NORTHEAST NOW (Assamese)

আজৱ দেশ ভাৰতবৰ্ষ! এটা ঘোঁৰাৰ শেষকৃত্য সম্পন্ন কৰিবলৈ ক’ৰ’না বিধি ভাঙি ওলাই আহিল সহস্ৰাধিক লোক,চাওঁক ভিডিঅ’

May 24, 2021 4:14 pm · এন ই নাও নিউজ

সঁচাকৈয়ে আজৱ দেশ ভাৰতবৰ্ষ। যিটো সময়ত দেশত প্ৰতি দিনে কাল ক’ৰ’নাৰ গ্ৰাসত পৰি হাজাৰ হাজাৰ লোকে মৃত্যুক সাৱটি লৈছে সেই সময়তে এটা ঘোঁৰাৰ শেষকৃত্য অনুষ্ঠানত ওলাই আহিল সহস্ৰাধিক লোক।

কোভিড প্ৰ’টোকল, সামজিক দূৰত্ব আদি কথাবোৰ যেন ক’ৰৱাতে পৰি ৰ’ল। ঘটনাটো কৰ্ণাচকৰ। কৰ্ণাটকৰ বেলাগাভি জিলাত দেওবাৰে মৃত্যু ঘটিছিল এটা ঘোঁৰাৰ।

সেই অঞ্চলৰ লোক সকলে দীৰ্ঘদিন ধৰি ঘোঁৰাটোক দৈৱিক ঘোঁৰা হিচাবে মানি আহিছিল।

ঘোঁৰাটোৱেই সমগ্ৰ অঞ্চলটোক নানান অঘটনৰ পৰা ৰক্ষা কৰি অহা বুলি স্থানীয় লোকসকলে বিশ্বাস কৰিছিল। সেইবাবেই ঘোঁৰাটোৰ মৃত্যুৰ পিছতে ঘোঁৰাটোৰ শেষকৃত্য অনুষ্ঠানলৈ বেলাগাভিকে ধৰি কাষৰীয়া বহু অঞ্চলৰ পৰা হাজাৰ হাজাৰ লোক ওলাই আহিল।

এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া দেশ জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।কোভিড বিধি উলংঘা কৰি এনেদৰে হাজাৰ হাজাৰ লোক ওলাই অহাৰ কথাটোক কোনেও সহজভাবে ল’ব পৰা নাই।

বেলাগাভিৰ প্ৰশাসনে সমগ্ৰ বিষয়টোৰ তদন্ত কৰা হ’ব বুলি ঘোষণা কৰিছে।কৰ্ণাটকৰ গৃহমন্ত্ৰী বাসৱৰাজ বোম্বাইয়ে ঘটনাটোৰ বাবে জগৰীয়া লোকসকলক শাস্তি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে।

উল্লেখ্য দেশত এতিয়া ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যাই ৩ লাখৰ ঘৰ অতিক্ৰম কৰিছে।

বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ দেশত মৃত্যু ঘটিছে ৪ হাজাৰ ৪৫৪ গৰাকী লোকৰ।

Related News