• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত এনকাউণ্টাৰৰ নামত মুকলি হত্যাকাণ্ড সংঘটিত হৈ আছে; অভিযোগ মানৱ অধিকাৰ কৰ্মীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2022 2:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত আৰক্ষীৰে হোৱা এনকাউণ্টাৰৰ সন্দৰ্ভত এতিয়া ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে। সকলোৱে ইয়াক চৰকাৰৰ একনায়কত্ববাদ বুলি অভিহিত কৰিছে। যাৰ ফলত ৰাস্তাৰ পৰা সদনলৈকে ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

বিৰোধীৰ লগতে সামাজিক সংগঠনসমূহে এই সন্দৰ্ভত কয় যে চৰকাৰে অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ছদ্মবেশত নিজৰ স্বাৰ্থ পূৰণ কৰি আছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে অভিযোগ কৰি কয়, “বিজেপি চৰকাৰে ভুৱা এনকাউণ্টাৰৰ জৰিয়তে অসমত মুকলি হত্যাকাণ্ড চলাইছে।

তেওঁ লগতে কয়, “কেন্দ্ৰ আৰু ৰাজ্য শাসনত থকা বিজেপিয়ে সমগ্ৰ ৰাজ্যতে ভুৱা এনকাউণ্টাৰৰ জৰিয়তে মুকলি হত্যাত লিপ্ত হৈছে। এই ভুৱা এনকাউণ্টাৰত এতিয়ালৈকে কমেও ৪৩ জন লোক নিহত হৈছে।”

তেওঁ সূৰজ গগৈৰ প্ৰসংগ উত্থাপন কৰি কয় যে এইটোও এটা ভুৱা সংঘৰ্ষ। তেওঁৰ পৰিয়ালৰ সদস্যসকলে আমাক কৈছে যে তেওঁক সেনাই আলফা (স্বাধীন)ৰ লিংকমেন বুলি নি আৰক্ষীক গতাই দিছিল। আৰক্ষীৰ জিম্মাত, তেওঁক ইমৰান হুছেইন নামৰ এজন উপ-পৰিদৰ্শকে পইণ্ট-ব্লেংক ৰেঞ্জৰ পৰা গুলীচালনা কৰে।

গগৈয়ে লগতে কয় যে বিজেপিয়ে অসমত গণতন্ত্ৰক হত্যা কৰিছে আৰু এনে লাগে যেন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সকলো, য’ত ন্যায়পালিকাৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্ৰী এতিয়া নিজেই হৈ পৰিছে আদালত, আৰক্ষী আৰু ন্যায়াধীশ। তেওঁ যি বিচাৰে তাকে কৰিব পাৰে। চৰকাৰে নিজৰ বিফলতা লুকুৱাবলৈ প্ৰকৃত বিষয়বোৰৰ পৰা মানুহক বিচলিত কৰিবলৈ চেষ্টা কৰি আছে, যাতে কোনেও তেওঁলোকক প্ৰশ্ন সুধিবলৈ সাহস নকৰে।”

এই বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা অসমত মানৱ অধিকাৰ উলংঘনৰ শ শ ঘটনা সংঘটিত হৈছে। অসম আৰক্ষীৰ এটা অংশই কেৱল সন্দেহযুক্ত অপৰাধীকে নহয়, নিৰীহ লোককো কোনো দোষ নোহোৱাকৈ শাস্তি দিছে। তদুপৰি এনেদৰে, ৰাজ্যৰ ৰাজপথত সাধাৰণ লোকক অত্যাচাৰ কৰি এক বিশৃংখল পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰা হৈছে।

আনহাতে তেওঁ পুনৰ কয় যে  বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰততে আছে, তাৰপাছতো ৰাজ্যত এনে অমানৱীয় কাৰ্য কেৱল মানৱ অধিকাৰৰেই উলংঘন নহয়, মৌলিক অধিকাৰৰো উলংঘন।

উল্লেখ্য যে ড০ শইকীয়াই ইতিমধ্যে এই সন্দৰ্ভত ভাৰতৰ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ ওচৰত এখন অভিযোগ পত্ৰ দাখিল কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd