NORTHEAST NOW (Assamese)

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত বিধ্বস্ত অগপ, উঠিছে দল ত্যাগৰ ধুম

March 13, 2021 3:22 pm · কাজী জেইদুল ইছলাম
Updated: March 13, 2021 3:44 pm

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত বিধ্বস্ত হৈ পৰিছে অগপ।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজ্যত সঘনাই সলনি হৈছে ৰাজনৈতিক সমীকৰণ ৷

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে প্ৰতিটো ৰাজনৈতিক দলত ক্ষোভৰ উদগীৰণ ঘটোৱা দেখিবলৈ পোৱা গৈছে ৷

ইয়াৰ ব্যতিক্ৰম ঘটা নাই অগপ দলতো।

সাম্প্ৰতিক পৰিস্থিতিত কোনোৱাই হয়তো কংগ্ৰেছ ত্যাগ কৰি বিজেপিত আন কোনোৱাই বিজেপি ত্যাগ কৰি অগপত  যোগদান কৰিছে৷

এইদৰেই দলীয় প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত সঘনাই সলনি হৈছে ৰাজনৈতিক সমীকৰণ ৷

সমান্তৰালভাৱে চতিয়াতো অগপ দলৰ  শতাধিক কৰ্মীয়ে দল ত্যাগৰ দৰে সিদ্ধান্তত উপনীত হৈছে ৷

বিশ্বনাথ সমষ্টিৰ টিকট অগপ দলৰ প্ৰবীণ হাজৰিকাক মিত্ৰজোঁট চৰকাৰৰ লগত মিলিত হৈ থকা অগপ দলে নিদিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে দলীয় বিষয়ববীয়া তথা কৰ্মী ৷

সেয়ে চতিয়াত দলীয় বিষয়ববীয়াসকল মিলিত হৈ বিশ্বনাথ সমষ্টিৰ চতিয়া মৌজাৰ অগপ নগৰ কমিটি , ৬ নং আঞ্চলিক আৰু ৪ নং আঞ্চলিকৰ শতাধিক বিষয়ববীয়াই অগপ দলৰ পৰা পদত্যাগ কৰে ৷

ফলত সমষ্টিটোত গভীৰ সংকটৰ গৰাহত পৰিব মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী।

Related News