বোকাখাত মহকুমাত কোভিড১৯ ৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিছে৷
ইয়াৰেই বেছি সংখ্যক লোক বৰ্হিৰাজ্যৰ পৰা আহি প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোক৷
বিভাগীয় তথ্য মতে মহকুমাটোত এই পর্যন্ত ১০২ গৰাকী লোকৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰিছে৷ ইয়াৰ বেছিভাগেই বহিঃৰাজ্যৰ পৰা অহা যুৱক।
কোভিড ১৯ সংক্ৰমণৰ এই সংখ্যাই এতিয়া শংকিত কৰিছে বোকাখাতৰ জনসাধাৰণক৷ কোভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ লগতে বোকাখাত মহকুমা প্ৰশাসনে লোৱা বিভিন্ন ব্যৱস্থাৱলীৰ পাছতো একাংশ লোক, বিত্তীয় আৰু ব্যৱসায়ী প্ৰতিষ্ঠানৰ কৰ্মকাণ্ডই মহকুমাতোলৈ সমস্যা কঢ়িয়াই আনিছে৷
মহকুমাটোৰ একাংশ বিত্তীয় প্ৰতিষ্ঠান, এটিম আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানত গ্ৰাহকে সঘনাই সামাজিক দুৰত্বৰ নীতি উলংঘা কৰা দেখা গৈছে৷ মহকুমা প্ৰশাসনতো বাদেই ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্রীগৰাকীযয়ে জনসাধাৰণক মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা আদিৰ বাবে জনোৱা আহ্বানেও এই বিত্তীয় আৰু ব্যৱসায় প্রতিষ্ঠানৰ বিষয়া-কৰ্মচাৰী সকলৰ গা লৰাব পৰা নাই।
এনে পটভুমিত বােকাখাত মহকুমাতাে গন সংক্ৰমণ ভয়ংকৰ আশংকা বৃদ্ধি পাইছে৷
উল্লেখ্য যে মহকুমাটোৰ বােকাখাত আৰু কঁহৰাৰ ১৪ টা কোৱাৰেন্টাইন চেণ্টাৰত সম্প্ৰতি বহিঃৰাজ্যৰ পৰা অহা ৬১ জনক লোকক ৰখা হৈছে। ইয়াৰ ভিতৰত কঁহৰাৰ অৰণ্য লজত ১১ জন, জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্রী নিৱাসত ৫ জন, হিন্দী হাইস্কুলত ৪১ জন আৰু চি এন বি মহাবিদ্যালয়ত ৪ জনক লোকক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে।
অন্যহাতে, কঁহৰাৰ বেজ বৈষ্ণৱ আদর্শ চিকিৎসালয়ক ৪ জুলাইৰ পৰা কোভিড চিকিৎসালয়লৈ ৰূপান্তৰিত কৰি কভিড চিকিৎসা আৰম্ভ কৰা হৈছে৷ সম্প্ৰতি কহঁৰাৰ এই কোভিড চিকিৎসালয়ত কভিড ১৯ সংক্ৰমিত ৫ জন লোকক আজিৰে পৰা চিকিৎসা আৰম্ভ কৰা হৈছে৷
ইফালে যোৱা কালি বোকাখাতৰ দুজন লোকৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমন পোৱা গৈছে৷ ইয়াৰে এজন গোলাঘাটৰ নিবাসী আৰু কাজিৰঙাৰ ডিৰিঙৰ এটা ভাড়াঘৰত অস্থায়ী ভাৱে থকা হিৰণ্য দত্ত আৰু আন জন ব্যক্তি হ’ল আমটেঙা গাঁৱৰ নিবাসী আৰু বহিৰাজ্যৰ পৰা অহা অনুপ কুটম৷
জানিব পৰা মতে, গােলাঘাট নিৱাসী হিৰণ্য দত্তৰ স্বাব পৰীক্ষা কৰাত আজি পজিটিভ বুলি পােৱা যায়। আজি কাজিৰঙাৰ দিৰিত এটা ভাৰাঘৰত থকা গোলাঘাট নিবাসী হিৰণ্য দত্ত কোভিড-১৯ ৰোগত আক্রান্ত হোৱাৰ কথা প্রচাৰ যোৱাৰ লগে লগে সমগ্র কাজিৰঙা অঞ্চলত আতঙ্কময় পৰিৱেশৰ সৃষ্টি হয়।
হিৰণ্য দত্ত নামৰ লোকজনে কাজিৰঙাৰ গেলেকীৰ ‘বনভিলা’ নামৰ এখন ব্যক্তিগত পর্যটন নিরাসত ব্যক্তিগত খৰচত কোৱাৰেন্টাইন হৈ আছিল। কোৱাৰেণ্টাইন হৈ থকা সময়ত স্বাৱ পৰীক্ষাৰ ফলাফল অহাৰ পূর্বেই তেওঁ কোৰেন্টাইনৰ পৰা নীতিবৰ্হিভূত ভাৱে ওলাই আহি দিৰিঙৰ এজন লােকৰ ঘৰত ভাৰালৈ থাকিবলৈ লয়।
কোভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ সকলাে নীতি-নির্দেশনা অমান্য কৰি এই লোকজনে কঁহৰা বজাৰত থকা চেলুনত চুলি কটোৱাৰ লগতে এখন হোটেলেত আহাৰ গ্ৰহন কৰি কেইবাজনাে সংগীৰ সৈতে কাজিৰঙাৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল।
এই লোকজনৰ স্বোৱাব পৰীক্ষা কভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰাত এতিয়া কাজিৰঙাত সন্ত্ৰাসৰ সৃষ্টি হৈছে৷ সম্প্ৰতি কভিড ১৯ৰ দ্বাৰা সংক্ৰমিত অনুপ কুটুম আৰু হিৰণ্য দত্তক প্ৰশাসনে কোভিড১৯ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।