NORTHEAST NOW (Assamese)

হাজাৰ হাজাৰ ভোটাৰক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি বিজেপিয়ে জয়ী হোৱাৰ দিবাস্বপ্ন দেখিছে : ভবেন চৌধুৰী

April 27, 2024 6:05 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: April 27, 2024 5:43 pm

লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিনটোতে উত্তৰ পূব সীমান্ত ৰে’লৱেই বৰাকলৈ যোৱা ছখনকৈ ৰে’ল বাতিল কৰা, সাতখনকৈ ৰে’লৰ যাত্ৰা আধাতে সামৰা আৰু তিনিখন ৰে’লৰ সময় সলনি কৰাৰ দৰে ঘটনাক সহজভাৱে লোৱা নাই আম আদমি পাৰ্টীয়ে। 

এক প্ৰেছ বিজ্ঞপ্তিযোগে দলৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে কয় যে অসমত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপিৰ হতাশাজনক প্ৰদৰ্শনে দলটোক হতাশ কৰিছে। পূৰ্বে “মিঞাৰ ভোট নালাগে” বুলি দম্ভালি মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ প্ৰচাৰত মিঞা তুষ্টিকৰণত ত্ৰুটি কৰা নাছিল। এই সংখ্যালঘু ভোটাৰেই শিলচৰ আৰু কৰিমগঞ্জ সমষ্টিত বিজেপিৰ জয়-পৰাজয়ৰ কাৰক হিচাপে দলটোৱে চিহ্নিত কৰা সময়তে ভোটদানৰ দিনটোতে বৃহৎ সংখ্যক ৰে’ল বাতিল, আদবাটতে যাত্ৰা সমাপ্ত কৰা ঘটনাই সন্দেহৰ সৃষ্টি কৰিছে। কাৰণ এই ৰে’লসমূহত সেই দিনটোত হাজাৰ হাজাৰ সংখ্যালঘু ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰে’লসমূহত ভ্ৰমণ কৰিছিল আৰু ৰে’ল বিভাগৰ সেৱা তৎক্ষাণিকভাৱে বাতিল কৰাত তেওঁলোকে ভোটদান কৰিব পৰা নাছিল।

সভাপতি চৌধুৰীয়ে কয় যে ভোটাৰক ভোটদানৰ পৰা কৌশলেৰে বঞ্চিত কৰি নিৰ্বাচনত জয়ী হোৱাৰ দিবাস্বপ্ন দেখিছে। অসমৰ জনতাই ইতিমধ্যে বুজি উঠিছে যে বিজেপিৰ শাসন দেশৰ বাবে অতি মাৰাত্মক। যোৱা দহ বছৰত দেশৰ সম্পদৰাজী ব্যক্তিগত কোম্পানীক গতাই দি সমগ্ৰ দেশতে বিত্তীয় অসমতাৰ সৃষ্টি কৰিলে। কোম্পানীবোৰৰ পৰা বিজেপিয়ে কোটি কোটি চান্দা লৈ সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিত অৰিহণা যোগাই মধ্য আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীক জীয়াই থকাৰ বাবেও জ্বলা-ক’লা খুৱাইছে।

Related News