হিমাচলত ভয়াবহ বান-ভূমিস্খলন : আৱদ্ধ অসমৰ শতাধিক লোক

65620-bcgghhlwjf-1502678778

হিমাচল প্ৰদেশত বান-ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ মোকাবিলা কৰাত ব্যস্ত সংশ্লিষ্ট কৰ্তৃপক্ষ। ফটো : ইন্টাৰনেটৰ সৌজন্যত

বিগত ২৪ ঘন্টা ধৰি প্ৰৱল বৃষ্টিপাতৰ আৰু ভূমিস্খলনৰ ফলত হিমাচল প্ৰদেশত যাতায়ত ব্যৱস্থা প্ৰায় স্তব্ধ হৈ পৰিছে। হিমাচলৰ বান-ভূমিস্খলনত অসমৰ পৰা যোৱা প্ৰায় শতাধিক লোক আৱদ্ধ হৈ আছে। ৰাজ্যখনৰ চাম্বা জিলাত অসমৰ শতাধিক লোক আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে।

অসমৰ বিভিন্ন ঠাইৰ পৰা গৈ হিমাচলত আৱদ্ধ হৈ পৰা লোকসকল গেমন ইণ্ডিয়াৰ প্ৰকল্পত কৰ্মৰত আছিল। তিনিদিন ধৰি এই লোকসকলে আৱদ্ধ হৈ থকাৰ ফলত তথা খাদ্যৰ অভাৱত লোকসকলৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাতৰি পোৱা গৈছে।

আনহাতে, আবদ্ধসকলৰ ওচৰত উদ্ধাৰকাৰী দল উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে। এই আৱদ্ধ হৈ পৰা লোকসকলে উদ্ধাৰকাৰী দলৰ সৈতে যোগাযোগ কৰাতো ব্যৰ্থ হৈছে।

ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা হিমাচললৈ যোৱা লোকসকলৰ ভিতৰত নগাঁও জিলাৰ এটা পৰিয়ালহ ৬০গৰাকী লোক আৱদ্ধ হৈ আছে। একেদৰে বঙাইগাঁৱৰো এটা পৰিয়ালহ ৩০গৰাকী লোক আৱদ্ধ হৈ আছে। আৱদ্ধ হৈ পৰা লোকসকলৰ ভিতৰত বাকী লখিমপুৰ জিলাৰ ১৪জন, হোজাইৰ দুজন, কোকৰাঝাৰ জিলাৰ ৫জন লোক আছে।

সোমবাৰে প্ৰৱল বৰষুণৰ ফলত হিমাচলৰ কেইবাঠাইতো ভূমিস্খলন হয়। ভূমিস্খলনৰ ফলত হোৱা ক্ষতিৰ বাবে ৰাজ্যখনৰ ১০০ টাতকৈয়ো অধিক পথত যাতায়ত বন্ধ হৈ পৰিছে। বিভিন্ন স্থানত আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে এছ ডি আৰ এফৰ অবিযান অব্যাহত আছে।

বতৰ বিজ্ঞান কেন্দ্ৰই এই সপ্তাহত কাংৰা, চাম্বা আৰু হামিৰপুৰ জিলাকে ধৰি ৰাজ্যখনৰ কেইবাটাও স্থানত প্ৰৱল বৃষ্টিপাতৰ কথা সদৰী কৰিছে।

ইপিনে অসমৰ আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে অসম চৰকাৰে হিমাচল প্ৰদেশ চৰকাৰৰ লগত যোগাযোগ কৰাটো জৰুৰী হৈ পৰিছে। কিয়নো আৱদ্ধ হৈ পৰা লোকসকলে তাত এতিয়াও সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত ব্যৰ্থ হৈছে।