃহৎ পৰিমাণৰ মেখেলা চাদৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে বঙাইগাঁও আৰক্ষীয়ে বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছখনত চলোৱা অভিযানত দুহেজাৰৰ অধিক মেখেলা চাদৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে লগতে মেখেলা চাদৰ কঢ়িয়াই অনা কোচবিহাৰৰ স্বপন দাস, ৰামকৃষ্ণ দাস, শিৱনাথ দাস, সুজিত দাস, আকিদুল হক, অশোক সূত্ৰধৰ আৰু অভিৰাম দাসৰ লগতে ধুবুৰীৰ মকবুল আলীক আটক কৰিছে৷

আৰক্ষীয়ে এই সন্দৰ্ভত বঙাইগাঁও সদৰ থানাত এটা গোচৰ ৰুজু কৰি কিমান দিনৰ পৰা এইদৰে বহিঃ ৰাজ্যৰ পৰা ফেক্টৰীত উৎপাদিত মেখেলা চাদৰ কঢ়িয়াই আনি থকা হৈছে আৰু কোন কোন প্ৰতিষ্ঠানক যোগান ধৰা হয় আদি বিষয়সমূহ তদন্ত কৰা হ’ব বুলি হয় ৷ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে আটকাধীন লোক সকলে প্ৰয়োজনীয় কোনো নথি পত্ৰ প্ৰদশৰ্ন কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে যিখন নৈশ বাছত মেখেলা চদৰসমূহ কঢ়িয়াই আনিছিল সেই বাছখনৰ নথি – পত্ৰ আৰক্ষীয়ে জব্দ কৰাৰ লগতে বিষয়টো ডিটিঅ আৰু টেক্স ডিপাৰ্টমেণ্টক অৱগত কৰা বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷ উল্লেখ্য যে আৰক্ষীয়ে জব্দ কৰা মেখেলা চাদৰসমূহ চুটি আৰু নুনী পাটৰ বুলি জানিব পৰা গৈছে ৷

থলুৱা বুলি বিক্ৰী কৰাৰ উদ্দেশ্যে পশ্চিম বংগৰ পৰা অসমলৈ কঢ়িয়াই অনাৰ সময়তে জব্দ কৰা মেখেলা চাদৰসমূহ চুটি আৰু নুনী পাটৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে বিষয়টো হস্ততাঁত বস্ত্ৰশিল্প বিভাগক অৱগত কৰিছে আৰু বিভাগেও বিষয়টো তদন্ত কৰিব ৷

পিছে অসমীয়া নাৰীৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ মেখেলা চাদৰৰ বজাৰখন যে বহিঃ ৰাজ্যৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে আৰক্ষীৰ অভিযানত পুনৰ প্ৰমাণ হ’ল ৷ এনে অৱস্থাত বহি:ৰাজ্যৰ পৰা নিয়ন্ত্ৰণ হৈ থকা অসমীয়া মেখেলা চাদৰৰ বজাৰৰ বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষই কেনেদৰে লব,সেয়া তদন্তত ওলাই পৰিব৷