শদিয়াৰ প্ৰেক্ষাপটত হাতী মানুহৰ সংঘাত

সুবিশাল বৰলুইতৰ ওপৰৰ দলংখনেৰে যেতিয়া শদিয়াৰ চাপাখোৱালৈ যাত্ৰা কৰোঁ তেতিয়া পুৱা প্ৰায় ৭টা মান বাজিছে। নৈসৰ্গিক দৃশ্যই আপ্লুত কৰি তুলিছিল বিস্তৃৰ্ণ খেতিপথাৰ, সেউজীয়া বন-বিৰিখৰ মাজেৰে গৈ চাপাখোৱা চহৰখন পালোগৈ। ভ্ৰাতৃপ্ৰতীম সাংবাদিক তথা এজন সক্ৰিয় সমাজকৰ্মী বগেন গগৈয়ে অপেক্ষা কৰি আছিল। বাৰ্তালাপ আৰম্ভ হ’ল মূলতঃ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এক সমস্যাৰ সৃষ্টি কৰা হাতী-মানুহৰ সংঘাতৰ সন্দৰ্ভত। বগেনে যথেষ্টখিনি তথ্য ইতিমধ্যে সংগ্ৰহ কৰিয়েই থৈছিল। সংঘাতৰ ক্ষেত্ৰসমূহ কিছু প্ৰত্যক্ষ কৰাৰ ইচ্ছাৰে বগেনৰ বাইকত নিৰ্বাচিত কিছু অঞ্চললৈ আমাৰ যাত্ৰা আৰম্ভ হ’ল।

বিস্তৃৰ্ণ খেতিপথাৰসমূহৰ শস্য চপোৱাৰ অনুপম দৃশ্যৰ মাজেৰে অঞ্চলসমূহ পালোগৈ। পথাৰত শস্য পুৰঠ হোৱাৰ বাবে সেইসমূহ খাবলৈ হাতীৰ জাকটোৰ সঘনাই আগমন হৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহিত তথ্যনুসৰি এই অঞ্চলত প্ৰায় ১০০ৰ পৰা ১৫০টা মান হাতী আছে। দঁতাল, মখনা, সৰু পোৱালীৰ সৈতে এক বিশাল হাতীৰ জাক। হস্তী বিশেষজ্ঞৰ লগত হোৱা কথাবতৰানুসৰি স্বাভাৱিকতেই ইমান বিশাল প্ৰাণীৰ জাকটোৰ বিচৰণ ক্ষেত্ৰও অতি বিশাল অঞ্চলজুৰি বিস্তৃত। তদুপৰি এনে এটা প্ৰাণীৰ পেটটো ভৰাবলৈও বিস্তৰ খাদ্যৰ প্ৰয়োজন। হাতীৰ জাকসমূহৰ পূৰ্বজৰ বিচৰণৰ পথসমূহ বছৰ-বছৰ ধৰি ব্যৱহাৰ কৰে। এই হাতী অহা-যোৱা পথসমূহক হাতী-দণ্ডী বোলা হয়। বহু চিকাৰীয়ে এনে দণ্ডীত গাঁত খান্দি তাত পৰা হাতী বন্দী কৰি অনি এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা ঘৰচীয়া কৰে। আজিকালি এই প্ৰক্ৰিয়া চৰকাৰী ভাবে অবৈধ যদিও বহুতে চোৰাং ভাবে হাতীচিকাৰ কৰে। সেয়া অন্য এক অধ্যায়।

শদিয়াৰ এই হাতীৰ জাকটো দক্ষিণ-পূৱ দিশৰ পৰা আহি বঁচাই গাঁও, বাৰ মাইল, কুকুৰা মৰা সংৰক্ষিত সৰু বনাঞ্চলখনত আহি আশ্ৰয় লয়হি। তাৰ পৰা ভৱলাবছা চাপৰিৰে আহি কুণ্ডিল নদী আৰু বৰলুইতৰ সংগমস্থলীৰ কাষেৰে পাৰ হৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ কুইল হোটেলৰ দাঁতিয়েদি ঘূমৰাত প্ৰৱেশ কৰে। তাৰে দিবাং দেউপানীৰ চাপৰিত আশ্ৰয়স্থলী ৰূপে ব্যৱহাৰ কৰাৰ লগতে ঘূৰমৰাৰ বনাঞ্চলতো আশ্ৰয় লয়হি। আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ যে হাতীৰ বিশালতাৰ অনুপাতে ইয়াৰ বিচৰণস্থলীও অতি বিশাল ক্ষেত্ৰজুৰি বিস্তৃত হৈ থাকে। তদুপৰি হাতীয়ে নিজৰ পথ (হাতী-দণ্ডী) পৰিহাৰ নকৰে।

সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু এই হাতীৰ জাকটোৰ বিচৰণ পথ আৰু ক্ষেত্ৰখনৰ ওপৰত প্ৰভূত জ্ঞানসম্পন্ন হস্তী বিশেষজ্ঞই আমাক জনাই যে দিবাং-দেউপানী চাপৰিৰ পৰা চুৰকে চাপৰি হৈ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰেগৈ। এই বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখন লোহিত, দিবাং নদীৰ সংগমস্থলীৰ পৰা দিবাং-দোউপানী চাপৰি, ঘূৰমৰা চাপৰি, কুণ্ডিল চাপৰি, তিনি মাইল, চাৰি মাইলৰ পৰা শদিয়াৰ ফালে দলংৰ তলেৰে যি চাপৰি আছে, সেই চাপৰিৰে বৰ-লুইতৰ পাৰে-পাৰে গৈ অৰুণাচলৰ নামচাই চহৰৰ কাষৰ টেঙাপানী বনাঞ্চললৈ হাতীবোৰ যায়গৈ। সেই বনাঞ্চলৰ মাজেৰে লোহিত জিলাৰ বিখ্যাত পৰশুৰামকুণ্ড পৰ্যন্ত এই হস্তীকুলৰ বিচৰণ ক্ষেত্ৰ ৰূপে চিহ্নিত হৈ আছে।

শদিয়াৰ এই বিস্তৃৰ্ণ ক্ষেত্ৰসমূহ হাতীৰ বিচৰণ ক্ষেত্ৰ আৰু তাতে আৰম্ভ হৈছে হাতী-মানুহৰ সংঘাত। অন্যান্য অঞ্চলত সংঘটিত হৈ থকা হাতী-মানুহৰ সংঘাতৰ দৰে এই অঞ্চলতো মুখ্য কাৰকসমূহ হ’ল ব্যাপক হাৰত বনাঞ্চল ধ্বংসৰ বাবে খাদ্যৰ অভাৱ। বনাঞ্চল ধ্বংস কৰি গাঁও, চাহবাগিচা, খেতি আদি কৰাৰ বাবে আশ্ৰয় ক্ষেত্ৰৰ ব্যাপক সংকোচন আৰু নিৰ্দিষ্ট বিচৰণ ক্ষেত্ৰৰ নিৰ্দিষ্ট দণ্ডীত বেদখলৰ দ্বাৰা হস্তীপথ (হাতী-দণ্ডী) ৰূদ্ধ কৰাৰ বাবে মুক্ত প্ৰাকৃতিক বিচৰণত আহি পৰা বাধা। ইয়াৰ কাৰকসমূহত দৃষ্টিপাত কৰিলে দেখা যায় নিম্ন উল্লেখিত কাৰক সমূহ-

ইতিমধ্যে উল্লেখিত শদিয়াৰ চাপৰিসমূহত প্ৰায় ১৫-২০ বছৰমানৰ পূৰ্বৰ পৰা এচামে খেতিবাতি আৰম্ভ কৰাত আশ্ৰয়ৰ লগতে মুক্ত বিচৰণতো হস্তীকুল বাধাগ্ৰস্ত হৈছে। শদিয়াৰ দক্ষিণ-পূৱ দিশৰ পৰা উত্তৰলৈ এসময়ত মুক্ত বিচৰণৰ দ্বাৰা অৰুণাচলৰ দিবাংভেলী সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰিছিলহি। সেইসময়ত খাদ্যৰ বাবে গাঁওসমূহত হাতীৰ জাক প্ৰৱেশ কৰি ধানৰ ভঁৰাল, খেতিপথাৰ আদি ব্যাপক হাতৰ ধ্বংস কৰা নাছিল। দুই-এটা ঘটনা ঘটিছিল যদিও সেয়া আজিৰ দৰে এক সমস্যাত পৰিণত হোৱা নাছিল, কাৰণ বিচৰণ আৰু খাদ্যৰ অভাৱ নাছিল হাতীৰ জাকটোৰ। এতিয়া অৰুণাচলতো উক্ত অঞ্চলসমূহত ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰি কমলা, মাটিকঁঠাল আদিৰ লগতে অন্যান্য খেতিবাতি আৰম্ভ কৰি দিছে। লগতে সেইসমূহ পহৰা দিয়া, খেতিৰ লগত জড়িত মানুহবোৰৰ বাবে গাঁও সদৃশ বাসস্থান গঢ়ি তুলিছে। পথৰ কাষত সুবিধাজনক স্থানত হোৱাৰ বাবে ভিতৰৰ পৰা বহু গাঁও উঠাই আনি তেওঁলোকে বহাইছে।

কাৰণ সময়ৰ গতিত পূৰ্বজৰ গাঁওসমূহত জনসংখ্যা বৃদ্ধি পোৱাত নতুন নতুন বাসস্থানৰ প্ৰয়োজন হৈছে তেওঁলোকক। লগতে প্ৰয়োজন হৈছে জীৱিকা নিৰ্বাহৰ বাবে খেতিখোলাৰ। ধ্বংস কৰিছে বনাঞ্চল, যিবোৰ আছিল হাতীৰ লগতে অন্যান্য বন্যপ্ৰাণীৰ। এতিয়া নিজ দণ্ডীত গৈ হাতীৰ জাকটোৱে যদি এই অঞ্চলসমূহত প্ৰৱেশৰ প্ৰচেষ্টা কৰে তেন্তে অৰুণাচলীয়ে হাতে-হাতে বন্দুক লৈ আহি হাতীৰ জাকটোলৈ নিৰ্বিচাৰ গুলীবৰ্ষণ আৰম্ভ কৰি দিয়ে। যাৰ ফলত আঘাতপ্ৰাপ্ত হাতীৰ উক্ত অংশটো ঘাঁ হৈ গেলি যায় আৰু নৰক যন্ত্ৰণা ভূগি মৃত্যু হয়। স্থানীয় তথ্যনুসৰি দুবছৰমানৰ ভিতৰত প্ৰায় ৫ টা মান হাতীৰ মৃত্যু হৈছে। যাৰ ফলত হাতীৰ জাকটো সেই শদিয়াৰে ঘূৰমৰা বনাঞ্চলত আশ্ৰয় লয়হি।

কিন্তু বৃহৎ হাতীৰ জাকটোৰ বিচৰণ আৰু খাদ্যৰ বাবে সৰু বনাঞ্চলখন একেবাৰে পৰ্যাপ্ত নহয়। হাতীৰ জাকটোৱে পেটৰ জ্বালাত থাকিব নোৱাৰি খাদ্যৰ সন্ধানত বনাঞ্চলখনৰ কাষৰ নাহৰবাৰী, তৰিবাৰী, দাৰাগাঁও, তেজুপুৰীয়া বস্তি, খ্ৰীষ্টান বস্তি, ৰতনপুৰ, দিক্ৰন, তৰাণি, চাউলখোৱা নগাঁও, জিয়াগাঁও, নতুন গাঁও, বগৰীবাৰী, ঘূৰমৰা দিচৈ গাঁও, হৰিপুৰ, তিনিমাইল, চাৰিমাইল, বচাগাঁও, তৱলা গাঁও, বহলহেৰাম, চূণপূৰা, দেউৰী গাঁও, বিলবস্তি ইত্যাদি গাঁওসমূহত খেতিপথাৰ আৰু ধানৰ ভঁৰালত উপদ্ৰৱ কৰেহি। গঞা ৰাইজেও নিজৰ খেতিবাৰী, ভঁৰাল ৰক্ষাৰ স্বাৰ্থত জুই জ্বলাই, টিং আদি বজাই, ফটকা ফুটাই হাতীৰ জাকটো প্ৰতিৰোধৰ বাবে মাৰবন্ধি ওলাই আহে। এনেবোৰ প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ হয় হাতী-মানুহৰ সংঘাত। অৱশ্যে এওঁলোকে অৰুণাচলীৰ দৰে বন্দুকৰ দ্বাৰা হাতীক আঘাতপ্ৰাপ্ত নকৰে।

হাতী-মানুহৰ সংঘাতত জুৰুলা হোৱা এজন বয়োবৃদ্ধই আমাৰ আগত এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে মানুহে সিহঁতৰ বাসস্থান ধ্বংস কৰাৰ বাবে সিহঁতে আমাক কৰা আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে। পূৰ্বে কেতিয়াবা খেতি-বাৰীত খাদ্যৰ সন্ধানত প্ৰৱেশ কৰিলেও মানুহৰ প্ৰাণনাশৰ লক্ষ্যৰে আক্ৰমণ সাধাৰণতে কৰা নাছিল। এতিয়া এই প্ৰক্ৰিয়া অতিমাত্ৰাত সৰ্বদিশতে বৃদ্ধি পাইছে। মানুহক হাতীয়ে মূলশত্ৰু ৰূপে বিবেচনা কৰিছে নেকি সেয়াও বৰ্ত্তমান এক গৱেষণাৰ বিষয় হৈ পৰিছে।

দিবাং দেউপানী, ঘূৰমৰা চাপৰিত বৰ্ত্তমান কৰি থকা আলু, মাকৈ আদিৰ খেতি হাতীৰ জাকটোৰ পৰা ৰক্ষা কৰিবলৈ সৌৰশক্তি চালিত বৈদ্যুতিক ফেনচিং নিৰ্মাণ কৰিছে। এইবোৰো এসময়ত হাতীজাকৰ আশ্ৰয় আৰু বিচৰণ ক্ষেত্ৰৰ অন্তৰ্ভূক্ত আছিল। কিন্তু সেইফালেদি যাব নোৱাৰি মুনৰ কুকুৰামৰা আৰু ঘূৰমৰা সংৰক্ষিত বনাঞ্চললৈকে উভতি আহিবলৈ বাধ্য হ’ব।
আকৌ জাকটো নামচাই ফালে যেতিয়া গমন কৰে তেতিয়া সেইফালে অৰুণাচলৰ একাংশই ফান্দ পাতি সম্পূৰ্ণ অবৈধ ভাৱে হাতী পোৱালীবোৰ জাকটোৰ পৰা অতি কৌশলেৰে ধৰি আনে। এসময়ত এই ফালেদি হাতীৰ জাকটো আহি তাৰ টেঙাপানী বনাঞ্চলহৈ নামডফা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছিল কোনো প্ৰকাৰৰ বাধাপ্ৰাপ্ত নোহোৱাকৈ।

ব্যাপ্তি আছিল কাষৰ ম্যানমাৰৰ গভীৰ অৰণ্য পৰ্যন্ত। আন দিশে বঞ্চিৰ-ডাম্বুক-নিজামঘাট হৈ যিটো হাতীজাকটোৰ নিৰ্দিষ্ট পথ আছিল সেই অৰুণাচলৰ দিবাং ভেলী জিলাৰ ৰয়িং-ডাম্বুক চহৰৰ কাষেৰে গৈ দিবাং সংৰক্ষিত বনাঞ্চলত বিচৰণ কৰিছিল। উল্লেখযোগ্য যে এই অৰুণাচলৰ বনাঞ্চলখন চীন সীমান্ত পৰ্যন্ত বিস্তৃত হৈ আছে। তাৎপৰ্যপূৰ্ণ যে এই অৰুণাচলৰ নিচি নামৰ এটা চিকাৰী জনজাতিয়ে তীব্ৰ বিষযুক্ত কাঁড় ব্যৱহাৰ কৰি তাত দঁতাল হাতী নিধন কৰে। যিটোৰ সীমান্তৰ সিপাৰত অতি মূল্যৱান হৈ পৰে। কিন্তু বৰ্ত্তমান এই হাতীজাকটো বঞ্চিৰতে অৰুণাচলীৰ পৰা বাধা পাই পুনৰ ওভতনি যাত্ৰাৰে শদিয়াৰ অতি ক্ষুদ্ৰ হৈ পৰা ঘূৰমৰা বনাঞ্চলতে আশ্ৰয় লবলৈ বাধ্য হৈ পৰিছে।

আমাৰ পৰ্যবেক্ষণ, বগেনে যোগান ধৰা তথ্যৰ আধাৰত এটা কথা অতি স্পষ্ট হৈ পৰে যে মুক্ত বিচৰণ, খাদ্যৰ অভাৱ হৈছে ব্যাপক বনাঞ্চল ধ্বংসৰ বাবে। সেয়েহে হাতীৰ জাক গাঁওসমূহত প্ৰৱেশ কৰিছেহি। এয়া কেৱল শদিয়া অঞ্চলৰে নহয়, প্ৰায় সমগ্ৰ অসমৰে হাতী-মানুহৰ সংঘাতৰ এক পৰিচিত প্ৰেক্ষাপট। হাতী-মানুহৰ সংঘাত নিৰাময়ৰ স্বাৰ্থত স্থানীয় সাংবাদিক তথা সামাজিক কৰ্মী বগেনে হস্তী বিশেষজ্ঞৰ লগত হোৱা আলোচনা মৰ্মে এক সমাধানসূত্ৰ আগবঢ়াই। সেয়া হ’ল-
নামচাই-টেঙাপানী বনাঞ্চল শদিয়াৰ ইতিমধ্যে উল্লেখিত চাপৰি, ক্ষুদ্ৰ পৰিসৰৰ বনাঞ্চলৰ পৰা অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন দিবাং-বৰলুইতৰ সংগমস্থলী হৈ দিবাং-দেউপানী চাপৰিৰ পৰা আৰম্ভ কৰি অৰুণাচলৰ পৰশুৰামকুণ্ড পৰ্যন্ত সংযুক্ত হৈ আছে। গতিকে হাতীৰ জাকটো বিচৰণৰ এই প্ৰাচীনতম ক্ষেত্ৰখন ডিব্ৰু-চৈখোৱা আৰু পৰশুৰামকুণ্ড পৰ্যন্ত মুক্ত বিচৰণৰ স্বাৰ্থত মানুহে অবৈধ ভাৱে যিবোৰ ইতিপূৰ্বে উল্লেখিত বাধা সমূহৰ উপৰি অন্যান্য বাধাসমূহ আঁতৰ কৰৰ ব্যৱস্থা অবিহনে সমস্যাটোৰ সমাধান সম্ভৱ নহয়।

হাতী-মানুহৰ সংঘাতৰ অন্ত পেলাবলৈ হাতীৰ খাদ্য সংকট আৰু মুকলি বিচৰণ স্বাভাৱিক কৰিব লাগিব। তাৰ বাবে অসম-অৰুণাচল এই দুই ৰাজ্যৰ সহমতৰ প্ৰয়োজন। তেতিয়াহে হাতীৰ লগতে আন-আন বন্যপ্ৰাণীৰ সুৰক্ষা তথা আশ্ৰয়ভূমি সুৰক্ষিত হ’বগৈ। বনাঞ্চলৰ ব্যাপক ধ্বংসযজ্ঞ আৰু ব্যাপক বেদখল ৰোধৰ বাবে কঠোৰ দৃষ্টিভংগীৰ প্ৰয়োজন দুয়োখন ৰাজ্যৰ চৰকাৰৰ। অৰুণাচলৰ নামচাই জিলা দিবাং ভেলী জিলা এই শদিয়াৰ সীমান্তৱৰ্তী সংৰক্ষিত বনাঞ্চলসমূহো ধ্বংসযজ্ঞৰ সন্মুখীন হোৱাৰ লগতে আৰম্ভ হৈছে ব্যাপক বেদখল। বেদখল কৰি খেতিবাতি আৰম্ভ কৰিছে চাপৰিসমূহতো।

এইসমূহ মুক্ত কৰি হাতীৰ জাকটোৰ বিচৰণ আৰু পৰ্যাপ্ত খাদ্যৰ ব্যৱস্থা অবিহনে প্ৰকৃতি সুৰক্ষা, বন্যপ্ৰাণী তথা হাতীৰ সুৰক্ষা তথা হাতী-মানুহৰ সংঘাত দূৰ কৰাটো সম্ভৱ নহ’ব। পৰিস্থিতিৰ এই গতি অব্যাহত থাকিবলৈ হ’লে খাদ্য, বাসস্থান, বিচৰণ ভূমি আদিৰ অভাৱত এই বিশাল হস্তীকুল এই অঞ্চলত এদিন লুপ্ত হৈ পৰিলেও আচৰিত হ’ব লগা একো নাথাকিব।