NORTHEAST NOW (Assamese)

কৰ’নাৰ ভেকচিন তৈয়াৰ কৰি সমগ্ৰ বিশ্বতে সুখ্যাতি অর্জন কৰিছে বিধায়িকা সুমনে; কটাক্ষ দুলু আহমেদৰ

March 18, 2021 10:12 am · মৃদুল প্ৰীতম ডেকা
হাজোত অজাপত যোগদান কাৰ্যসূচী। ফটো: নৰ্থইষ্ট নাও।

দুলু আহমেদৰ নেতৃত্বত হাজোত ক্ৰমাৎ শক্তিশালী হৈছে অসম জাতীয় পৰিষদ।

হাজো সমষ্টিত বিধায়িকা তথা বিজেপি দলৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ বাবে তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰি সমষ্টিটোত জনপ্ৰিয়তাৰ দৌৰত আগবাঢ়িছে অজাপৰ প্ৰাৰ্থী গৰাকী।

ইয়াৰ মাজতে সমষ্টিটোৰ অগপ-কংগ্ৰেছ-বিজেপি ত্যাগ কৰি সহস্ৰাধিক লোকে বুধবাৰে অসম জাতীয় পৰিষদত যোগদান কৰে।

এই যোগদান কাৰ্যসূচীতে দুলু আহমেদে সুমন হৰিপ্ৰিয়াক কটাক্ষ কৰি কয় যে সুমনে অসমত থাকিব নালাগে আমেৰিকালৈ যাওক।

কৰ’নাৰ ভেকচিন তৈয়াৰ কৰি সমগ্ৰ বিশ্বতে সুমনে সুখ্যাতি অর্জন কৰিছে বুলিও কটাক্ষ কৰে দুলু আহমেদে।

উল্লেখযোগ্য যে আজি হেলিকপ্টাৰেৰে গৈ গুৱাহাটীত মনোনয়ন দাখিল কৰিব দুলু আহমেদে।

Related News