হাতী মানুহৰ সংঘাতৰ পৰিণতিত ২০১৯ বৰ্ষৰ প্ৰথমটো হাতীৰ মৃত্যু

Elephant-750x375

আজি ৮ জানুৱাৰি মঙলবাৰে হাতী মানুহৰ সংঘাতৰ পৰিণতিত ২০১৯ বৰ্ষত প্ৰথমটো হাতীৰ মৃত্যু ঘটিছে। জানিব পৰা মতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অন্তৰ্গত পানপুৰত এজনী বনৰীয়া মাইকী হাতীৰ মৃত্যু ঘটিছে। বন বিভাগৰ সূত্ৰত প্ৰকাশ যে হয়তোবা বিষযুক্ত খাদ্য খোৱাৰ ফলত হাতীজনীৰ মৃত্যু ঘটিছে।

প্ৰতিৱেদনত প্ৰকাশ যে অসমত বৰ্তমান ৬,০০০ বনৰীয়াহাতী আছে। ২০১৭ৰ হাতীৰ পিয়ল অনুসৰি ভাৰতত ২৭,৩১২ টা বনৰীয়া হাতী আছে।

কিন্তু মানুহৰ জনসংখ্যাৰ বৃদ্ধি আৰু ঔদ্যোগিকীকৰণৰ ফলত হাতীৰ আৱাসভুমি সংকুচিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত হাতী-মানুহৰ সংঘাত বাঢ়ি ্হাটো পৰিলক্ষিত হৈছে।

২০১৮ চনত অসমত হাতী মানুহৰ সংঘাতৰ পৰিণতিত প্ৰায় ৬৮ টা বনৰীয়া হাতীৰ মৃত্যু ঘটিছে। হাতী-মানুহৰ সংঘাত বাঢ়িয়েই আছে। সংবাদ মাদ্যমৰ বাতৰিত প্ৰকাশ যে ২০১৩ৰ পৰা ২০১৬ৰ ভিতৰত ১০০টা হাতীৰ অস্বাভাৱিক মৃত্যু ঘটিছে।

২০১৮চনত ৰেলগাড়ীৰ খুন্দাত হাতীৰ মৃত্যু ৰোধ কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম বন বিভাগ আৰু কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰ্যালয়ক নিৰ্দেশ জাৰি কৰাৰ বাবে গুৱাহাটীৰ দুগৰাকী বন্যপ্ৰাণী ফটোগ্ৰাফাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন জনস্বাৰ্থ জড়িত আৱেদন দাখিল কৰিছিল।