বকোৰ বৃদ্ধ দম্পতীক ডাইনী সন্দেহত কৰা অত্যাচাৰ সন্দৰ্ভত চৰকাৰ-প্ৰশাসনক সমালোচনা মানৱ অধিকাৰ কৰ্মীৰ

human right activist

মানৱ অধিকাৰ কৰ্মী দিব্যজ্যতি শইকীয়া

কামৰূপ (গ্ৰাম্য) জিলাৰ বকোত লুইন্দ চাংমা (৭০) আৰু  প্ৰীতিলা চাংমা নামৰ এহাল বৃদ্ধ দম্পতীক ডাইনী সন্দেহত স্থানীয় গাঁওবাসীয়ে নিৰ্মম ভাবে অত্যাচাৰ কৰা ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই চৰকাৰ-প্ৰশাসনক কঠোৰ সমালোচনা কৰে।

সমগ্ৰ ঘটনাটোৰ  সন্দৰ্ভত সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ সচিব প্ৰধান, ডাইনী তথা অন্ধবিশ্বাস বিৰোধী নেতা, মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই কয় যে বিগত ২০০৯ বৰ্ষৰ পৰা ডাইনী তথা অন্ধবিশ্বাস প্ৰতিৰোধৰ বাবে এখন আইনৰ হকে যুঁজ দি ২০১৫ চনত উক্ত ডাইনী তথা অন্ধবিশ্বাস প্ৰতিৰোধী বিধেয়ক অসম বিধানসভাত গৃহীত কৰাৰ পাছত এক দীঘলীয়া সংগ্ৰামৰ অন্তত ২০১৮ বৰ্ষৰ ১৩ জুনত ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত অনুমোদন জনাই আইনত পৰিণত কৰে।

পৰৱৰ্তী সময়ত অসমৰ গৃহ বিভাগে ২০১৮ চনৰ ১ অক্টোৱৰত আইনখন বলৱৎ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰে। মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই প্ৰেছ বিজ্ঞপ্তিটোত কয় যে, আইনখন বলবৎ হোৱাৰ পাছত যিধৰণে ডাইনী তথা অন্ধবিশ্বাস প্ৰতিৰোধী আইন সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই সজাগতা অভিযান চলাব লাগিছিল সেয়া আজিপৰ্যন্ত কাৰ্য্যত পৰিণত হোৱা নাই।

ৰাজ্য চৰকাৰৰ বিয়াগোম স্বাস্থ্য, শিক্ষা আৰু সমাজ কল্যাণ বিভাগে এতিয়াও ৰাজ্যৰ বহু গ্ৰাম্য অঞ্চলত প্ৰকৃত পক্ষক এই সম্পৰ্কে স্পৰ্শ কৰিব পৰা নাই। নীল আৰু অভিজিতৰ হাত্যাকাণ্ডৰ পৰৱৰ্তী পৰ্য্যায়ত মুখ্য মন্ত্ৰীয়ে উৰা বাতৰি তথা অন্ধবিশ্বাস আদিৰ বিৰুদ্ধে ক্ষীপ্ৰতাৰে নিজ নিজ বিভাগক সজাগতা অভিযান চলাবলৈ নিৰ্দেশ দিছিল যদিও আজিলৈ বিভাগ সমূহে তেনেধৰণৰ কোনো সজাগতা অনুষ্ঠান আয়োজন নকৰিলে বুলিও শইকীয়াই উল্লেখ কৰে।

আনহাতে, বকো থানাৰ অন্তৰ্গত দগাঁৱত সংঘটিত অন্ধবিশ্বাসৰ নামত ঘটা উক্ত ঘটনাত জড়িত এজনো ব্যক্তিক আজি তৃতীয় দিনাও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱা কথাটোক মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে কঠোৰ সমালোচনা কৰি এনে ধৰণৰ ঘটনাই মানৱ অধিকাৰউলংঘন কৰে আৰু এই মানৱ অধিকাৰ উলংঘনৰ বাবে বিভাগীয়-চৰকাৰী কৰ্তৃপক্ষ দায়ী বুলি অভিযোগ কৰে।