• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰী সলনি হ’ল কিয় ?

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
May 24, 2021 4:24 pm
CM & Ex CM
947
VIEWS
Share on FacebookShare on Twitter

যোৱা মে’ মাহৰ ২ তাৰিখে অসম বিধান সভা নিৰ্বাচনৰ ফলাফল ঘোষণা দিয়াৰ পাছত অসমৰ প্ৰায় সকলো জনতাক উৎকণ্ঠাৰ মাজলৈ ঠেলি দিয়া প্ৰশ্নটোৱে আছিল— মুখ্যমন্ত্ৰী কোন হ’ব ? উৎকণ্ঠাৰ সূত্ৰপাত এই কাৰণেই হৈছিল যে যদিও ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ’ব তাক প্ৰক্ষেপ কৰা হোৱা নাছিল, তথাপিও সকলোৰে অনুমেয় ধাৰণাটো আছিল যে যদিহে নিৰ্বাচনত মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰে তেন্তে মিত্ৰজোঁটৰ সৰ্ববৃহৎ দল হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰাই কোনো এজন মুখ্যমন্ত্ৰী হ’ব। মুখ্যমন্ত্ৰীকেন্দ্ৰীক প্ৰশ্নৰ উৎত্থাপন হ’লেই বিৰোধী দলৰ ফালৰপৰা উত্তৰ দিয়া হৈছিল যে যিহেতু অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এখন চৰকাৰে কোনো ধৰণৰ প্ৰতিবন্ধকতা নোহোৱাকৈ পাঁচটা বছৰ অতিক্ৰম কৰিলে গতিকে আন বিকল্প এজনৰ কথা চিন্তা-চৰ্চা কৰাতো হৈছে বিজেপি দলক পাকে-প্ৰকাৰন্তৰে বিবাদলৈ ঠেলি দিয়া এক ব‍্যাহ‍্যিক ষড়যন্ত্ৰহে মাথোঁ। দুই এক কট্টৰ বিজেপিয়ে এঢাপ আগুৱাই গৈ টপ্ টপাই ক’লে যে মুখ্যমন্ত্ৰী কোন হ’ব বা নহ’ব সি একোটা দল বা জোঁটৰ একেবাৰে আভ্যন্তৰীণ বিষয় আৰু তাক নিৰ্ণয় কৰাৰ কৰ্তৃত্ব কেৱল দলৰ শীৰ্ষ নেতৃত্ব অথবা বিধায়িনী দলৰ মাজতে আবদ্ধ থাকে। সাধাৰণ জনতাই কোন মুখ্যমন্ত্ৰী হ’ব ধৰণৰ কথাত মাত মতাৰ এক্তিয়াৰ নাথাকে।এতিয়া প্ৰাসংগিক।

প্ৰশ্নটো হ’ল- যদিহে সাধাৰণ জনতাৰ মুখ্যমন্ত্ৰী কোন হ’ব ধৰণৰ বিষয়ত মাত মতাৰ অধিকাৰ নাথাকে তেন্তে দলসমূহে কিহৰ বাবে নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে! এনেধৰণে কোনো এজন লোকক মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰাৰ উদ্দেশ্য হৈছে সাধাৰণ ভোটাৰ জনতাই প্ৰক্ষেপিত প্ৰাৰ্থীজনৰ যোগ্যতা, জনপ্ৰিয়তা অথবা বিশ্বাসযোগ্যতা বিবেচনা কৰি এটা দলৰ সপক্ষত ভোট দিয়াৰ সুযোগ সৃষ্টি কৰা। কেতিয়াবা কেতিয়াবা মানুহে দল একোটাক ভাল নাপালেও বা দলটোৰ সাৰ্বিক গ্ৰহণযোগ্যতা নাথাকিলেও কোনো এজন নেতাৰ প্ৰতি আকৰ্ষিত হৈহে দল এটাক আদৰি লয়। ২০১৬ৰ বিধান সভা নিৰ্বাচনত অসমৰ জনসাধাৰণে বিজেপি দলক বৰপীৰা পাৰি দিয়াৰ অন্তৰালত বিজেপি দলৰ গ্ৰহণযোগ্যতাতকৈ নৰেন্দ্ৰ মোদীৰ লহৰ আৰু মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ ‘জাতীয় নায়ক’ ভাৱমূৰ্তিটোৱে বিশেষ কাম দিছিল বুলি ভাৱিব পাৰি। আমি বিশ্বাস কৰো যে ৰাজনৈতিক দলসমূহে গণতান্ত্ৰিক অধিকাৰ অধিক সুদৃঢ় কৰাৰ স্বাৰ্থত সাধাৰণ জনতাই কেনেধৰণৰ লোকক তেওঁলোকৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে তাকো গভীৰভাৱে বিবেচনা কৰিব লাগে। দলৰ হাইকামাণ্ড আৰু বিধায়িনী দলে মুখ্যমন্ত্ৰী নিৰ্বাচন কৰা প্ৰক্ৰিয়াত নিম্নোক্ত ধৰণৰ পক্ষপাতিত্ব আৰু আজ্ঞাবাহী হৈ থকাৰ বিষয়বোৰে প্ৰাধান্য পায় বুলি ভাৱিব পাৰি।

পক্ষপাতিত্বৰ জোৱাৰ : ভাৰতীয় জাতীয় কংগ্ৰেছ বা ভাৰতীয় জনতা পাৰ্টিৰ নিচিনা অতিকেন্দ্ৰীক দলসমূহত দলৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি সততে অনুগত হৈ থকাৰ ওপৰতেই নিৰ্ভৰ কৰে দলৰ আশিস। গতিকে দলৰ হাইকামাণ্ডৰ প্ৰতিটো আজ্ঞা নতশিৰে মানি লোৱাজনৰ প্ৰতিয়েই পক্ষপাতিত্বৰ জোৱাৰ উঠে। হাইকামাণ্ডে মুখ্যমন্ত্ৰী নিৰ্ধাৰণ কৰি দিয়া প্ৰক্ৰিয়াটো সংঘীয় চিন্তাৰ (Federal Principles) পৰিপন্থী বুলি আমি ভাৱো আৰু বহুক্ষেত্ৰত ইয়ে আধিপত্যবাদী মনোভাৱো দাঙি ধৰে।

আজ্ঞাবাহী হোৱাৰ প্ৰৱণতা : দেখা যায় যে বিধান সভা নিৰ্বাচনী সময়ত যি কেইজন প্ৰভাৱশালী নেতাই নিজৰ ফলীয়া সৰ্বোচ্চ সংখ‍্যক লোকক দলৰ টিকট দিব পাৰে সেইসকলেই মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হৈ উঠে। বিধায়িনী দলত নিজৰ ফলীয়া যিমান সংখ্যক বিধায়ক ৰাখিব পৰা যায় সিমানেই এজন নেতাৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা বাঢ়ে। তেনে ক্ষেত্ৰত বহু যোগ্য নেতাক লেংমাৰি অৰ্থ আৰু বাহুবলৰ জৰিয়তে বহুতকে মুখ্যমন্ত্ৰী হোৱা দেখা যায়। গতিকে সাধাৰণ জনতাৰ বিবেচনাকো গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। যিহেতু দলীয় ভাৱে বিধায়িনী দলৰ পৰা ঠিক কৰা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এজনৰ ক্ষেত্ৰত উল্লিখিত দুই কাৰকে ক্ৰিয়া কৰে সেয়েহে তেনে ভাৱে ঠিক কৰা প্ৰাৰ্থী এজনৰ যোগ্যতাক লৈ বহু প্ৰশ্ন থাকি যায়।

আমি আন্তৰিকতাৰে বিশ্বাস কৰো যে ২০১৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিয়ে যদি সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰিলেহেঁতেন তেন্তে বিজেপি দলে উক্ত নিৰ্বাচনত আশা কৰা ধৰণে ফলাফল লাভ নকৰিলেহেঁতেন। বিগত পাঁচটা বছৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যিমানখিনি সফল বা বিফল হ’ল তাৰ একক কৃতিত্ব বা দায়বদ্ধতা যাব সৰ্বানন্দ সোণোৱালৰ হাতলৈ। সেয়েহে মিত্ৰজোঁট চৰকাৰ পুনঃ প্ৰতিষ্ঠাৰ লগে লগে আমি ধৰি লৈছো যে যিহেতু ভোটাৰ ৰাইজৰ বিগত সময়ৰ শাসনৰ প্ৰতি মোহভংগ নঘটিলে সেয়েহে পুনৰ তেওঁলোককে জয়যুক্ত কৰিলে। অৰ্থাৎ ভোটাৰে ৰাইজে সৰ্বানন্দ সোণোৱালৰ নেতৃত্ব মানি লৈছিল বাবেই পুনৰ সেই একে নেতৃত্বত চৰকাৰ এখন গঠন কৰক বুলি ভোটদান কৰিছিল। এতিয়া লাখটকীয়া প্ৰশ্নটো হৈছে- মিত্ৰজোঁটে একক সংখ‍্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতো অথবা বিজেপি দলে ২০১৬ৰ বিধান সভা নিৰ্বাচনত লাভ কৰা আসনৰ সমান সংখ্যক আসন লাভ কৰাৰ পিছতো সোণোৱালক মূখ্যমন্ত্ৰী পতাৰ সলনি ড০ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পতা হ’ল কিয়?

আমাৰ দৃষ্টিত মুখ্যমন্ত্ৰী সলনি কৰাৰ কাৰণ বোৰ এনেধৰণৰ—
আঞ্চলিকতাবাদী ভাৱমূৰ্তীৰ সলনি হিন্দুত্ববাদী ভাৱমূৰ্তী:  ২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি দলে এগৰাকী কট্টৰ হিন্দুত্ববাদীৰ সলনি এনে এখন মুখ অসমৰ জনসাধাৰণৰ আগত প্ৰক্ষেপ কৰিবলৈ বিচাৰিছিল— যিজনে অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিক প্ৰতিনিধিত্ব কৰাৰ লগতে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ নামত নিজকে সমৰ্পিত কৰিছে। দৈৱক্ৰমে আইএমডিটি গোচৰৰ আৱেদনকাৰী হ’ব পৰাৰ সৌভাগ্যতে সৰ্বানন্দ সোণোৱালৰ গাত এনে এক ‘আঞ্চলিকতাবাদী’ বা ‘জাতীয়তাবাদী’ ভাৱধাৰৰ ব্ৰেণ্ড লাগি ধৰিছিল। সেয়েহে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলক আঁতৰাবলৈ ‘জাতি, মাটি, ভেটি’ ৰ শ্লোগানেৰে সৰ্বানন্দক আগবঢ়াই দিয়া হৈছিল। পাঁচটা বছৰ অতিক্ৰম কৰাৰ পিছত, বিশেষকৈ নাগৰিকত্ব (সংশোধনী) আইন প্ৰণয়ন কৰাৰ পিছত বিজেপিয়ে বুজি পালে যে পুনৰ ‘জাতি, মাটি আৰু ভেটি’ৰ ৰ্কাডখন আৰু নচলিব। এতিয়া লাগিব কট্টৰ হিন্দুত্ববাদৰ চিৰপৰিচিত ‘বিজেপি’ ৰ্কাডখন। সেয়েহে নতুন শ্লোগান হিচাপত অনা গ’ল ‘মোগল আক্ৰমণ’, ‘সভ্যতাৰ যুজঁ’ ইত্যাদি ইত্যাদি। অতি সন্তৰ্পণে মোগলৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ আৰু সভ্যতা ৰক্ষা কৰিবলৈ আগবঢ়াই দিয়া হ’ল ড০ হিমন্ত বিশ্ব শৰ্মাক। গতিকে মুখ্যমন্ত্ৰী সলনি কৰাৰ আচল পৰিকল্পনা ৰচনা কৰা হৈছিল নিৰ্বাচনৰ বহু পূৰ্বেই।

দক্ষতাৰ প্ৰসংগ: যদিও ‘ডাবল’ ইঞ্জিন বুলি কোৱা হয়, কিন্তু প্ৰকৃতাৰ্থত বিগত পাঁচটা বছৰে চৰকাৰখন ভুলে-শুদ্ধে চলাইছিল ড০ হিমন্ত বিশ্ব শৰ্মাই। মানুহক প্ৰতিশ্ৰুতি দিয়া, বাস্তৱত কিছু শতাংশ কাম কৰা, আভুৱা ভাঁৰা আদি সকলো কৰিছিল ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰ চলোৱা কোনো অভিজ্ঞতা নথকা সোণোৱালৰ কৰ্তৃত্ব প্ৰশাসনৰ কোনো স্তৰতে প্ৰতিষ্ঠাপিত হোৱা নাছিল। আনকি চৰকাৰে লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত সোণোৱাল আছিল একেবাৰে নিমাত। সেই অৰ্থত ড০ হিমন্ত বিশ্ব শৰ্মাই পাচঁটা বছৰ অকলে চৰকাৰখন চলাই আছিল বুলি সজোৰে কৃতিত্ব লোৱাৰ সুযোগ সৃষ্টি কৰি লৈছিল।

২০২৪ চনৰ লোকসভা নিৰ্বাচন: তদুপৰি সমাগত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে উত্তৰ-পূৰ্বাঞ্চলত সফলতা অৰ্জন কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা যে অপৰিহাৰ্য তাকো বিজেপিৰ কেন্দ্রীয় নেতৃত্বই গভীৰ ভাৱে বিবেচনা কৰিছিল। সেয়েহে তেওঁক ৰাজ্য চৰকাৰৰ শীৰ্ষ পদটোত অধিস্থিত কৰাটো অতীৱ জৰুৰী বুলি ভবা হৈছিল। তাৰ বাবে সকলো জল্পনা-কল্পনা আঁতৰাই অসমত হিন্দুত্ববাদী ৰাজনৈতিক ভাৱধাৰা অধিক শক্তিশালী কৰাৰ বাবে আগবঢ়াই দিয়া হ’ল ড০ হিমন্ত বিশ্ব শৰ্মাক‌। তিনিখন বৃহৎ ৰাজ্যত দলটোৱে শোচনীয় ব্যৰ্থতা প্ৰদৰ্শন কৰাৰ পাছত অসমখন বিজেপিৰ দখলত ৰখাৰ স্বাৰ্থত সম্বৱতঃ ইয়ে আছিল একমাত্ৰ বিকল্প।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd